--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: মৃত্যুৱে কাৰ বাবে কেতিয়া ৰৈ থাকে কোনেও নাজানে৷ হয়তো সেয়া হ’ব পাৰে কাৰোবাৰ বাবে স্বাভাৱিক মৃত্যু, দুৰ্ঘটনা অথবা অন্য কাৰণত৷ কিন্তু বৰ্তমান সময়ত কোনোৱে কাৰোবাক হত্যা কৰি মৃত্যুৰ পথলৈ থেলি দিয়া এক স্বাভৱিক ঘটনাতে পৰিণত হৈছে৷ কিমান নৃশংস হ’লে মৰিয়াই মৰিয়াই এজন মানুহৰ মৃত্যুৰ কিৰলীত ৰং চাব পাৰে৷ পাকিস্তানৰ ছিয়ালকোটৰ এটা কাৰখানাত কৰ্মৰত শ্ৰীলংকাৰ এজন মেনেজাৰক অতি বৰ্বৰতাৰে এদল শ্ৰমিকে মৰিয়াই মৰিয়াই হত্যা কৰে৷ ইমানতে ক্ষান্ত নাথাকি মৃত্যুদূতৰূপী শ্ৰমিককেইটাই মৃত শৰীৰটোৰ ওপৰতো অত্যাচাৰ চলাই জ্বলাই দিয়ে৷

শুকুৰবাৰে শ্ৰীলংকাৰ মেনেজাৰজনক এখন পোষ্টাৰক কেন্দ্ৰ কৰিয়েই কাৰখানাটোত কৰ্মৰত এদল শ্ৰমিকে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল৷ ছিয়ালকোটৰ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি এই মুক্তহত্যাকাণ্ডটোত শতাধিক লোক জড়িত আছিল বুলি প্ৰকাশ পাইছে৷ আৰক্ষীয়ে ইতিমধ্যে প্ৰায় ৫০জনকৈ ব্যক্তিক আটক কৰাৰ লগতে এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷ আটকাধিক শ্ৰমিকসকলক উচিত শাস্তি প্ৰদানৰো আশ্বাস প্ৰদান কৰিছে আৰক্ষী প্ৰশাসনে৷

ইফালে এই ঘটনা সন্দৰ্ভত টেলিভিছনত প্ৰকাশ পোৱা এটা ভিডিঅ’ত ছিয়ালকোটৰ ৰাজপথত শতাধিক শ্ৰমিকে মেনেজাৰজনক আক্ৰমণ কৰাৰ দৃশ্য পৰিলক্ষিত হয়৷ এই ঘটনাৰ পাছতে দেশখনত এনে বৰ্বৰতাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিছে৷ বহুতে এই নৃশংসতাক ইছলামিক শিক্ষাৰ প্ৰতিফলন বুলিও মতপ্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ