--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাপক বহুতে ভয় খায়। সাপ দেখিলে দূৰতে বিদূৰ হয় মানুহ। কেনেবাকৈ ঘৰত যদি এডাল সাপ সোমায় তেন্তে কেনেকৈ সাপডাল বাহিৰ কৰিব পাৰি তাৰ চেষ্টাত তৎপৰ হয় মানুহ। কিছুমানেটো সাপ দেখিলেই হত্যা কৰে, যিটো অতি জঘন্য অপৰাধ। সাপৰ প্ৰতি মানুহৰ ভয় আজন্ম। পাছে আমি যদি আপোনাক কওঁ এটা পৰিয়ালত মানুহৰ সৈতে একেলগে বাস কৰে ৪০টা সাপ, আপুনি বিশ্বাস কৰিবনে.. আপুনি বিশ্বাস নকৰিলেও এয়া একেবাৰে সত্য কথা। বিহাৰৰ কাটিহাৰত এখন ঘৰত উদ্ধাৰ হৈছে ৪০টাকৈ সাপ। 

এই তথ্য পোহৰলৈ আহিছিল যেতিয়া এটা সাপে এজনী ছোৱালী সন্তানক কামুৰিছিল। ইয়াৰ পিছতে ৫ বছৰীয়া কন্যা শিশুটিৰ মৃত্যু হয়। ইয়াৰ পিছত পৰিয়ালৰ লোকে এজন সাপধৰা লোকক মাতিলে। সাপ ধৰা লোকজনে ঘৰখনৰ পৰা ইটোৰ পাছত সিটোকৈ উদ্ধাৰ কৰে ৪০ টা সাপ। ইমানবোৰ সাপ একেলগে দেখি সকলো আচৰিত হৈ পৰে। একে সময়তে সাপ ধৰা লোকজনো আচৰিত হৈছিল যে ঘৰখনত ৪০টা সাপ লৈ মানুহে কেনেকৈ জীয়াই আছে!

পৰিয়ালটোৱে জনোৱা মতে তামান্না নামৰ ৫ বছৰীয়া কন্যা শিশুটিৱে ঘৰৰ চোতালত খেলি আছিল। সেই সময়তে এটা বিষাক্ত সাপে শিশুটিক কামুৰিছিল। ইয়াৰ পিছতে পৰিয়ালৰ লোকে ততাতৈয়াকে তামান্নাক ৰায়গাঁজ হাস্পতাললৈ লৈ যায়। চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় তামান্নাৰ।

ইয়াৰ পিছতে পৰিয়ালটোৱে সেই সাপটো ধৰিবলৈ সাপ ধৰা লোকজনক ঘৰলৈ মাতে। যাতে সেই সাপে আন কাকো কামুৰিব নোৱাৰে। সাপ ধৰালোকজনে যেতিয়া ঘৰত সাপ বিচাৰিবলৈ ধৰিলে তেতিয়া এটা এটাকৈ ৪০ টা বিষাক্ত সাপ পালে। ইয়াৰ পিছত সাপসমূহক চাবলৈ এক বিশাল জনসমাগম গোট খায়। এখন ঘৰৰ পৰা একেলগে ৪০টা সাপ উদ্ধাৰ হোৱাৰ পিছতে গাঁওখনত চাঞ্চল্য বিয়পি পৰে। সাপক লৈ আতংকিত হৈ পৰিছে ৰাইজ। গাওঁবাসীৰ সহায়ত সাপবোৰ ধৰি সাপধৰা লোকজনে হাবিত এৰি থৈ আহে।

গাঁওবাসীয়ে জনোৱা মতে, ঘৰত ৰখা এটা পুৰণি বাকচত আটাইকেইটা সাপ বসবাস কৰি আছিল। কণমানি ছোৱালীজনীৰ মৃত্যুত পৰিয়ালটোৰ ওপৰত শোকৰ পাহাৰ ভাঙি পৰিছে। ইয়াৰ সমান্তৰালকৈ গাঁৱৰ ৰাইজ আচৰিত হৈ পৰিছে যে এই পৰিয়ালটোৱে ৪০টা সাপ লৈ বসবাস কৰিছিল কেনেকৈ! একো গম নোপোৱাকৈ ইমানবোৰ সাপৰ মাজত অজানিতে জীয়াই থকাটো কোনো অলৌকিক ঘটনাতকৈ কম নহয় বুলি জনাইছে সাপ ধৰা লোকজনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ