--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এটাৰ পাছত এটা শংকাই খেদিছে বিশ্ববাসীক৷ কৰ’নাৰ লীলাই তিতা-কেঁহা লগালেও সাৱধান নহ’লে হেৰুৱাব লগা হ’ব পাৰে জীৱন৷ কৰ’নাৰ প্ৰভাৱ সম্পূৰ্ণৰূপে মাৰ নৌযাওঁতেই অ’মিক্ৰনৰ কৱলত পৰিছে বহু লোক৷ ক’ভিড প্ৰতিষেধক আৱিষ্কাৰ হোৱাৰ পাছৰে পৰা জনসাধাৰণে কিছু সকাহ লাভ কৰিলেও কিন্তু সংক্ৰমণ নিয়ন্ত্ৰণলৈ অহা নাই৷ বিশ্বজুৰি ক’ভিড প্ৰতিষেধক গ্ৰহণৰ ক্ষেত্ৰত কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে৷ বাধ্যতামূলক কৰিছে সকলোকে প্ৰতিষেধক গ্ৰহণ কৰাৰ৷

কোনো দেশত ক’ভিডৰ চতুৰ্থটো ঢৌৰ কৱলত পৰিছে যদিও কিছু দেশত তৃতীয়টো ঢৌৱে প্ৰভাৱ পৰিছে৷ ইয়াৰ বিপৰীতে বিশেষ চিন্তনীয় হৈ পৰিছে শিশুসকলক লৈ৷ পাঁচ বছৰৰ তলৰ শিশুসকলৰ দেহত ক’ভিডৰ দ্ৰুতসংক্ৰমণে যথেষ্ট চিন্তাত পেলাইছে অভিভাৱকসকলক৷ কোনোধৰণৰ প্ৰতিষেধকৰ ব্যৱস্থা নোহোৱাৰ বাবেহে অধিক চিন্তাৰ বিষয় হৈ পৰিছে শিশুসকলক লৈ৷

দক্ষিণ আফ্ৰিকাৰ স্বাস্থ্য বিভাগে দিয়া এক তথ্য অনুসৰি ক’ভিডৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰনৰ প্ৰভাৱৰ প্ৰতি আশংকা কৰি ৫ বছৰৰ তলৰ শিশুৰ বাবে চিকিৎসালয়, আইচিইউ বৃদ্ধিৰ সিদ্ধান্ত লৈছে যদিও প্ৰতিষেধকৰ ব্যৱস্থা নকৰিলে এই শিশুসকলৰ জীৱনৰ প্ৰতি এক ভাবুকীৰ সৃষ্টি হ’ব পাৰে বুলি দেশখনৰ স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে৷ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি শিশুসকলৰ অভিভাৱকক পৰ্যাপ্ত পৰিমাণে সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ