--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : চীনা সৈন্যই লাডাখত দুখন নতুন গাঁও স্থাপন কৰাৰ তথ্য প্রকাশ পাইছে। এই তথ্য প্ৰকাশ পোৱাৰ পাছতে ভাৰত চৰকাৰে দেশখনৰ ওচৰত ইয়াৰ তীব্র প্রতিবাদ জনাইছে। ভাৰতে কূটনৈতিক মাধ্যমেৰে ইয়াৰ প্ৰতিবাদ কৰি দেশখনক স্পষ্টভাৱে জনাই দিয়ে যে এনেধৰণৰ কার্যকলাপ কোনোপধ্যেই গ্রহণযোগ্য নহয়। ভাৰত চৰকাৰৰ তৰফৰ পৰা কোৱা হয় যে উক্ত অঞ্চলটোত চীনৰ বেদখলক ভাৰতে কেতিয়াও মানি নলয়।
 

উল্লেখযোগ্য যে চীনে অলপতে হোটন প্রদেশত দুখন নতুন গাঁও স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল। এই গাঁও দুখনৰ একাংশ ভাৰতৰ লাডাখ কেন্দ্রীয়শাসিত অঞ্চলৰ ভিতৰত পৰিছে । সংসদত অলপতে এই বিষয়টো উত্থাপন কৰি চীনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সোধা প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰী কীৰ্তি বর্ধনে কয় যে চৰকাৰে এই নিৰ্মাণকাৰ্যৰ বিৰোধিতা কৰি চীনৰ ওচৰত আপত্তি দাখিল কৰিছে। তেওঁ লগতে কয় যে চীনে অঞ্চলটোক আন্তঃগাঁথনিৰ বিকাশ কৰি থকা বুলিও চৰকাৰে তথ্য লাভ কৰিছে। 

মন্ত্ৰীজনে কয়, 'ভাৰত চৰকাৰে ভাৰতীয় অঞ্চলত চীনৰ দখল কেতিয়াও মানি লোৱা নাই। নতুন গাঁও নির্মাণে অঞ্চলটোত ভাৰতৰ সাৰ্বভৌমত্বক লৈ দীর্ঘ দিন গ্ৰহণ কৰি অহা স্থিতিক প্ৰভাৱিত নকৰে আৰু চীনৰ এই অবৈধ তথা বলপূর্বক দখলক বৈধ বুলি ভাৰতে গ্ৰহণ নকৰে। ইয়াৰ অৰ্থ হ'ল ভাৰতে চীনৰ এই পদক্ষেপ কোনোপধ্যেই মানি নলয়।' তেওঁ লগতে কয় যে ভাৰত চৰকাৰে দেশখনৰ নিৰাপত্তাত প্ৰভাৱ পেলাব পৰা সকলো ঘটনাৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিছে আৰু নিজৰ অখণ্ডতা তথা সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্রহণ কৰিছে। মন্ত্ৰীজনে লগতে কয় যে ভাৰতে চীন সীমান্তত নতুন পথ, সুৰংগ তথা দলঙৰ ক্ষিপ্ৰতাৰে নিৰ্মাণকাৰ্য চলাই আছে। ইয়াৰ দ্বাৰা স্থানীয় লোকৰ বাবে যোগাযোগ ব্যৱস্থা উন্নত হৈছে আৰু নিৰাপত্তা বাহিনীসমূহৰো সুবিধা হৈছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ