--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এটাৰ পাছত এটা শংকাই খেদিছে বিশ্ববাসীক৷ কৰ’নাৰ লীলাই তিতা-কেঁহা লগালেও সাৱধান নহ’লে হেৰুৱাব লগা হ’ব পাৰে জীৱন৷ কৰ’নাৰ প্ৰভাৱ সম্পূৰ্ণৰূপে মাৰ নৌযাওঁতেই অ’মিক্ৰনৰ কৱলত পৰিছে বহু লোক৷ ক’ভিড প্ৰতিষেধক আৱিষ্কাৰ হোৱাৰ পাছৰে পৰা জনসাধাৰণে কিছু সকাহ লাভ কৰিলেও কিন্তু সংক্ৰমণ নিয়ন্ত্ৰণলৈ অহা নাই৷ বিশ্বজুৰি ক’ভিড প্ৰতিষেধক গ্ৰহণৰ ক্ষেত্ৰত কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে৷ বাধ্যতামূলক কৰিছে সকলোকে প্ৰতিষেধক গ্ৰহণ কৰাৰ৷

কোনো দেশত ক’ভিডৰ চতুৰ্থটো ঢৌৰ কৱলত পৰিছে যদিও কিছু দেশত তৃতীয়টো ঢৌৱে প্ৰভাৱ পৰিছে৷ ইয়াৰ বিপৰীতে বিশেষ চিন্তনীয় হৈ পৰিছে শিশুসকলক লৈ৷ পাঁচ বছৰৰ তলৰ শিশুসকলৰ দেহত ক’ভিডৰ দ্ৰুতসংক্ৰমণে যথেষ্ট চিন্তাত পেলাইছে অভিভাৱকসকলক৷ কোনোধৰণৰ প্ৰতিষেধকৰ ব্যৱস্থা নোহোৱাৰ বাবেহে অধিক চিন্তাৰ বিষয় হৈ পৰিছে শিশুসকলক লৈ৷

দক্ষিণ আফ্ৰিকাৰ স্বাস্থ্য বিভাগে দিয়া এক তথ্য অনুসৰি ক’ভিডৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰনৰ প্ৰভাৱৰ প্ৰতি আশংকা কৰি ৫ বছৰৰ তলৰ শিশুৰ বাবে চিকিৎসালয়, আইচিইউ বৃদ্ধিৰ সিদ্ধান্ত লৈছে যদিও প্ৰতিষেধকৰ ব্যৱস্থা নকৰিলে এই শিশুসকলৰ জীৱনৰ প্ৰতি এক ভাবুকীৰ সৃষ্টি হ’ব পাৰে বুলি দেশখনৰ স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে৷ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি শিশুসকলৰ অভিভাৱকক পৰ্যাপ্ত পৰিমাণে সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু