--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শিক্ষক বৃত্তিক সমাজৰ অতিকৈ পবিত্ৰ বৃত্তি হিচাপে গণ্য কৰা হয়৷ কিন্তু কেতিয়াবা শিক্ষকৰ কিছুমান কাণ্ডই লজ্জানত কৰে সভ্য সমাজক৷ পুনৰ শিক্ষকে কৰিলে এক লজ্জাজনক কাণ্ড৷ ঘটনাৰ স্থান ৰাজস্থান জয়পুৰৰ৷ জয়পুৰৰ ছেণ্ট জেভিয়াৰ্ছ স্কুলৰ নিখিল জছ নামৰ এনচিচিৰ শিক্ষক এজনে ছাত্ৰীলৈ প্ৰেৰণ কৰিছিল অশ্লীল মেছেজ৷ শিক্ষকজনে ছাত্ৰীসকলক মদ খাবলৈ লগ ধৰাৰ লগতে হোষ্টেলৰ বাহিৰত লগ কৰাৰ অশালীন প্ৰস্তাৱ দিছিল৷

এজনী দুজনী নহয় ১০গৰাকীকৈ ছাত্ৰীক এই মেছেজ প্ৰেৰণ কৰিছিল লম্পট শিক্ষকজনে৷ শিক্ষক নিখিল জছৰ এই মেছেজ পাই ছাত্ৰীসকল হতভম্ব হয়৷ ছাত্ৰীকেইগৰাকীয়ে আলোচনা কৰি শিক্ষক নিখিল জছক এশিকনি দিয়াৰ সিদ্ধান্ত লয়৷ ভুক্তভোগী ছাত্ৰীকেইগৰাকীয়ে ছ'চিয়েল মিডিয়াত শিক্ষক নিখিল জছৰ বিৰুদ্ধে কেম্পেইন আৰম্ভ কৰে৷

ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে নিখিলে ছাত্ৰীকেইগৰাকীলৈ প্ৰেৰণ কৰা অশ্লীল মেছেজ৷ ৰাজস্থান আৰক্ষীয়ে শিক্ষকজনক আটক কৰি তেওঁৰ মোবাইল ফোন জব্দ কৰে আৰু তদন্তৰ অন্তত সেয়া সত্য প্ৰমাণিত হয়৷ ছেণ্ট জেভিয়াৰ্ছ স্কুলে নিখিল জছক বহিষ্কাৰ কৰে৷ বৰ্তমান আৰক্ষীৰ জিম্মাত নিখিল জছ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু