--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰতন টাটা মাথো এগৰাকী ব্যক্তি নহয় মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰতৰ বাবে এক প্ৰতিষ্ঠান স্বৰূপ। তেওঁ এনে এজন ব্যক্তি যি বিশ্বজুৰি দেশক প্ৰতিনিধিত্ব কৰিছিল। 

আজি অধিক সংখ্যক ভাৰতীয় কোম্পানীয়ে সঁচাকৈয়ে বহুজাতিক কোম্পানীত পৰিণত হৈছে, বাহিৰলৈ ওলাই গৈ বিশ্বজুৰি নিজ নিজ বজাৰত বিশ্বব্যাপী কোম্পানীসমূহৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে।এইদৰে প্ৰতিষ্ঠা লাভ কৰা উদ্যোগবোৰৰ ভিতৰত এটা আছিল ৰতনৰ নেতৃত্বত টাটা গ্ৰুপ যি লেণ্ড ৰভাৰ আদি কোম্পানী অধিগ্ৰহণ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ দৃষ্টিভংগী সঁচাকৈয়ে বিশ্বব্যাপী৷

বহিঃৰাজ্যলৈ গৈ ব্যৱসায়ৰ ক্ষেত্ৰত নিৰ্ভয়ে আগবাঢ়ি গৈছিল। তেওঁৰ এই পদক্ষেপে বহু ভাৰতৰ উদ্যোগী আৰু উদ্যোগিক পৰিয়াল সমূহক আত্মবিশ্বাস জগাই তুলিছিল  ‘আমিও ওলাই যাব পাৰো, প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰো, আৰু সফল হ’ব পাৰোঁ।’

ৰতন টাটা স্বাভাৱিকতে আছিল অতি সহজসৰল ব্যক্তিত্বৰ অধিকাৰী আছিল যে তেওঁ প্ৰথম সাক্ষাততে য্কোনো ব্যক্তিক বিশ্বাস কৰি লৈছিল আৰু সংবাদ মাধ্যমৰ প্ৰচাৰৰ পৰা আঁতৰি আছিল। তেওঁৰ প্ৰভাৱ কেৱল ব্যৱসায়তে সিমাবদ্ধ নাছিল৷তেওঁ নেতৃত্ব আৰু কৰ্মশৈলী কেনেকৈ বিকশা কৰিব পাৰি সেই কথা তেওঁ দেখুৱাই গ’ল।

ৰতন টাটা, ৰাহুল বাজাজ, বা ধীৰুভাই আম্বানীৰ দৰে ব্যক্তিৰ জীৱন, ব্যৱসায়িক সিদ্ধান্ত তথা নীতিগত দৃষ্টিভংগী অধ্যয়ন কৰিলে বুজিব পাৰি যে ভাৰতে বিভিন্ন সময়ত কেনে অৱস্থাৰ মাজেৰে পাৰ হৈ আহিছে, উদাৰীকৰণৰ আগতে আৰু পাছত কি হৈছিল৷ তেওঁলোকে জানিছিল ভাৰতে  সংস্কাৰ আৰু উন্নতিৰ বাবে কি কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু