--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একেদিনাই দুগৰাকী যুৱতীক বিয়া পাতিলে যুৱকে! শুনি আচৰিত যেন লাগিলেও এই কথা সত্য।  পুৱা প্ৰেমিকাৰ সৈতে ক’ৰ্ট মেৰেজ আৰু নিশা ঘৰৰ পচন্দৰ যুৱতীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় যুৱকজন। 

উত্তৰ প্ৰদেশৰ গোৰখপুৰত ঘটিছে এই ঘটনা। দিনৰ ভাগত তেওঁ প্ৰেমিকাৰ সৈতে আদালতত উপস্থিত হৈ ক’ৰ্ট মেৰেজ সম্পন্ন কৰিলে। ৰাতি পৰিয়ালৰ লোকে পচন্দ কৰা অনুসৰি বৰযাত্ৰীক লগত লৈ আন এগৰাকী ছোৱালীক বিয়া পাতিলে। বিষয়টো পোহৰলৈ অহাত বিৰাট হুলস্থুলৰ সৃষ্টি হয়। এতিয়া পুলিচ ব্যস্ত হৈ পৰিছে সত্য বিচাৰি উলিওৱাত। 

ঘটনাটো গোৰখপুৰৰ হৰপুৰ বুঢ়াত অঞ্চলৰ। যেতিয়া যুৱকজনৰ প্ৰেমিকাই এই প্ৰতাৰণাৰ উমান পাইছিল, তেতিয়া তেওঁ প্ৰেমিকৰ ঘৰ পালেগৈ, কিন্তু প্ৰেমিকৰ পৰিয়ালৰ লোকে প্ৰেমিকাক খেদি পঠিয়ালে। ইয়াৰ পিছত তেওঁ আৰক্ষীৰ ওচৰত ন্যায়ৰ বাবে আবেদন জনায়।

প্ৰেমিকাগৰাকীয়ে কয় যে তেওঁ যুৱকজনক চাৰি বছৰ পূৰ্বে লগ পাইছিল। লাহে লাহে দুয়োৰে মাজত ঘনিষ্ঠতা বাঢ়ি আহিছিল আৰু প্ৰথমে মন্দিৰতে বিয়া পাতিছিল। ইয়াৰ পিছত তেওঁলোকে লিভ-ইনত থাকিবলৈ আৰম্ভ কৰিলে। ছোৱালীজনীয়ে কয় যে এই সময়ছোৱাত যুৱকজনে তেওঁক দুবাৰকৈ গৰ্ভপাত কৰাইছিল। যুৱকজনৰ পৰিয়ালে যেতিয়া তেওঁৰ বিয়াখন আন ঠাইত ঠিক কৰিলে, তেতিয়া প্ৰেমিকাই এই বিষয়ে প্ৰেমিকক প্ৰশ্ন কৰে। যুৱকজনে তেওঁক বুজাই দিলে যে যদি তেওঁলোকে ক’ৰ্ট মেৰেজ সম্পন্ন কৰে তেন্তে পৰিয়ালৰ লোকে সন্মতি দিবলৈ বাধ্য হ’ব। ক’ৰ্ট মেৰেজৰ তাৰিখটোও সেইদিনা ৰখা হৈছিল যিদিনা পৰিয়ালৰ লোকে ঘৰৰ পৰা বিয়া ঠিক কৰিছিল। 

প্ৰেমিকজনে চতুৰতাৰে আদালতৰ বিয়াৰ তাৰিখটো সেইদিনা ৰাখিছিল যিটো দিনত তেওঁৰ পৰিয়ালে তেওঁৰ বিবাহ নিৰ্ধাৰণ কৰিছিল। বিয়াৰ দিনা ৰাতিপুৱাই প্ৰেয়সীৰ কাষ পালে যুৱকজনে। আদালত খোলাৰ লগে লগে দুয়োজনে আদালতত উপস্থিত হৈ আদালতত বিয়া পাতিলে। বিয়াৰ পিছত দুয়ো নিজ নিজ ঘৰলৈ গুচি গ’ল। যুৱকজনে আকৌ এবাৰ প্ৰেমিকাক আশ্বাস দিলে যে তেওঁ নিজৰ পৰিয়ালক পতিয়ন নিয়াব। 

কিন্তু সন্ধিয়া যুৱকজনে বৰযাত্ৰীসকলক লগত লৈ ঘৰৰ পৰা ঠিক কৰা কইনা আনিবলৈ গ’ল। বৰযাত্ৰীসকলক উষ্ম আদৰণি জনায় কইনাঘৰীয়াই। নীতি-নিয়মমতে বিবাহ সম্পন্ন কৰি যুৱকজনে কইনাক লগত লৈ ঘৰলৈ উভতিল। প্ৰেয়সীয়ে যেতিয়া গম পালে যে যুৱকজনে পুনৰ বিয়া কৰাইছে, তেতিয়া তেওঁৰ ভৰিৰ তলৰ মাটি খহি পৰিল। তেওঁ চিধাই প্ৰেমিকৰ ঘৰত উপস্থিত হ’ল কিন্তু যুৱকজনৰ পৰিয়ালে তেওঁৰ লগত অসৎ আচৰণ কৰি উভতাই পঠিয়ায়। ছোৱালীজনীয়ে নিজৰ অভিযোগ লৈ আৰক্ষীৰ কাষ চাপে। এই সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশ দিছে আৰক্ষী অধীক্ষকে।

যুৱকজনক সোধা-পোছাৰ বাবে আৰক্ষীয়ে মাতিছিল যদিও তেওঁ এতিয়া পলাতক অৱস্থাত আছে। তেওঁৰ পৰিয়ালৰ লোকো সন্ধানহীন হৈ আছে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। যিয়ে অন্যায় কাম কৰিছে তেওঁক শাস্তি দিয়া হ’ব বুলি আৰক্ষীয়ে আশ্বাস দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন