--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজ্ঞাপনত ফাঁকি দি বিপদত যোগগুৰু বাবা ৰামদেৱ৷মঙলবাৰে উচ্চতম ন্যায়ালয়ে পতঞ্জলি আয়ুৰ্বেদে নিজৰ সামগ্ৰীৰ বিজ্ঞাপনত ৰোগ নিৰাময়ৰ বাবে মিছা দাবী উত্থাপন কৰাত আপত্তি প্ৰকাশ কৰাৰ লগতে এনে প্ৰথাৰ আশ্ৰয় লোৱাৰ বাবে কোম্পানীটোৰ ওপৰত জৰিমনা বিহাৰ ধমকি দিয়ে।


আই এম এৰ দ্বাৰা দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি পতঞ্জলিয়ে কভিড- ১৯ টীকাকৰণৰ বিৰুদ্ধে অভিযান আয়োজন কৰা বুলি অভিযোগ উত্থাপন কৰি ন্যায়াধীশ আহছানুদ্দিন আমানুল্লাহ আৰু প্ৰশান্ত কুমাৰ মিশ্ৰৰ বিচাৰপীঠে কেন্দ্ৰক আলোচনা কৰি বিভ্ৰান্তিৰ সৈতে মোকাবিলা কৰিবলৈ কিছু পৰামৰ্শ আগবঢ়াবলৈ কয়।বিচাৰপীঠে কয় যে- "পতঞ্জলি আয়ুৰ্বেদৰ সকলো ভুৱা আৰু বিভ্ৰান্তিকৰ বিজ্ঞাপন তৎক্ষণাত বন্ধ হ'ব লাগিব। এই আদালতে এনে নিয়ম উলংঘাক অতি গুৰুত্বসহকাৰে ল'ব, আৰু যিবোৰ সামগ্ৰীৰ সন্দৰ্ভত ভুৱা দাবী কৰা হয় যে ই নিৰাময় কৰিব পাৰে, সেইবোৰৰ ওপৰত ১ কোটি টকা পৰ্যন্ত জৰিমনা আৰোপ কৰাৰ কথা বিবেচনা কৰিব৷" Covid-19 মহামাৰীৰ সময়ত এলোপেথিক ঔষধ ব্যৱহাৰৰ বিৰুদ্ধে কৰা বিতৰ্কিত মন্তব্যৰ বাবে আই এম এৰ দ্বাৰা দাখিল কৰা গোচৰৰ সন্মুখীন হৈ ৰামদেৱ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল যিয়ে ৯ অক্টোবৰত গোচৰ বাতিলৰ আবেদন সন্দৰ্ভত কেন্দ্ৰ আৰু পতঞ্জলিলৈ জাননী জাৰি কৰিছিল।ৰামদেৱৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮৮, ২৬৯, ৫০৪ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক