--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: মৃত্যুৱে কাৰ বাবে কেতিয়া ৰৈ থাকে কোনেও নাজানে৷ হয়তো সেয়া হ’ব পাৰে কাৰোবাৰ বাবে স্বাভাৱিক মৃত্যু, দুৰ্ঘটনা অথবা অন্য কাৰণত৷ কিন্তু বৰ্তমান সময়ত কোনোৱে কাৰোবাক হত্যা কৰি মৃত্যুৰ পথলৈ থেলি দিয়া এক স্বাভৱিক ঘটনাতে পৰিণত হৈছে৷ কিমান নৃশংস হ’লে মৰিয়াই মৰিয়াই এজন মানুহৰ মৃত্যুৰ কিৰলীত ৰং চাব পাৰে৷ পাকিস্তানৰ ছিয়ালকোটৰ এটা কাৰখানাত কৰ্মৰত শ্ৰীলংকাৰ এজন মেনেজাৰক অতি বৰ্বৰতাৰে এদল শ্ৰমিকে মৰিয়াই মৰিয়াই হত্যা কৰে৷ ইমানতে ক্ষান্ত নাথাকি মৃত্যুদূতৰূপী শ্ৰমিককেইটাই মৃত শৰীৰটোৰ ওপৰতো অত্যাচাৰ চলাই জ্বলাই দিয়ে৷

শুকুৰবাৰে শ্ৰীলংকাৰ মেনেজাৰজনক এখন পোষ্টাৰক কেন্দ্ৰ কৰিয়েই কাৰখানাটোত কৰ্মৰত এদল শ্ৰমিকে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল৷ ছিয়ালকোটৰ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি এই মুক্তহত্যাকাণ্ডটোত শতাধিক লোক জড়িত আছিল বুলি প্ৰকাশ পাইছে৷ আৰক্ষীয়ে ইতিমধ্যে প্ৰায় ৫০জনকৈ ব্যক্তিক আটক কৰাৰ লগতে এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷ আটকাধিক শ্ৰমিকসকলক উচিত শাস্তি প্ৰদানৰো আশ্বাস প্ৰদান কৰিছে আৰক্ষী প্ৰশাসনে৷

ইফালে এই ঘটনা সন্দৰ্ভত টেলিভিছনত প্ৰকাশ পোৱা এটা ভিডিঅ’ত ছিয়ালকোটৰ ৰাজপথত শতাধিক শ্ৰমিকে মেনেজাৰজনক আক্ৰমণ কৰাৰ দৃশ্য পৰিলক্ষিত হয়৷ এই ঘটনাৰ পাছতে দেশখনত এনে বৰ্বৰতাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিছে৷ বহুতে এই নৃশংসতাক ইছলামিক শিক্ষাৰ প্ৰতিফলন বুলিও মতপ্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু