--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ উন্নাওত নিৰন্তৰ বৃদ্ধি পোৱা বিদ্যুতৰ মাচুলৰ বাবে অশান্তিগ্ৰস্ত হৈ এজন যুৱকে আত্মহত্যা কৰে। প্ৰথমে তেওঁৰ সৰু ঘৰটোত বিদ্যুতৰ মাচুল আহিছিল এক লাখ টকা, তাৰ পিছত পিছৰ মাহত আঠ হাজাৰ টকাৰ বিল এটাও আহে। যাৰ বাবেই যুৱকজন মানসিকভাৱে বিকাৰগ্ৰস্ত হৈ জীৱনৰ অন্ত পেলায়। পৰিয়ালৰ লোকে বিদ্যুৎ বিভাগৰ বিষয়াসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। 

ভুক্তভোগীৰ পিতৃয়ে কয় যে বিদ্যুতৰ মাচুল বৃদ্ধিৰ বাবে পুত্ৰই আত্মহত্যা কৰে। অভিযোগ কৰাৰ পিছতো শুনানি হোৱা নাই। একে সময়তে বিষয়াসকলে আত্মহত্যাৰ আঁৰৰ পাৰিবাৰিক কাৰণ উল্লেখ কৰিছে। সম্প্ৰতি ৰাজ্যৰ শক্তি মন্ত্ৰী এ কে শৰ্মাই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখিছে।


উল্লেখ্য যে সমগ্ৰ ঘটনা উন্নাওৰ আচলগঞ্জ থানা এলেকাৰ কুশলপুৰ ভাছাইনা গাঁৱত সংঘটিত হৈছে। য'ত শুভম ৰাজপুতে পৰিয়াল পোহপাল দিবলৈ কঠোৰ পৰিশ্ৰম কৰিছিল। শুভমৰ পিতৃ মহাদেৱৰ অভিযোগ যে বিভাগটোৰ গাফিলতিৰ বাবেই যোৱা মাহত তেওঁৰ ঘৰৰ বিদ্যুতৰ বিল এক লাখৰো অধিক প্ৰেৰণ কৰা হৈছিল। এই মাহতো বিদ্যুতৰ বিল আছিল ৮ হাজাৰ টকা। যাৰ বাবেই পুত্ৰই ইমান বিল কেনেকৈ পৰিশোধ কৰিব বুলি চিন্তা কৰিবলৈ ধৰিলে। এই হতাশাৰ বাবে যোৱাকালি অৰ্থাৎ বুধবাৰে শুভমে আত্মহত্যা কৰে।


২০২২ চনত শুভমে ৬০০ টকা জমা কৰি বিদ্যুৎ সংযোগ লৈছিল। উল্লেখ্য যে মৃতকৰ ঘৰত দুটা বাল্ব, এখন ফেন আৰু এটা টিভিৰ বাহিৰে আন কোনো বৈদ্যুতিক সঁজুলি নাই। ২০২৪ চনৰ ১ ছেপ্টেম্বৰত ১ লাখ ৯ হাজাৰ ২২১ টকাৰ বিদ্যুৎ বিল শুভমলৈ প্ৰেৰণ কৰে বিদ্যুৎ বিভাগে। বহুত দৌৰা-দৌৰি, অভিযোগৰ পিছত বিল ১৬,৩৭৭ টকালৈ হ্ৰাস কৰা হ’ল। শুভমে ১৪ ছেপ্টেম্বৰত কিবা উপায়েৰে ধন জমা কৰে । কিন্তু ৭ অক্টোবৰত পুনৰ বিদ্যুৎ বিভাগে বিল ৮,২২৩ টকালৈ বৃদ্ধি কৰে, যাৰ বাবে শুভম মানসিকভাৱে ভাগি পৰে ৷


ঘটনাৰ পিছতে পৰিয়ালৰ লোকৰ মাজত বিশৃংখলতাৰ সৃষ্টি হয়। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বিদ্যুৎ বিভাগৰ বৰ্ধিত বিলৰ তদন্তত পোহৰলৈ আহিছে যে সংশোধিত বিল ৮,২২৩ টকা- মাত্ৰ ১৫০ টকা। অনলাইন বিলৰ কিছু কাৰিকৰী বিজুতিৰ বাবে বিদ্যুৎ বিভাগৰ বিষয়াসকলে উচ্চ বিলৰ ব্যাখ্যা দিয়াৰ ওপৰিও বিষয়াসকলে পিতৃয়ে কৰা অভিযোগক ভুল বুলি আখ্যা দিছে।


এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত মধ্যাঞ্চল বিদ্যুৎ বিভাগৰ মুখ্য অভিযন্তা ৰামপ্ৰীত প্ৰসাদে কয় যে ‘‘বিদ্যুতৰ বিল বেছি হোৱাৰ বাবেই আচলগঞ্জৰ বাসিন্দা শুভমৰ আত্মহত্যাৰ খবৰ পোহৰলৈ আহিছে। পূৰ্বৰ এক লাখ টকাৰ বিল ১৬ হাজাৰ টকালৈ শুধৰণি কৰা হয়। সেই বিলখনৰ বাবদ ধন জমা কৰে শুভমে৷ অক্টোবৰ মাহত মিটাৰ ৰিডিঙত দেখুওৱা মূল্যও সংশোধন কৰি পৰিয়ালক অৱগত কৰা হয়। প্ৰতিটো ঘৰতে বিদ্যুত বিল শুধৰণি কৰা হ’ব।  কিন্তু ওচৰ-চুবুৰীয়া লোকৰ পৰা গম পোৱা গ’ল যে অত্যাধিক বিলৰ বাবে নহয়, যুৱকজনে পৰিয়ালৰ সমস্যাৰ বাবেহে এই পদক্ষেপ গ্ৰহণ কৰিলে।’’


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু