--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত ইজৰাইলৰ পক্ষত আৰু দেশ খনে পেলেষ্টাইনৰ বিৰোধিতা কৰে জাতীয় ধাৰণা বহুতৰে মনত দৃঢ় হোৱাৰ সময়তে পেলেষ্টাইনৰ প্ৰসংগত  ভাৰতে নিজৰ স্থিতি স্পষ্ট কৰিছে। কেন্দ্ৰীয় চৰকাৰে কৈছে যে  ভাৰতে এখন সাৰ্বভৌম, স্বাধীন ৰাষ্ট্ৰ হিচাবে  পেলেষ্টাইন স্থাপনত সমৰ্থন জনাইছে। 

নতুন দিল্লীয়ে ইজৰাইল-পেলেষ্টাইন যুদ্ধ পৰিস্থিতিৰ মাজতে  প্ৰথমবাৰৰ বাবে এনেদৰে  পেলেষ্টাইনৰ বিষয়ে মুকলিকৈ মন্তব্য কৰিছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে  কয়, "আমাৰ নীতি দীৰ্ঘম্যাদী আৰু স্থিৰ। ভাৰতে সদায়ে পেলেষ্টাইনক এখন সাৰ্বভৌম, স্বাধীন আৰু কাৰ্যকৰী ৰাষ্ট্ৰ হিচাবে স্থাপনৰ বাবে পোনপটীয়া আলোচনা আৰম্ভ কৰাৰ পক্ষপাতী। তেওঁলোকে সুৰক্ষিত আৰু স্বীকৃত সীমাৰ ভিতৰত বাস কৰিব লাগে আৰু ইজৰাইলৰ সৈতে শান্তিৰে একেলগে বাস কৰিব লাগে। ভাৰতৰ স্থিতি পূৰ্বৰ দৰে একেই আছে। "

৭ অক্টোবৰত পেসেষ্টাইনী সন্ত্ৰাসবাদী  হামাছে  ইজৰাইলৰ ওপৰত ৰকেট আক্ৰমণ কৰাৰ পিছত এই  বিষয়টোত ভাৰতৰ এয়া  প্ৰথম বিবৃতি। এই বিবৃতিয়ে বহুতৰে মনত থকা খুদুৱনি দূৰ কৰিব বুলি ধাৰণা কৰা হৈছে।  এই বিবৃতি এতিয়া  কূটনৈতিকভাবে গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইল-হামাছ সংঘৰ্ষৰ বিষয়ে দুবাৰকৈ মন্তব্য কৰিছিল। দুয়োবাৰেই  তেওঁ ইজৰাইলত হামাছৰ সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছিল।

 তেওঁ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে  ফোনত বাৰ্তালাপ কৰি  এই কঠিন সময়ত ভাৰত ইজৰাইলৰ কাষত আছে বুলি আস্বাস দিছিল।তেতিয়াৰে পৰা ৰাজনীতিকৰ লগতে কূটনীতিকসকলৰ মাজত পেলেষ্টাইন সম্পৰ্কে মোদী চৰকাৰৰ স্থিতি সম্পৰ্কে প্ৰশ্ন উত্থাপিত হৈ আহিছে। বহুতে ধাৰণা কৰিছে যে ভাৰতে স্বাধীন পেলেষ্টাইনৰ দাবীক সমৰ্থন কৰে যদিও ইছলামিক সন্ত্ৰাসবাদীৰ আক্ৰমণক কোনোপধ্যে মানি নলয়। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ