--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰে ২৪ দিনৰ পিছত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিছে৷ উচ্চতম ন্যায়ালয়ে জুবেইৰক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰাৰ পিছত আৰু তেওঁৰ বিৰুদ্ধে পঞ্জীয়ন কৰা ছয়টা গোচৰত 'আপত্তিজনক টুইট'ৰ বাবে তাৎক্ষণিকভাৱে মুক্তি দিয়াৰ পাছতে আজি সন্ধিয়া জুবেইৰক কাৰাগাৰৰ পৰা মুক্তি দিয়া হয়৷ 

উচ্চতম ন্যায়ালয়ে কয়, আমি কোনো কাৰণ আৰু যৌক্তিকতা বিচাৰি নাপাওঁ। আমি আৱেদনকাৰীক সকলো ক্ষেত্ৰতে ৩২ অনুচ্ছেদৰ অধীনত তৎক্ষণাৎ জামিনত মুক্তি দিয়াৰ নিৰ্দেশ দিছোঁ৷ উল্লেখযোগ্য যে, জুবেইৰক ২০১৮ চনত তেওঁ পোষ্ট কৰা এটা টুইটৰ জৰিয়তে ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে ২৭ জুনত গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ বিৰুদ্ধে আইপিচিৰ ধাৰা ১৫৩এ (কেৱল সংঘৰ্ষ কৰাৰ উদ্দেশ্যৰে প্ৰৰোচনা দিয়া) আৰু ২৯৫এ (যিকোনো শ্ৰেণীৰ ধৰ্ম বা ধৰ্মীয় বিশ্বাসক অপমান কৰি ধৰ্মীয় অনুভূতিক ক্ষুব্ধ কৰাৰ উদ্দেশ্যে কৰা ইচ্ছাকৃত আৰু বিদ্বেষপূৰ্ণ কাৰ্য)ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল।

তাৰ পিছত দিল্লী আৰক্ষীয়ে বিদেশী অনুদান লাভ কৰাৰ অভিযোগত ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ধাৰা ২০১ (প্ৰমাণ নাইকিয়া কৰা), ১২০বি (অপৰাধমূলক ষড়যন্ত্ৰ), আৰু বিদেশী অৱদান নিয়ন্ত্ৰণ আইনৰ (এফচিআৰএ) ধাৰা ৩৫ প্ৰয়োগ কৰি বন্দী কৰি ৰাখিছিল জুবেইৰক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ