--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগত বুধবাৰে সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা। অঞ্চলটোত নিৰ্মীয়মান দলং এখন খহি পৰাৰ ফলত দুজন শ্ৰমিক নিহত হোৱাৰ লগতে আঠ গৰাকী লোক আহত হয়। বুধবাৰে পুৱাৰ ভাগত নিৰ্মাণাধীন দলংখনৰ লোৰ ৰডৰ জাল শ্ৰমিকসকলৰ ওপৰত বাগৰি পৰাৰ পিছত এই শোকাৱহ ঘটনা সংঘটিত হয়।

দলংখনৰ প্ৰাথমিক ভেটি নিৰ্মাণৰ বাবে নিৰ্মাণ কৰা লোৰ গাঁথনিৰ ভিতৰত আৱদ্ধ হৈ মৃত্যুক সাবটি লোৱা শ্ৰমিক দুজন হৈছে ক্ৰমে কানহাইয়া কুমাৰ (১৮) আৰু পংকজ কুমাৰ (২৪)। ১৮ বৰ্ষীয় কানহাইয়া উত্তৰ প্ৰদেশৰ অমৃতপুৰৰ বাসিন্দা আছিল।

আনহাতে আন গৰাকী মৃত ব্যক্তি পংকজ উত্তৰ প্ৰদেশৰ আলিগঞ্জৰ বাসিন্দা আছিল। জানিব পৰা মতে মৃত ব্যক্তিকেইজনৰ আত্মীয়সকলেও একেটা প্ৰকল্পতে কাম কৰি আছিল।

লোৰ এই জালখনে শ্ৰমিক দুগৰাকীক হেঁচা মাৰি ধৰাৰ পিছত তেওঁলোকক উদ্ধাৰ কৰাৰ বাবে প্ৰায় দুঘণ্টা ধৰি উদ্ধাৰ অভিযান চলিছিল। এছডিআৰএফ, ডিডিআৰএফৰ যুটীয়া দলে অগ্নি নিৰ্বাপক বিভাগৰ বিষয়া আৰু স্থানীয় আৰক্ষীৰ সহযোগত এই অভিযান চলাইছিল।

অৱশেষত দুঘণ্টা ধৰি চলা অভিযানৰ অন্তত লোৰ জাল কাটি দুয়ো গৰাকী লোককে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে কানহাইয়া আৰু পংকজ- দুয়োকে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়ত তেওঁলোকক মৃত বুলি ঘোষণা কৰে।

ৰুদ্ৰপ্ৰয়াগৰ জিলা দণ্ডাধীশ ময়ূৰ দীক্ষিতৰ মতে নিৰ্মীয়মান দলংখনত কাৰিকৰী বিফলতাৰ বাবে তললৈ খহি পৰে। সমগ্ৰ উদ্ধাৰ অভিযানৰ পৰ্যবেক্ষণ কৰি থকা দীক্ষিতে লগতে এই ঘটনাৰ বাবে দায়ী সকলৰ বিৰুদ্ধে আইনী আৰু প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। জানিব পৰা মতে প্ৰকল্পটোৰ মেনেজাৰ গৰাকীক ৰুদ্ৰপ্ৰয়াগ আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ