--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ সঞ্জয় দত্তৰ পৰা ছলমান খানলৈকে, ৰাখী সাৱন্তৰ পৰা ৰিয়া চক্ৰৱৰ্তীলৈকে। দেশৰ অন্যতম ব্যয়বহুল আৰু আগশাৰীৰ অধিবক্তা সতীশ মানশিন্দে বাৰে বাৰে বলীউডৰ সংকট মোছক হিচাপে কিয় আত্মপ্ৰকাশ কৰিছে? স্মৰ্তব্য যে, প্ৰমোদতৰীত ড্ৰাগছৰ গোচৰত অভিযুক্ত বাদশ্বাহ পুত্ৰক হাতেলোতে ধৰা পেলাইছিল সতীশ মানশিন্দেই। দেশত অইন অধিবক্তা নথকা নহয় তেনেস্থলত সতীশ মানশিন্দেৰ নাম বাৰে বাৰে কিয় চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে? তেওঁৰ বিশেষত্ব কি? তেওঁৰ পাৰিশ্ৰমিক কিমান?


উল্লেখ্য যে, ১৯৮৩ চনত সতীশ মানশিন্দে মুম্বাইলৈ আহিছিল। সেইসময়ত লৰ্ডছত অনুষ্ঠিত হৈছিল বিশ্বকাপ। তেতিেয়া দেশৰ অন্যতম শ্ৰেষ্ঠ অধিবক্তা ৰাম জেঠমালানীৰ সৈতে জুনিয়ৰ অধিবক্তা হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল সতীশে। জেঠমালানীৰ নেতৃত্বত একেৰাহে ১০বছৰ কাম কৰাৰ পাছত, সতীশে স্বতন্ত্ৰভাৱে ওকালতি আৰম্ভ কৰে। ১৯৯৩ চনত মুম্বাইত ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাত পদপ্ৰদীপলৈ আহিছিল সতীশ মানশিন্দে। সতীশে বলীউড তাৰকা সঞ্জয় দত্তৰ হৈ আদালতত ওকালতি কৰিছিল।

সঞ্জয় দত্তক বিস্ফোৰণৰ গোচৰত অভিযুক্ত বুলি কৰা দাবীৰ বিপৰীতে সতীশৰ শক্তিশালী আবেদনৰ বাবে জামিন পাইছিল তাৰকা অভিনেতা সঞ্জয় দত্তই। লাহে লাহে বলীউডৰে ভেটি মজবুত হৈ পৰে সতীশৰ। সতীশৰ বাবেই হাত সাৰিছিল ছলমান খানে। কৃষ্ণষাড় হৰিণৰ চোৰাং চিকাৰৰ গোচৰত অভিযুক্ত ছলমানৰ পক্ষত থিয় দিছিল সতীশে। ছলমানৰ জামিনৰ আঁৰৰ মূল নায়কত পৰিণত হৈছিল সতীশ। কেবল সেয়াই নহয়, ২০০২ চনত সুৰাপান কৰি গাড়ী চলোৱাৰ গোচৰতো নাম সাঙোৰ খাইছিল ভাইজানৰ।

সেই সময়তো সতীশ ছলমানৰ সহায়ক হৈ আছিল। সঞ্জয় দত্ত,ছলমান খানৰ দৰে প্ৰভাৱশালী ব্যক্তিৰ বাবে যুঁজ দিয়া সতীশৰ খ্যাতিৰ খতিয়ানৰ ইতিৰেখা ইয়াতেই টানিব নোৱৰি। সুশান্ত সিং ৰাজপুতৰ অস্বাভাৱিক মৃত্যুতো ৰিয়া চক্ৰৱৰ্তীৰ হৈ আদালতৰ কাষ চাপিছিল সতীশে। তাৰ পাছতে সলনি হয় সতীশৰ ভাগ্যদশা। বিতৰ্কৰে সাঙোৰ খাই পৰে তেওঁ। প্ৰশ্ন উত্থাপিত হৈছিল সতীশৰ পাৰিশ্ৰমিকক লৈ। বিভিন্ন সময়ত সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি সতীশ মানশিন্দেৰ এটা প্ৰশ্নৰ মূল্য ১০লাখ টকা। ৰিয়া চক্ৰৱৰ্তীয়ে সতীশৰ দৰে এজন ব্যয়বহুল উকীলৰ খৰচ কেনেদৰে চম্ভালি আছে তাকে লৈও প্ৰশ্ন উত্থাপিত হৈছিল। এইবাৰ শ্বাহৰুখ পুত্ৰৰ ভৱিষ্যতো সতীশ মানশিন্দেৰ হাততেই নেকি? সতীশে সলনি কৰিব পাৰিবনে আৰিয়ানৰ ভাগ্যদশা? সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু