--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদেশৰ ৰাজনীতিত বৰ্তমান সৰ্বাধিক চৰ্চিত এটা নাম হল একনাথ সিন্দে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে একনাথ সিন্দেই। বৃহস্পতি সন্ধিয়া ৭.৩০ বজাত মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত লয় একনাথ সিন্দেয়ে। সমগ্ৰ শপত গ্ৰহণ থলী জয় মহাৰাষ্ট্ৰ, জয় ভৱানী ধ্বনিৰে গুঞ্জৰিত হৈ পৰিছিল৷ উপ-মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে দেৱেন্দ্ৰ ফাড়নাভিছে৷ ৰাজ্যপাল ভগৎ সিং কোশীয়াৰিয়ে দুয়োকে শপত বাক্য পাঠ কৰোৱায়৷ প্ৰায় এপষেক ধৰি চলা হাইপ্ৰফাইল ৰাজনৈতিক ড্ৰামাৰ পিছত মুখ্যমন্ত্ৰীৰূপে একনাথ সিন্দেই শপত গ্ৰহণ কৰিলে। তাৰ পিছতে কাৰ্যালয়ত নিজৰ দায়িত্ব গ্ৰহণ কৰে মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে। 

উল্লেখ্য যে ২১ জুনৰ পৰা ২৯ জুনলৈ নিজৰ অনুগত শিৱ সেনাৰ ৩৯ বিধায়কৰ সৈতে গুৱাহাটীত বাহৰ পাতি আছিল একনাথ সিন্দেই। গুৱহাটীৰ হোটেল ৰেডিছন ব্লুৰ পৰাই একনাথ সিন্দেই মহাৰাষ্ট্ৰৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰি আছিল। মুম্বাইলৈ উভতি যোৱাৰ আগতে নীলাচলত মা কামাখ্যাৰ আশিস লৈও গৈছিল একনাথ সিন্দেই। বৰ্তমান সময়ত সমগ্ৰ দেশবাসীয়ে জানিব বিচাৰে কোন একনাথ সিন্দে। যাৰ শাসনৰ বাঘজৰীত এতিয়া পৰিচালিত হব একনাথ সিন্দে। একনাথ সিন্দে হৈছে ঠাকৰে পৰিয়ালৰ বাহিৰৰ আটাইতকৈ শক্তিশালী শিৱসেনাৰ নেতা। তেওঁৰ বাল ঠাকৰে যুগৰ পৰাই শিৱসেনাত প্ৰভাৱশালী ভূমিকা পালন কৰিছিল। তেওঁ নিজেই উদ্ধৱ ঠাকৰেৰ অতি ঘনিষ্ঠ আছিল। ৫৮ বছৰীয়া সিন্দে মহাবিকাশ আঘাদীৰ চৰকাৰতো নগৰ উন্নয়ন মন্ত্ৰী আছিল। একনাথ সিন্দেৰ জন্ম হৈছিল মহাৰাষ্ট্ৰৰ সাতাৰা জিলাত ১৯৬৪ চনৰ ৯ ফেব্ৰুৱাৰীত। তেওঁ একাদশ শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল। 

একনাথ সিন্দেই পাছত মহাৰাষ্ট্ৰৰ থানেলৈ আহি তাতে তেওঁ অটো ৰিক্সা চলাবলৈ আৰম্ভ কৰে। এসময়ত অটো চলোৱা একনাথ সিন্দেই কেতিয়াও ভবা নাছিল যে তেওঁ এদিন মহাৰাষ্ট্ৰ শাসন কৰিব। আশীৰ দশকত অটো ৰিক্সা চলাই শিৱসেনাত যোগদান কৰিছিল একনাথে। সেই সময়ত তেওঁ শিৱসেনাৰ নেতা আনন্দ দিঘেক লগ পায়। মাত্ৰ ১৮ বছৰ বয়সতে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ হৈছিল। তেওঁ দলৰ এজন উমৈহতীয়া কৰ্মী হিচাপে শিৱসেনাৰ সৈতে জড়িত আছিল আৰু তাৰে পৰাই তেওঁ মুখ্যমন্ত্ৰীলৈ যাত্ৰা সম্পূৰ্ণ কৰিছে। ঠাকৰে পৰিয়ালৰ প্ৰতি সিন্দেৰ আনুগত্য এনেকুৱা আছিল যে দলটোৰ বাবে তেওঁ আনকি জে'ললৈও গৈছিল। থানেৰ কোপৰি পঞ্চপাখাদী আসনৰ পৰা ৪ বাৰকৈ তেওঁ বিধায়ক নিৰ্বাচিত হৈছে। আৰম্ভণিৰে পৰা তেওঁ এজন নিষ্ঠাবান আৰু শক্তিশালী শিৱ সেনাৰ নেতা হিচাপে পৰিচয় গঢ়ি তুলিছিল। 

একনাথ সিন্দে ইমানেই শক্তিশালী নেতা যে ২০১৯ চনত শিৱসেনাৰ পৰা মুখ্যমন্ত্ৰী পদৰ বাবেও তেওঁৰ নাম উচ্চাৰিত হৈছিল। উদ্ধৱ ঠাকৰেই মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাক লৈ জল্পনা-কল্পনা চলিছিল আৰু এনে সময়ত একনাথ সিন্দেৰ নাম চৰ্চালৈ আহিছিল। কিন্তু শেষ মুহূৰ্তত সিদ্ধান্ত লোৱা হৈছিল যে উদ্ধৱ ঠাকৰে মুখ্যমন্ত্ৰী হ’ব আৰু একনাথ সিন্দে মুখ্যমন্ত্ৰী হোৱাৰ পৰা বঞ্চিত হৈছিল। তদুপৰি শাৰদ পাৱাৰ আৰু ছোনিয়া গান্ধীয়ে উদ্ধৱ থাকৰেৰ নামত একমত হৈছিল বুলি জনা যায়। ঠাকৰে পৰিয়ালেও নিজেই ক্ষমতাৰ শীৰ্ষ পদত নিজকে চাব বিচাৰিছিল আৰু এনে পৰিস্থিতিত একনাথে মুখ্যমন্ত্ৰীৰ চকী বাদ দিছিল। একনাথ সিন্দে মহাৰাষ্ট্ৰৰ থানে অঞ্চলৰ আটাইতকৈ শক্তিশালী ৰাজনৈতিক ব্যক্তিত্ব। থানেত প্ৰাৰ্থী বাছনি কৰাৰ পৰা আৰম্ভ কৰি প্ৰচাৰ আৰু কৌশল প্ৰস্তুত কৰালৈকে তেওঁ সকলোতে খোজ কাঢ়ি গৈছিল। অঞ্চলটোত সক্ৰিয় হৈ থকা নেতা হিচাপে স্বীকৃতি লাভ কৰিছে একনাথে। সকলোৰে মনত তেওঁৰ প্ৰতিচ্ছবিও এজন আধিপত্যশীল নেতা হিচাপে গঢ়ি উঠিছে। 

এনে নহয় যে একনাথ সিন্দেৰ অসন্তুষ্টি হঠাতে চৰ্চালৈ আহিছিল, আনকি শিৱসেনা আৰু বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰৰ সময়তো তেওঁৰ দলৰ মাজত হাইকমাণ্ডৰ লগত মতানৈক্য আছিল আৰু সিন্দে হয়তো বিজেপিত যোগদান কৰিব পাৰে বুলি খবৰ ওলাইছিল। কিন্তু সেই সময়ত এই সকলোবোৰ কেৱল উৰাবাতৰি বুলি প্ৰমাণিত হ’ল। উল্লেখ্য যে এসময়ত দুখৰ ধুমুহাই বৰ বেয়াকৈ কোবাই গৈছিল সিন্দেক। সিন্দে তেতিয়া কাউন্সিলাৰ আছিল। এই সময়ছোৱাত তেওঁৰ পৰিয়ালটো সতৰালৈ গৈছিল। ইয়াত এক দুৰ্ঘটনাত তেওঁ ১১ বছৰীয়া পুত্ৰ দীপেশ আৰু ৭ বছৰীয়া কন্যা শুভাদাক চিৰদিনলৈ হেৰুৱাইছিল। নাওঁ চলাই থাকোঁতে এটা দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে সিন্দেৰ দুয়োটা সন্তান চকুৰ সন্মুখতে উটি যায়। সেই সময়ত সিন্দেৰ প্ৰথম পুত্ৰ শ্ৰীকান্তৰ বয়স আছিল মাত্ৰ ১৩ বছৰ। 

শ্ৰীকান্ত বৰ্তমান কল্যাণ লোকসভা আসনৰ পৰা শিৱসেনাৰ সাংসদ। এই ঘটনাৰ পিছত সিন্দে যথেষ্ট ভাঙি পৰিছিল। আনকি তেওঁ ৰাজনীতিৰ পৰাও আঁতৰি আহিছিল। এই মানসিক দুখৰ পৰা তেওঁক আনন্দ দিঘেই উভতাই আনি পুনৰ ৰাজহুৱা জীৱনলৈ ঘূৰাই আনিছিল। বৰ্তমান সকলোৰে দৃষ্টি নিৱদ্ধ আছে মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ ওপৰত। মহাৰাষ্ট্ৰক তেওঁ কেনেদৰে শাসন কৰি বিকাশৰ পথত আগুৱাই লৈ যাব সেয়া নিশ্চয়কৈ হ'ব লক্ষ্যণীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱত বজ্ৰপাতৰ ফলত এজন মাছমৰীয়াৰ কৰুণ মৃত্যু
GMCHত আৰম্ভ হ’ব প্রটন বীম থেৰাপী; অসম হ’ব দেশৰ ভিতৰতে প্ৰথম
বিয়াৰ প্ৰলোভন দি সহবাস, গৰ্ভৱতী হোৱাৰ পিছত পৰিত্যাগ; ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিল যুৱতী
ইউটিউবাৰ ডেঞ্জাৰ বাপ্পীৰ ঘৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী
কেৰালাত ছিগেল্লা ভাইৰাছৰ আতংক; ৬জনৰ মৃত্যু, দুই শতাধিক লোক আক্ৰান্ত
পুৱা খালী পেটত খাওক এই ৪ বিধ বস্তু; জিলিকি উঠিব মুখমণ্ডল
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য