--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগত বুধবাৰে সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা। অঞ্চলটোত নিৰ্মীয়মান দলং এখন খহি পৰাৰ ফলত দুজন শ্ৰমিক নিহত হোৱাৰ লগতে আঠ গৰাকী লোক আহত হয়। বুধবাৰে পুৱাৰ ভাগত নিৰ্মাণাধীন দলংখনৰ লোৰ ৰডৰ জাল শ্ৰমিকসকলৰ ওপৰত বাগৰি পৰাৰ পিছত এই শোকাৱহ ঘটনা সংঘটিত হয়।

দলংখনৰ প্ৰাথমিক ভেটি নিৰ্মাণৰ বাবে নিৰ্মাণ কৰা লোৰ গাঁথনিৰ ভিতৰত আৱদ্ধ হৈ মৃত্যুক সাবটি লোৱা শ্ৰমিক দুজন হৈছে ক্ৰমে কানহাইয়া কুমাৰ (১৮) আৰু পংকজ কুমাৰ (২৪)। ১৮ বৰ্ষীয় কানহাইয়া উত্তৰ প্ৰদেশৰ অমৃতপুৰৰ বাসিন্দা আছিল।

আনহাতে আন গৰাকী মৃত ব্যক্তি পংকজ উত্তৰ প্ৰদেশৰ আলিগঞ্জৰ বাসিন্দা আছিল। জানিব পৰা মতে মৃত ব্যক্তিকেইজনৰ আত্মীয়সকলেও একেটা প্ৰকল্পতে কাম কৰি আছিল।

লোৰ এই জালখনে শ্ৰমিক দুগৰাকীক হেঁচা মাৰি ধৰাৰ পিছত তেওঁলোকক উদ্ধাৰ কৰাৰ বাবে প্ৰায় দুঘণ্টা ধৰি উদ্ধাৰ অভিযান চলিছিল। এছডিআৰএফ, ডিডিআৰএফৰ যুটীয়া দলে অগ্নি নিৰ্বাপক বিভাগৰ বিষয়া আৰু স্থানীয় আৰক্ষীৰ সহযোগত এই অভিযান চলাইছিল।

অৱশেষত দুঘণ্টা ধৰি চলা অভিযানৰ অন্তত লোৰ জাল কাটি দুয়ো গৰাকী লোককে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে কানহাইয়া আৰু পংকজ- দুয়োকে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়ত তেওঁলোকক মৃত বুলি ঘোষণা কৰে।

ৰুদ্ৰপ্ৰয়াগৰ জিলা দণ্ডাধীশ ময়ূৰ দীক্ষিতৰ মতে নিৰ্মীয়মান দলংখনত কাৰিকৰী বিফলতাৰ বাবে তললৈ খহি পৰে। সমগ্ৰ উদ্ধাৰ অভিযানৰ পৰ্যবেক্ষণ কৰি থকা দীক্ষিতে লগতে এই ঘটনাৰ বাবে দায়ী সকলৰ বিৰুদ্ধে আইনী আৰু প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। জানিব পৰা মতে প্ৰকল্পটোৰ মেনেজাৰ গৰাকীক ৰুদ্ৰপ্ৰয়াগ আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন