--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ সঞ্জয় দত্তৰ পৰা ছলমান খানলৈকে, ৰাখী সাৱন্তৰ পৰা ৰিয়া চক্ৰৱৰ্তীলৈকে। দেশৰ অন্যতম ব্যয়বহুল আৰু আগশাৰীৰ অধিবক্তা সতীশ মানশিন্দে বাৰে বাৰে বলীউডৰ সংকট মোছক হিচাপে কিয় আত্মপ্ৰকাশ কৰিছে? স্মৰ্তব্য যে, প্ৰমোদতৰীত ড্ৰাগছৰ গোচৰত অভিযুক্ত বাদশ্বাহ পুত্ৰক হাতেলোতে ধৰা পেলাইছিল সতীশ মানশিন্দেই। দেশত অইন অধিবক্তা নথকা নহয় তেনেস্থলত সতীশ মানশিন্দেৰ নাম বাৰে বাৰে কিয় চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে? তেওঁৰ বিশেষত্ব কি? তেওঁৰ পাৰিশ্ৰমিক কিমান?


উল্লেখ্য যে, ১৯৮৩ চনত সতীশ মানশিন্দে মুম্বাইলৈ আহিছিল। সেইসময়ত লৰ্ডছত অনুষ্ঠিত হৈছিল বিশ্বকাপ। তেতিেয়া দেশৰ অন্যতম শ্ৰেষ্ঠ অধিবক্তা ৰাম জেঠমালানীৰ সৈতে জুনিয়ৰ অধিবক্তা হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল সতীশে। জেঠমালানীৰ নেতৃত্বত একেৰাহে ১০বছৰ কাম কৰাৰ পাছত, সতীশে স্বতন্ত্ৰভাৱে ওকালতি আৰম্ভ কৰে। ১৯৯৩ চনত মুম্বাইত ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাত পদপ্ৰদীপলৈ আহিছিল সতীশ মানশিন্দে। সতীশে বলীউড তাৰকা সঞ্জয় দত্তৰ হৈ আদালতত ওকালতি কৰিছিল।

সঞ্জয় দত্তক বিস্ফোৰণৰ গোচৰত অভিযুক্ত বুলি কৰা দাবীৰ বিপৰীতে সতীশৰ শক্তিশালী আবেদনৰ বাবে জামিন পাইছিল তাৰকা অভিনেতা সঞ্জয় দত্তই। লাহে লাহে বলীউডৰে ভেটি মজবুত হৈ পৰে সতীশৰ। সতীশৰ বাবেই হাত সাৰিছিল ছলমান খানে। কৃষ্ণষাড় হৰিণৰ চোৰাং চিকাৰৰ গোচৰত অভিযুক্ত ছলমানৰ পক্ষত থিয় দিছিল সতীশে। ছলমানৰ জামিনৰ আঁৰৰ মূল নায়কত পৰিণত হৈছিল সতীশ। কেবল সেয়াই নহয়, ২০০২ চনত সুৰাপান কৰি গাড়ী চলোৱাৰ গোচৰতো নাম সাঙোৰ খাইছিল ভাইজানৰ।

সেই সময়তো সতীশ ছলমানৰ সহায়ক হৈ আছিল। সঞ্জয় দত্ত,ছলমান খানৰ দৰে প্ৰভাৱশালী ব্যক্তিৰ বাবে যুঁজ দিয়া সতীশৰ খ্যাতিৰ খতিয়ানৰ ইতিৰেখা ইয়াতেই টানিব নোৱৰি। সুশান্ত সিং ৰাজপুতৰ অস্বাভাৱিক মৃত্যুতো ৰিয়া চক্ৰৱৰ্তীৰ হৈ আদালতৰ কাষ চাপিছিল সতীশে। তাৰ পাছতে সলনি হয় সতীশৰ ভাগ্যদশা। বিতৰ্কৰে সাঙোৰ খাই পৰে তেওঁ। প্ৰশ্ন উত্থাপিত হৈছিল সতীশৰ পাৰিশ্ৰমিকক লৈ। বিভিন্ন সময়ত সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি সতীশ মানশিন্দেৰ এটা প্ৰশ্নৰ মূল্য ১০লাখ টকা। ৰিয়া চক্ৰৱৰ্তীয়ে সতীশৰ দৰে এজন ব্যয়বহুল উকীলৰ খৰচ কেনেদৰে চম্ভালি আছে তাকে লৈও প্ৰশ্ন উত্থাপিত হৈছিল। এইবাৰ শ্বাহৰুখ পুত্ৰৰ ভৱিষ্যতো সতীশ মানশিন্দেৰ হাততেই নেকি? সতীশে সলনি কৰিব পাৰিবনে আৰিয়ানৰ ভাগ্যদশা? সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ