--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত ইজৰাইলৰ পক্ষত আৰু দেশ খনে পেলেষ্টাইনৰ বিৰোধিতা কৰে জাতীয় ধাৰণা বহুতৰে মনত দৃঢ় হোৱাৰ সময়তে পেলেষ্টাইনৰ প্ৰসংগত  ভাৰতে নিজৰ স্থিতি স্পষ্ট কৰিছে। কেন্দ্ৰীয় চৰকাৰে কৈছে যে  ভাৰতে এখন সাৰ্বভৌম, স্বাধীন ৰাষ্ট্ৰ হিচাবে  পেলেষ্টাইন স্থাপনত সমৰ্থন জনাইছে। 

নতুন দিল্লীয়ে ইজৰাইল-পেলেষ্টাইন যুদ্ধ পৰিস্থিতিৰ মাজতে  প্ৰথমবাৰৰ বাবে এনেদৰে  পেলেষ্টাইনৰ বিষয়ে মুকলিকৈ মন্তব্য কৰিছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে  কয়, "আমাৰ নীতি দীৰ্ঘম্যাদী আৰু স্থিৰ। ভাৰতে সদায়ে পেলেষ্টাইনক এখন সাৰ্বভৌম, স্বাধীন আৰু কাৰ্যকৰী ৰাষ্ট্ৰ হিচাবে স্থাপনৰ বাবে পোনপটীয়া আলোচনা আৰম্ভ কৰাৰ পক্ষপাতী। তেওঁলোকে সুৰক্ষিত আৰু স্বীকৃত সীমাৰ ভিতৰত বাস কৰিব লাগে আৰু ইজৰাইলৰ সৈতে শান্তিৰে একেলগে বাস কৰিব লাগে। ভাৰতৰ স্থিতি পূৰ্বৰ দৰে একেই আছে। "

৭ অক্টোবৰত পেসেষ্টাইনী সন্ত্ৰাসবাদী  হামাছে  ইজৰাইলৰ ওপৰত ৰকেট আক্ৰমণ কৰাৰ পিছত এই  বিষয়টোত ভাৰতৰ এয়া  প্ৰথম বিবৃতি। এই বিবৃতিয়ে বহুতৰে মনত থকা খুদুৱনি দূৰ কৰিব বুলি ধাৰণা কৰা হৈছে।  এই বিবৃতি এতিয়া  কূটনৈতিকভাবে গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইল-হামাছ সংঘৰ্ষৰ বিষয়ে দুবাৰকৈ মন্তব্য কৰিছিল। দুয়োবাৰেই  তেওঁ ইজৰাইলত হামাছৰ সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছিল।

 তেওঁ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে  ফোনত বাৰ্তালাপ কৰি  এই কঠিন সময়ত ভাৰত ইজৰাইলৰ কাষত আছে বুলি আস্বাস দিছিল।তেতিয়াৰে পৰা ৰাজনীতিকৰ লগতে কূটনীতিকসকলৰ মাজত পেলেষ্টাইন সম্পৰ্কে মোদী চৰকাৰৰ স্থিতি সম্পৰ্কে প্ৰশ্ন উত্থাপিত হৈ আহিছে। বহুতে ধাৰণা কৰিছে যে ভাৰতে স্বাধীন পেলেষ্টাইনৰ দাবীক সমৰ্থন কৰে যদিও ইছলামিক সন্ত্ৰাসবাদীৰ আক্ৰমণক কোনোপধ্যে মানি নলয়। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু