--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰে কিছুদিন ধৰি দখল কৰি আছে সংবাদ শিৰোনাম। তেওঁৰ আগন্তুক ছবি ‘গুড লাক জেৰী’ শীঘ্ৰেই মুক্তি পাবলৈ গৈ আছে আৰু তেওঁ এই ছবিখন জোৰদাৰভাৱে প্ৰচাৰ কৰি আছে। পাছে জাহ্নৱীৰ বিয়াক লৈ ব্যগ্ৰ হৈ পৰিছে পিতৃ বনী কাপুৰ। বিবাহ উপযুক্ত জীয়ৰীক এজন সুযোগ্য পাত্ৰৰ ওচৰত গতাব বিচাৰিছে বনী কাপুৰে। শ্ৰীদেৱীৰ মৃত্যুৰ পিছত বনীয়ে দুয়োগৰাকী কন্যাক মাতৃৰ অভাৱ অনুভৱ কৰিব নিদিয়াকৈ ডাঙৰ-দীঘল কৰিছে। বনী কাপুৰে ইতিমধ্যে চিন্তা কৰিছে যে দুয়োজন জোঁৱাইৰ গাত কি কি গুণ থাকিব লাগিব। জাহ্নৱী কাপুৰে শেহতীয়াকৈ কয় যে ''দেউতাৰ এতিয়া একমাত্ৰ চিন্তা মোৰ বিয়াক লৈ। তেওঁ এতিয়া বেলেগ একো চিন্তা নকৰে। মোৰ দেউতাই বিচাৰে তেওঁৰ জোঁৱাই তেওঁৰ দৰেই হুবহু ওখ হওক।'' অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে যে তেওঁৰ পিতৃৰ উচ্চতা ৬'১।

জাহ্নৱীয়ে লগতে কয় ''আমি সৰু থাকোঁতে দেউতাই মোক বৰ আনন্দৰে কৈছিল যে মই তোমাক গোটেই পৃথিৱীখন ভ্ৰমণ কৰাব বিচাৰো। যাতে তুমি তোমাৰ স্বামীক ক’ব পাৰা যে বিয়াৰ আগতে দেউতাই মোক পৃথিৱীৰ চাৰিওফালে ফুৰাবলৈ লৈ গৈছিল। দেউতাই আমাক বৰ মৰমত ডাঙৰ কৰিছে।'' অভিনেত্ৰীগৰাকীয়ে আৰু কয়, ‘এতিয়া মই উপলব্ধি কৰিছো যে তেওঁ কিয় এইদৰে কৈছিল? মোৰ দেউতাই বিচাৰে যে মোক আৰু মোৰ ভণ্টী খুশীক যিয়েই বিয়া কৰাব তেওঁলোকে যাতে আমাক দেউতাৰ দৰেই মৰমত ৰাখে। ''

উল্লেখ্য যে ২০১৬ চনত জাহ্নৱীৰ নাম অক্ষত ৰাজনৰ সৈতে জড়িত হৈছিল। সেইসময়ত তেওঁলোকৰ অন্তৰংগ ফটো লিক হৈছিল। অক্ষতৰ বাহিৰেও জাহ্নৱীৰ নাম শিখৰ পাহাৰীয়াৰ লগতো জড়িত হৈছিল। ইয়াৰ বাহিৰেও তেওঁ শ্বাহিদ কাপুৰৰ ভাতৃ ঈশান খট্টাৰৰ লগত ডেটিং কৰিছিল বুলিও বাতৰি প্ৰচাৰ হৈছিল।

১৯৮৩ চনত মোনা শ্বৌৰীৰ সৈতে বনী কাপুৰৰ প্ৰথম বিবাহ হৈছিল। তেওঁলোকৰ অৰ্জুন কাপুৰ আৰু অংশুলা কাপুৰ নামৰ দুটা সন্তান আছে। ১৯৯৬ চনত ব’নীয়ে মোনাৰ লগত বিচ্ছেদ ঘটায়, কিয়নো তেওঁ শ্ৰীদেৱীৰ প্ৰেমত পৰিছিল। ১৯৯৬ চনত দ্বিতীয়বাৰৰ বাবে বনী বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ জাহ্নৱী কাপুৰ আৰু খুশী কাপুৰ নামৰ দুগৰাকী কন্যা সন্তান আছে। ২০১৮ চনত জাহ্নৱীয়ে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল। অতি সোনকালেই খুশীয়ে ‘দ্য আৰ্চিজ’ ছবিখনৰ জৰিয়তে বলীউডত খোজ পেলাব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু