--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সপ্তাহজোৰা ৰাজনৈতিক অস্থিৰতাৰ পিছত অৱশেষত বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে বিসম্বাদী নেতা একনাথ সিন্দেই। প্ৰথম অৱস্থাত বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নাবিছ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হ'ব বুলি চৰ্চা চলিছিল যদিও নাটকীয় পট পৰিবৰ্তনৰ পাছত একনাথ সিন্দে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ আসনত বহে। বিজেপিৰ সমৰ্থনত সিন্দেৰ নেতৃত্বত গঠিত চৰকাৰখনে শপত গ্ৰহণ কৰাৰ পিছদিনাই উচ্চতম ন্যায়ালয়ৰ পৰা এক সাময়িক সকাহ লাভ কৰিছে মুখ্যমন্ত্ৰী সিন্দেৰ লগতে ১৫ গৰাকী বিসম্বাদী বিধায়কে।

শিৱসেনাৰ ঠাকৰে শিবিৰৰ বিধায়ক সুনীল প্ৰভুৱে মহাৰাষ্ট্ৰৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী একনাথ সিন্দেসহ ১৬ গৰাকী বিধায়কক বিধানসভাৰ পৰা নিলম্বন বিচাৰি দাখিল কৰা জৰুৰী শুনানিৰ আবেদন খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে।

জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে আবেদনকাৰীৰ হৈ ন্যায়াধীশ সূৰ্য কান্ত আৰু জে বি পাৰ্ডিৱালাক লৈ গঠিত বিচাৰপীঠৰ সন্মুখত মুখ্যমন্ত্ৰী সিন্দেসহ ১৬ জন বিধায়কৰ বিৰুদ্ধে অযোগ্য ঘোষণাৰ বাবে দাখিল আবেদনৰ জৰুৰী শুনানিৰ প্ৰয়োজন বুলি যুক্তি দৰ্শাইছিল।

কিন্তু বিচাৰপীঠে জৰুৰী শুনানিৰ আবেদন খাৰিজ কৰে আৰু ১১ জুলাইতহে নতুন আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰে। উল্লেখ্য যে সুনীল প্ৰভুৱে দাখিল কৰা আবেদনখনত সংবিধানৰ দশম অনুসূচী যাতে ব্যৰ্থ নহয় তাৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছিল।

আবেদনখনত লগতে একনাথ সিন্দেৰ মুখ্যমন্ত্ৰীত্ব আৰু দেৱেন্দ্ৰ ফাড়নবিছৰ উপ মুখ্যমন্ত্ৰীৰ দ্বায়িত্ব গ্ৰহণে বিসম্বাদী বিধায়ক সকলে পূৰ্বৰ মহা বিকাশ আঘাৰী চৰকাৰক উফৰাবলৈ বিজেপিৰ সৈতে হাত মিলোৱাটো স্পষ্টকৈ প্ৰমাণ কৰিছে বুলি আঙুলিয়াই দিয়া হৈছিল। বিসম্বাদী বিধায়কসকলে দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ স্পষ্ট প্ৰমাণৰ আধাৰত তেওঁলোকক বিধানসভাৰ পৰা অযোগ্য ঘোষণা কৰিব লাগে বুলিও আবেদনখনত উল্লেখ কৰা হৈছিল।

কিন্তু উচ্চতম ন্যায়ালয়ে এই আবেদন অগ্ৰাহ্য কৰাৰ পিছত ঠাকৰে শিবিৰ পুনৰ এবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত নিৰাশ হ’বলগীয়া হয়। ইয়াৰ পূৰ্বেও বিধানসভাত আস্থাভোট স্থগিত ৰখাৰ বাবে উদ্ধৱ ঠাকৰে শিবিৰে দাখিল কৰা আবেদনো উচ্চতম ন্যায়ালয়ত খাৰিজ হৈছিল। উচ্চতম ন্যায়ালয়ত এই আবেদন খাৰিজ হোৱাৰ পিছতে উদ্ধৱ ঠাকৰেই মুখ্যমন্ত্ৰীৰ লগতে বিধায়ক পদৰ পৰাও পদত্যাগ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত