--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:সম্প্ৰতি ভাৰতীয় ৰাজনীতিত নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ যুটি সেই জয়-বিজয়ৰ যুটিৰ দৰেই। বাহ্যিকভাৱে দেখা পোৱা ৰাজনতিক সম্বন্ধই নহয়, পাৰিবাৰিক সম্বন্ধতো দুয়োগৰাকী ককাই-ভাই— একে পিতৃৰ সন্তান, বিশ্বাস কৰিব নে? আনহে নালাগে বিৰোধী কংগ্ৰেছৰ মূল নেত্ৰী ছোনিয়া গান্ধীৰো পিতৃ পৰিচয় মোদী-শ্বাহৰ সৈতে একে— এইটোও বিশ্বাস কৰিব নে ? কেৱল সিমানেই নহয়, ক্ৰিকেটৰ ভগৱান খ্যাত কিংবদন্তী ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ আৰু বলীউডৰ প্ৰখ্যাত অভিনেত্ৰী তথা বিশ্ব সুন্দৰী ঐশ্বৰ্য ৰায়ৰ পিতৃও একেগৰাকীয়েই, তেওঁৰ নাম কালিম উল্লাহ খান— বিশ্বাস হ'ব নে আপোনালোকৰ ? নিশ্চয় ই অবিশ্বাস্য বুলিয়েই উৰুৱাই দিব।

আপুনি বিশ্বাস নকৰিলেও, উৰাবাতৰি বুলি উৰুৱাই দিলেও পিছে এয়াই সত্য। মোদী, শ্বাহ, ছোনীয়া গান্ধী, অখিলেশ যাদৱ, শচীন, ঐশ্বৰ্য সহিতে সৰ্বমুঠ তিনিশ সন্তানৰ পিতৃ এই কলিম উল্লাহ খান। কোনো আপত্তি-অভিমান নথকায়ৈই নিতৌ এই তিনিশ সন্তানৰ লালন-পালন কৰি আহিছে কলিম উল্লাহ খান নামৰ এই ৮২ বছৰীয়া বৃদ্ধ গৰাকীয়ে।

অৱশ্যে মোদীৰ পৰা ঐশ্বৰ্যলৈ, এই তিনিশ সন্তান কালিম উল্লাহ খানৰ ঔৰষত জন্ম হোৱা মানৱ সন্তান নহয়, এই সকলো সন্তানৰে মানস পিতৃহে অশীতিপৰ বৃদ্ধগৰাকী। প্ৰকৃততে ভাৰতৰ মেংগো মেন খ্যাত কলিম উল্লাহ খান নামৰ এই বৃদ্ধ গৰাকীৰ বাগিচাত আছে শচীন, ঐশ্বৰ্য সহিতে তিনিশ প্ৰজাতিৰ বিশেষ আম। কালিম উল্লাহ খানে বছৰ বছৰ ধৰি এই আমগছ সমূহৰ লালন-পালন কৰি আহিছে। ৰাতিপুৱা বিচনাৰ পৰা শুই উঠাৰ পিছতে প্ৰায় এক মাইল দূৰত্ব খোজ কাঢ়ি এই মানস পুত্ৰ সদৃশ বাগিচা অভিমুখে যাত্ৰা কৰে মেংগো মেন খানে।

তেওঁৰ নিজ ভাষ্য অনুসৰি, বাগিচাখনৰ ওচৰ চাপি অহাৰ লগে লগে তেওঁৰ পদচালনা দ্ৰুত হৈ পৰে, দুচকুত জ্বলি উঠে অপাৰ আশা। মালিহাবাদত থকা তেওঁৰ এই বাগিচাখনক কেইবা দশক ধৰি প্ৰখৰ ৰ'দত কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰতিদান স্বৰূপে পোৱা পুৰস্কাৰ বুলি অভিহিত কৰে খানে। কৈশোৰতে বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষা এৰি দিয়াৰ পিছত গ্ৰাফ্টিঙৰ প্ৰথম পৰীক্ষণত নামি পৰিছিল মেংগো মেন কালিম উল্লাহ খান। প্ৰথমে তেওঁ সাতটা নতুন প্ৰজাতিৰ ফল উৎপাদন কৰিবলৈ এজোপা গছত গ্ৰাফ্টিং কৰি লালন-পালন কৰিছিল যদিও ধুমুহাৰ ফলত ভাঙি পৰিছিল খান।

কিন্তু ইয়াৰ পিছতো উদ্যম হেৰুওৱা নাছিল খানে আৰু ইয়াৰ পৰিণতিতে ১৯৮৭ চনত তেওঁৰ এই গৌৰৱ আৰু আনন্দৰ উৎস বাগিচাখন গঢ় লৈ উঠে। কালিম উল্লাহ খানে উল্লেখ কৰা মতে বাগিচাখনত ১২০ বছৰ পুৰণি প্ৰজাতিৰ লগতে ৩০০ তকৈও অধিক বিভিন্ন প্ৰকাৰৰ আমৰ উৎস আছে। প্ৰত্যেকৰে আছে নিজস্ব সোৱাদ, গাঁথনি, ৰং আৰু আকাৰ। আনহাতে বলীউড তাৰকা তথা ১৯৯৪ চনৰ মিছ ৱৰ্ল্ড সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী ঐশ্বৰ্য ৰায়ৰ নামেৰে তেওঁ ‘ঐশ্বৰ্য’ নামেৰে এবিধ নতুন প্ৰজাতিৰ আমৰ জন্ম দিয়ে। খানৰ মতে বৰ্তমানলৈকে তেওঁৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টিৰ ভিতৰত ঐশ্বৰ্য অন্যতম।

"এই আমটো অভিনেত্ৰীগৰাকীৰ দৰেই ধুনীয়া। এটা আমৰ ওজন এক কিলোগ্ৰামতকৈও অধিক হয়। ইয়াৰ বাহিৰৰ ছালখন ৰঙা ৰঙৰ হয় আৰু ইয়াৰ সোৱাদ অতি মিঠা।"- খানে কয়।

সেইদৰে ক্ৰিকেটৰ ভগৱান শচীনৰপ্ৰতি সন্মান জনাই তেওঁ জন্ম দিয়ে শচীন নামত আমৰ প্ৰজাতিটোৰ। খানৰ মতে, মানুহ আহিব আৰু যাব, কিন্তু আমবোৰ চিৰকাল থাকিব। বহু বছৰৰ পিছত যেতিয়াই এই শচীন নামৰ আমবিধ খাব, মানুহে ক্ৰিকেটৰ নায়ক গৰাকীক মনত পেলাব।

তদুপৰি কালিম উল্লাহ খানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ছোনিয়া গান্ধী, অমিত শ্বাহ, অখিলেশ যাদৱৰ লগতে আন কেইবাগৰাকীও লোকৰ সন্মানাৰ্থে বেলেগ বেলেগ প্ৰজাতিৰ আম গঢ় দিছে। খানৰ মতে "মানুহৰ দুটা আঙুলিৰ ছাপ একে নহয়। সেইদৰে কোনো দুটা আমৰ প্ৰকাৰো একে নহয়। প্ৰকৃতিয়ে মানুহৰ দৰে একে বৈশিষ্ট্যৰে আম উপহাৰ দিছে।"

গ্ৰাফ্টিং কৰাৰ বাবে তেওঁ এক জটিল পদ্ধতি ব্যৱহাৰ কৰে। এই পদ্ধতিৰে তেওঁ এটা প্ৰজাতিৰ পৰা ডাল এটা কাটি আন এটা প্ৰজাতিৰ গছত সংযোগ কৰি টেপেৰে বান্ধি ৰাখে। এই নতুন গাঁঠনিটো মজবুত হোৱাৰ পিছত ওপৰৰ টেপটো আঁতৰাই দিয়া হয়। “ইয়া পিছত এই নতুন প্ৰজাতিটো পৰৱৰ্তী ঋতুৰ ভিতৰত সাজু হোৱাৰ লগতে দুবছৰৰ পিছত এক নতুন প্ৰজাতি বহন কৰিব বুলি মই আশা কৰোঁ।"— তেওঁ লগতে কয়।

কালিম উল্লাহ খানে এই চমকপ্ৰদ দক্ষতাৰ বাবে যথেষ্ট সন্মান লাভ কৰিছে। ২০০৮ চনত তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মানৰ ভিতৰত অন্যতম পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হয়। লগতে তেওঁ এই বিশেষ গুণৰ বাবে ইৰাণ আৰু সংযুক্ত আৰৱ আমিৰাতলৈও আমন্ত্ৰণ লাভ কৰিছিল।

কালিম উল্লাহ খানৰ মতে তেওঁ মৰুভূমিতো আম গছ গজাই তুলিব পাৰে। আমৰ বাগিচা খনৰ প্ৰতি থকা তেওঁৰ অভূতপূৰ্ব প্ৰেমৰ বাবে শেহতীয়াকৈ তেওঁ বাগিচাৰ ওচৰতে থকা খেতিপথাৰৰ লগতে এটা নতুন ঘৰ নিৰ্মাণ কৰি তাত বসবাস কৰিবলৈ লৈছে। শেষ উশাহলৈকে তেওঁ এই বাগিচাখনৰ "

FOLLOW US F
POPULAR
FEATURE
TRENDY
বহি:ৰাজ্যত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
ৰাজা হত্যাকাণ্ড, চোহৰাত 'ক্ৰাইম ছীন ৰিক্ৰিয়েশ্যন'
ব্ৰহ্মপুত্ৰৰ খহনীয়াত ঘৰ-বাৰী সকলো হেৰুওৱা ছায়িদা মাৰিয়া সুখ্যাতিৰে উত্তীৰ্ণ NEET পৰীক্ষাত
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?