ডিজিটেল ডেস্ক: দেশত গণতন্ত্ৰ উৎখাত কৰি এতিয়া চলিছে একনায়কত্ববাদী শাসন। প্ৰতিদিনে দেশত হত্যা কৰা হৈছে গণতন্ত্ৰক। যোৱা ৭০ টা বছৰৰ কষ্টোপাৰ্জিত গণতন্ত্ৰক ধ্বংস কৰা হৈছে বিগত আঠটা বৰ্ষত। - শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ আনিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। আজি কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে কংগ্ৰেছ নেতাগৰাকী। বিজেপি চৰকাৰখনক তীক্ষ্ণ বাক্যশেলেৰে আক্ৰমণ কৰি ৰাহুল গান্ধীয়ে লগতে দেশৰ প্ৰতিটো উচ্চস্তৰীয় প্ৰতিষ্ঠানতে বিজেপিৰ আদৰ্শৰ আধাৰ আৰ এছ এছৰ কৰ্মী সোমাই থকাৰো অভিযোগ তুলিছে।
কেন্দ্ৰক ক্ষুৰধাৰ সমালোচনা কৰি গান্ধীয়ে কয় যে বিগত সময়চোৱাত বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ অহা বিৰোধী নেতাসকলৰ বিৰুদ্ধে মোডী চৰকাৰে যি দৰে প্ৰতিটো স্বতন্ত্ৰ কেন্দ্ৰীয় সংস্থাক ব্যৱহাৰ কৰি আহিছে, তাৰ দ্বাৰা ভাৰতবৰ্ষই এতিয়া একনায়কত্বৰ আৰম্ভণি লক্ষ্য কৰিছে। গান্ধীৰ অভিযোগ অনুসৰি এতিয়া চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে মত প্ৰকাশ কৰা প্ৰতিগৰাকী লোকক ষড়যন্ত্ৰমূলক ভাৱে আক্ৰমণ কৰা হৈছে, নিক্ষেপ কৰা হৈছে কাৰাগাৰলৈ। লগতে জনসাধাৰণৰ দৈনন্দিন সমস্যাৰ বিষয়ে উত্থাপন কৰাৰ ক্ষেত্ৰত প্ৰতিগৰাকী লোকৰ কণ্ঠক হেঁচি ৰখাৰ অভিযোগ তুলিছে কংগ্ৰেছ নেতাগৰাকীয়ে।
সংবাদ মেলত গান্ধীয়ে কয়, “"আমি যোৱা সাতটা দশকত তৰপে তৰপে দেশৰ যি পৰিকাঠামো সৃষ্টি কৰিছে, সেয়া মাত্ৰ পাঁচ বছৰত ধ্বংস কৰা হৈছে। আজি আমি ভাৰতীয় গণতন্ত্ৰই ক্ৰমশ: মৃত্যুৰ দিশত গতি কৰা দেখিছো। দেশৰ জনসাধাৰণৰ সমস্যাক অৱহেলা কৰাই এই চৰকাৰৰ একমাত্ৰ কাৰ্যসূচী।"
গান্ধীয়ে লগতে সম্প্ৰতি দেশত গণতন্ত্ৰক উৎখাত কৰি চাৰিজন লোকে একনায়কত্ববাদী শাসন চলাইছে বুলি অভিযোগ কৰে। “দেশৰ জনসাধাৰণে এতিয়া স্বৈৰতন্ত্ৰী শাসন উপভোগ কৰিছে, প্ৰতিনিয়ত হত্যা কৰা হৈছে গণতন্ত্ৰক। যোৱা ৭০ বছৰত সৃষ্টি হোৱা গণতন্ত্ৰ এই চৰকাৰে ৮ বছৰত ধ্বংস কৰিছে। আমি মুদ্ৰাস্ফীতি আৰু মানুহৰ মাজত সৃষ্টি কৰা বিভাজনৰ বিষয়ে কথা পাতিব বিচাৰো। কিন্তু আমাক সংসদ ভৱনত কথা ক'বলৈ অনুমতি দিয়া নহয়। যিয়ে চৰকাৰৰ বিৰোধিতা কৰে, তেওঁকেই গ্ৰেপ্তাৰ কৰা হৈছে। এয়াই আজি ভাৰতবৰ্ষৰ অৱস্থা।”— গান্ধীয়ে কয়।
কংগ্ৰেছ নেতাগৰাকীয়ে লগতে দেশৰ প্ৰতিটো প্ৰতিষ্ঠানত আৰ এছ এছ কৰ্মীক মোতায়েন কৰা হৈছে বুলিও বিস্ফোৰক দাবী তুলিছে। দেশৰ সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি নিৰ্বাচনী ব্যৱস্থলৈকে দেশৰ প্ৰতিটো প্ৰতিষ্ঠানকে আৰ এছ এছৰ কৰ্মীয়ে নিয়ন্ত্ৰণ কৰি আছে বুলি গান্ধীয়ে দাবী কৰে। তেওঁ কয় যে দেশত কংগ্ৰেছৰ চৰকাৰ থকাৰ সময়ত প্ৰতিটো প্ৰতিষ্ঠানৰ আন্তঃগাঁথনি নিৰপেক্ষ আছিল। সেইসময়ত চৰকাৰে এই স্বতন্ত্ৰ সংস্থাসমূহত কোনো হস্তক্ষেপ কৰা নাছিল বুলি মন্তব্য কৰি তেওঁ বৰ্তমানৰ চৰকাৰে প্ৰতিবাদী কণ্ঠসমূহক দমন কৰাৰ বাবে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাসমূহক ব্যৱহাৰ কৰিছে বুলি অভিযোগ কৰে।
গান্ধীয়ে কয়, “মই যিমানে সঁচা কথা কওঁ, সিমানেই মোৰ ওপৰত আক্ৰমণ কৰা হয়। মই জনসাধাৰণৰ সন্মুখত প্ৰতিটো সত্য উপস্থাপন কৰি আহিছো, মূল্যবৃদ্ধি, নিবনুৱা সমস্যাৰ দৰে বিষয় উত্থাপন কৰিবলৈ চেষ্টা কৰিছো। কিন্তু চৰকাৰে এনে কামলৈ ভয় কৰে আৰু সেয়ে আমাক ভাবুকি দিয়ে। তেওঁলোকে নিবনুৱাক ভয় কৰে, মানুহৰ ঐক্য শক্তিক ভয় কৰে। কিয়নো তেওঁলোক দিনটোৰ ২৪ টা ঘণ্টাই মাথ্যাৰ আধাৰত তিষ্ঠি থাকে।”
উল্লেখ্য যে আজি কংগ্ৰেছ দলে সমগ্ৰ দেশতে নিবনুৱা, মূল্যবৃদ্ধি আৰু জিএছটিৰ প্ৰসঙ্গ উত্থাপন কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। দলৰ শীৰ্ষ নেতৃত্বই ‘প্ৰধানমন্ত্ৰী ভৱন ঘেৰাও’ কাৰ্যসূচী গ্ৰহণ কৰাৰ বিপৰীতে লোকসভা তথা ৰাজ্যসভাৰ সাংসদ সকলে ৰাষ্ট্ৰপতি ভৱনলৈ যাত্ৰা কৰাৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। আনহাতে কংগ্ৰেছৰ ৰাজ্যিক গোটসমূহে সমগ্ৰ দেশতে ৰাজপথত প্ৰতিবাদত নামি পৰিছে।