--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : চীনা সৈন্যই লাডাখত দুখন নতুন গাঁও স্থাপন কৰাৰ তথ্য প্রকাশ পাইছে। এই তথ্য প্ৰকাশ পোৱাৰ পাছতে ভাৰত চৰকাৰে দেশখনৰ ওচৰত ইয়াৰ তীব্র প্রতিবাদ জনাইছে। ভাৰতে কূটনৈতিক মাধ্যমেৰে ইয়াৰ প্ৰতিবাদ কৰি দেশখনক স্পষ্টভাৱে জনাই দিয়ে যে এনেধৰণৰ কার্যকলাপ কোনোপধ্যেই গ্রহণযোগ্য নহয়। ভাৰত চৰকাৰৰ তৰফৰ পৰা কোৱা হয় যে উক্ত অঞ্চলটোত চীনৰ বেদখলক ভাৰতে কেতিয়াও মানি নলয়।
 

উল্লেখযোগ্য যে চীনে অলপতে হোটন প্রদেশত দুখন নতুন গাঁও স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল। এই গাঁও দুখনৰ একাংশ ভাৰতৰ লাডাখ কেন্দ্রীয়শাসিত অঞ্চলৰ ভিতৰত পৰিছে । সংসদত অলপতে এই বিষয়টো উত্থাপন কৰি চীনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সোধা প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰী কীৰ্তি বর্ধনে কয় যে চৰকাৰে এই নিৰ্মাণকাৰ্যৰ বিৰোধিতা কৰি চীনৰ ওচৰত আপত্তি দাখিল কৰিছে। তেওঁ লগতে কয় যে চীনে অঞ্চলটোক আন্তঃগাঁথনিৰ বিকাশ কৰি থকা বুলিও চৰকাৰে তথ্য লাভ কৰিছে। 

মন্ত্ৰীজনে কয়, 'ভাৰত চৰকাৰে ভাৰতীয় অঞ্চলত চীনৰ দখল কেতিয়াও মানি লোৱা নাই। নতুন গাঁও নির্মাণে অঞ্চলটোত ভাৰতৰ সাৰ্বভৌমত্বক লৈ দীর্ঘ দিন গ্ৰহণ কৰি অহা স্থিতিক প্ৰভাৱিত নকৰে আৰু চীনৰ এই অবৈধ তথা বলপূর্বক দখলক বৈধ বুলি ভাৰতে গ্ৰহণ নকৰে। ইয়াৰ অৰ্থ হ'ল ভাৰতে চীনৰ এই পদক্ষেপ কোনোপধ্যেই মানি নলয়।' তেওঁ লগতে কয় যে ভাৰত চৰকাৰে দেশখনৰ নিৰাপত্তাত প্ৰভাৱ পেলাব পৰা সকলো ঘটনাৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিছে আৰু নিজৰ অখণ্ডতা তথা সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্রহণ কৰিছে। মন্ত্ৰীজনে লগতে কয় যে ভাৰতে চীন সীমান্তত নতুন পথ, সুৰংগ তথা দলঙৰ ক্ষিপ্ৰতাৰে নিৰ্মাণকাৰ্য চলাই আছে। ইয়াৰ দ্বাৰা স্থানীয় লোকৰ বাবে যোগাযোগ ব্যৱস্থা উন্নত হৈছে আৰু নিৰাপত্তা বাহিনীসমূহৰো সুবিধা হৈছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান