--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰে কিছুদিন ধৰি দখল কৰি আছে সংবাদ শিৰোনাম। তেওঁৰ আগন্তুক ছবি ‘গুড লাক জেৰী’ শীঘ্ৰেই মুক্তি পাবলৈ গৈ আছে আৰু তেওঁ এই ছবিখন জোৰদাৰভাৱে প্ৰচাৰ কৰি আছে। পাছে জাহ্নৱীৰ বিয়াক লৈ ব্যগ্ৰ হৈ পৰিছে পিতৃ বনী কাপুৰ। বিবাহ উপযুক্ত জীয়ৰীক এজন সুযোগ্য পাত্ৰৰ ওচৰত গতাব বিচাৰিছে বনী কাপুৰে। শ্ৰীদেৱীৰ মৃত্যুৰ পিছত বনীয়ে দুয়োগৰাকী কন্যাক মাতৃৰ অভাৱ অনুভৱ কৰিব নিদিয়াকৈ ডাঙৰ-দীঘল কৰিছে। বনী কাপুৰে ইতিমধ্যে চিন্তা কৰিছে যে দুয়োজন জোঁৱাইৰ গাত কি কি গুণ থাকিব লাগিব। জাহ্নৱী কাপুৰে শেহতীয়াকৈ কয় যে ''দেউতাৰ এতিয়া একমাত্ৰ চিন্তা মোৰ বিয়াক লৈ। তেওঁ এতিয়া বেলেগ একো চিন্তা নকৰে। মোৰ দেউতাই বিচাৰে তেওঁৰ জোঁৱাই তেওঁৰ দৰেই হুবহু ওখ হওক।'' অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে যে তেওঁৰ পিতৃৰ উচ্চতা ৬'১।

জাহ্নৱীয়ে লগতে কয় ''আমি সৰু থাকোঁতে দেউতাই মোক বৰ আনন্দৰে কৈছিল যে মই তোমাক গোটেই পৃথিৱীখন ভ্ৰমণ কৰাব বিচাৰো। যাতে তুমি তোমাৰ স্বামীক ক’ব পাৰা যে বিয়াৰ আগতে দেউতাই মোক পৃথিৱীৰ চাৰিওফালে ফুৰাবলৈ লৈ গৈছিল। দেউতাই আমাক বৰ মৰমত ডাঙৰ কৰিছে।'' অভিনেত্ৰীগৰাকীয়ে আৰু কয়, ‘এতিয়া মই উপলব্ধি কৰিছো যে তেওঁ কিয় এইদৰে কৈছিল? মোৰ দেউতাই বিচাৰে যে মোক আৰু মোৰ ভণ্টী খুশীক যিয়েই বিয়া কৰাব তেওঁলোকে যাতে আমাক দেউতাৰ দৰেই মৰমত ৰাখে। ''

উল্লেখ্য যে ২০১৬ চনত জাহ্নৱীৰ নাম অক্ষত ৰাজনৰ সৈতে জড়িত হৈছিল। সেইসময়ত তেওঁলোকৰ অন্তৰংগ ফটো লিক হৈছিল। অক্ষতৰ বাহিৰেও জাহ্নৱীৰ নাম শিখৰ পাহাৰীয়াৰ লগতো জড়িত হৈছিল। ইয়াৰ বাহিৰেও তেওঁ শ্বাহিদ কাপুৰৰ ভাতৃ ঈশান খট্টাৰৰ লগত ডেটিং কৰিছিল বুলিও বাতৰি প্ৰচাৰ হৈছিল।

১৯৮৩ চনত মোনা শ্বৌৰীৰ সৈতে বনী কাপুৰৰ প্ৰথম বিবাহ হৈছিল। তেওঁলোকৰ অৰ্জুন কাপুৰ আৰু অংশুলা কাপুৰ নামৰ দুটা সন্তান আছে। ১৯৯৬ চনত ব’নীয়ে মোনাৰ লগত বিচ্ছেদ ঘটায়, কিয়নো তেওঁ শ্ৰীদেৱীৰ প্ৰেমত পৰিছিল। ১৯৯৬ চনত দ্বিতীয়বাৰৰ বাবে বনী বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ জাহ্নৱী কাপুৰ আৰু খুশী কাপুৰ নামৰ দুগৰাকী কন্যা সন্তান আছে। ২০১৮ চনত জাহ্নৱীয়ে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল। অতি সোনকালেই খুশীয়ে ‘দ্য আৰ্চিজ’ ছবিখনৰ জৰিয়তে বলীউডত খোজ পেলাব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ