--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সপ্তাহজোৰা ৰাজনৈতিক অস্থিৰতাৰ পিছত অৱশেষত বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে বিসম্বাদী নেতা একনাথ সিন্দেই। প্ৰথম অৱস্থাত বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নাবিছ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হ'ব বুলি চৰ্চা চলিছিল যদিও নাটকীয় পট পৰিবৰ্তনৰ পাছত একনাথ সিন্দে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ আসনত বহে। বিজেপিৰ সমৰ্থনত সিন্দেৰ নেতৃত্বত গঠিত চৰকাৰখনে শপত গ্ৰহণ কৰাৰ পিছদিনাই উচ্চতম ন্যায়ালয়ৰ পৰা এক সাময়িক সকাহ লাভ কৰিছে মুখ্যমন্ত্ৰী সিন্দেৰ লগতে ১৫ গৰাকী বিসম্বাদী বিধায়কে।

শিৱসেনাৰ ঠাকৰে শিবিৰৰ বিধায়ক সুনীল প্ৰভুৱে মহাৰাষ্ট্ৰৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী একনাথ সিন্দেসহ ১৬ গৰাকী বিধায়কক বিধানসভাৰ পৰা নিলম্বন বিচাৰি দাখিল কৰা জৰুৰী শুনানিৰ আবেদন খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে।

জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে আবেদনকাৰীৰ হৈ ন্যায়াধীশ সূৰ্য কান্ত আৰু জে বি পাৰ্ডিৱালাক লৈ গঠিত বিচাৰপীঠৰ সন্মুখত মুখ্যমন্ত্ৰী সিন্দেসহ ১৬ জন বিধায়কৰ বিৰুদ্ধে অযোগ্য ঘোষণাৰ বাবে দাখিল আবেদনৰ জৰুৰী শুনানিৰ প্ৰয়োজন বুলি যুক্তি দৰ্শাইছিল।

কিন্তু বিচাৰপীঠে জৰুৰী শুনানিৰ আবেদন খাৰিজ কৰে আৰু ১১ জুলাইতহে নতুন আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰে। উল্লেখ্য যে সুনীল প্ৰভুৱে দাখিল কৰা আবেদনখনত সংবিধানৰ দশম অনুসূচী যাতে ব্যৰ্থ নহয় তাৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছিল।

আবেদনখনত লগতে একনাথ সিন্দেৰ মুখ্যমন্ত্ৰীত্ব আৰু দেৱেন্দ্ৰ ফাড়নবিছৰ উপ মুখ্যমন্ত্ৰীৰ দ্বায়িত্ব গ্ৰহণে বিসম্বাদী বিধায়ক সকলে পূৰ্বৰ মহা বিকাশ আঘাৰী চৰকাৰক উফৰাবলৈ বিজেপিৰ সৈতে হাত মিলোৱাটো স্পষ্টকৈ প্ৰমাণ কৰিছে বুলি আঙুলিয়াই দিয়া হৈছিল। বিসম্বাদী বিধায়কসকলে দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ স্পষ্ট প্ৰমাণৰ আধাৰত তেওঁলোকক বিধানসভাৰ পৰা অযোগ্য ঘোষণা কৰিব লাগে বুলিও আবেদনখনত উল্লেখ কৰা হৈছিল।

কিন্তু উচ্চতম ন্যায়ালয়ে এই আবেদন অগ্ৰাহ্য কৰাৰ পিছত ঠাকৰে শিবিৰ পুনৰ এবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত নিৰাশ হ’বলগীয়া হয়। ইয়াৰ পূৰ্বেও বিধানসভাত আস্থাভোট স্থগিত ৰখাৰ বাবে উদ্ধৱ ঠাকৰে শিবিৰে দাখিল কৰা আবেদনো উচ্চতম ন্যায়ালয়ত খাৰিজ হৈছিল। উচ্চতম ন্যায়ালয়ত এই আবেদন খাৰিজ হোৱাৰ পিছতে উদ্ধৱ ঠাকৰেই মুখ্যমন্ত্ৰীৰ লগতে বিধায়ক পদৰ পৰাও পদত্যাগ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ