--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজ্ঞাপনত ফাঁকি দি বিপদত যোগগুৰু বাবা ৰামদেৱ৷মঙলবাৰে উচ্চতম ন্যায়ালয়ে পতঞ্জলি আয়ুৰ্বেদে নিজৰ সামগ্ৰীৰ বিজ্ঞাপনত ৰোগ নিৰাময়ৰ বাবে মিছা দাবী উত্থাপন কৰাত আপত্তি প্ৰকাশ কৰাৰ লগতে এনে প্ৰথাৰ আশ্ৰয় লোৱাৰ বাবে কোম্পানীটোৰ ওপৰত জৰিমনা বিহাৰ ধমকি দিয়ে।


আই এম এৰ দ্বাৰা দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি পতঞ্জলিয়ে কভিড- ১৯ টীকাকৰণৰ বিৰুদ্ধে অভিযান আয়োজন কৰা বুলি অভিযোগ উত্থাপন কৰি ন্যায়াধীশ আহছানুদ্দিন আমানুল্লাহ আৰু প্ৰশান্ত কুমাৰ মিশ্ৰৰ বিচাৰপীঠে কেন্দ্ৰক আলোচনা কৰি বিভ্ৰান্তিৰ সৈতে মোকাবিলা কৰিবলৈ কিছু পৰামৰ্শ আগবঢ়াবলৈ কয়।বিচাৰপীঠে কয় যে- "পতঞ্জলি আয়ুৰ্বেদৰ সকলো ভুৱা আৰু বিভ্ৰান্তিকৰ বিজ্ঞাপন তৎক্ষণাত বন্ধ হ'ব লাগিব। এই আদালতে এনে নিয়ম উলংঘাক অতি গুৰুত্বসহকাৰে ল'ব, আৰু যিবোৰ সামগ্ৰীৰ সন্দৰ্ভত ভুৱা দাবী কৰা হয় যে ই নিৰাময় কৰিব পাৰে, সেইবোৰৰ ওপৰত ১ কোটি টকা পৰ্যন্ত জৰিমনা আৰোপ কৰাৰ কথা বিবেচনা কৰিব৷" Covid-19 মহামাৰীৰ সময়ত এলোপেথিক ঔষধ ব্যৱহাৰৰ বিৰুদ্ধে কৰা বিতৰ্কিত মন্তব্যৰ বাবে আই এম এৰ দ্বাৰা দাখিল কৰা গোচৰৰ সন্মুখীন হৈ ৰামদেৱ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল যিয়ে ৯ অক্টোবৰত গোচৰ বাতিলৰ আবেদন সন্দৰ্ভত কেন্দ্ৰ আৰু পতঞ্জলিলৈ জাননী জাৰি কৰিছিল।ৰামদেৱৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮৮, ২৬৯, ৫০৪ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ