--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃযিটো সময়ত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে ১৫ আগষ্টৰ স্বধীনতা দিৱস উপলক্ষ্যে হৰ ঘৰ ত্ৰিৰংগা ধ্বনিৰে দেশৰ প্ৰতিটো পৰিয়ালকে ত্ৰিৰংগা উৰুৱাবলৈ আহ্বান জনাইছে, যিটো সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়াত সকলোকে নিজৰ প্ৰ’ফাইল ফটো হিচাবে ত্ৰিৰংগা লগাবলৈ আহ্বান জনাইছে, যিটো সময়ত অসমকে ধৰি দেশৰ কেইবা খনো ৰাজ্যত চৰকাৰী উদ্যোগত ত্ৰিৰংগা পতাকা বিতৰণৰ দিহা কৰা হৈছে সেই সময়তে পিছতে বিজেপিৰ জন্মৰ কঠীয়াতলী আৰ এছ এছৰ ছ’চিয়েল মিডিয়াৰ পেজত সংগঠনটোৱে ত্ৰিৰংগা পতাকা লগোৱা নাই৷ কেৱল সেয়াই নহয়, সংগঠনটোৱে ইয়াৰ ছ’চিয়েল মিডিয়াৰ পেজত  ত্ৰিৰংগা লগোৱাৰ কোনো সম্ভাৱনাও নাই৷ 

উল্লেখ্য বিগত ৫২ টা বছৰ ধৰি আৰ এছ এছে সংগঠনটোৰ মুখ্য কাৰ্যালয়ত ত্ৰিৰংগা পতাকা উৰুওৱা নাছিল৷ ২০০২ চনতহে ৫২ বছৰৰ পিছত সংগঠনটোৰ মুখ্য কাৰ্যালয়ত জাতীয় পতাকা উৰিছিল৷ দেশৰ সকলোকে জাতীয় পতাকা উৰুৱাবলৈ আহ্বান জনোৱা বিজেপিৰ আত্মা স্বৰূপ আৰ এছ এছে এইবাৰো কিয় নিজৰ ছ’চিয়েল মিডিয়াৰ পেজত জাতীয় পতাকা লগোৱা নাই তাকে লৈ বিভিন্ন জনৰ মাজত সমালোচনাৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে৷ 

 ইয়াৰ মাজতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই  ইয়াৰ ছ'চিয়েল মিডিয়া একাউণ্টত ত্ৰিৰংগাখনৰ ছবি নলগোৱাৰ সমালোচনাৰ উত্তৰ দিছে। সংগনটোৰ সৰ্বভাৰতীয় প্ৰচাৰ প্ৰমুখ সুনীল আম্বেদকাৰে কয়, "এনে ধৰণৰ বিষয়ৰ ৰাজনীতিকৰণ কৰা উচিত নহয়। আৰ এছ এছে ইতিমধ্যে 'হৰ ঘৰ তিৰঙ্গা' আৰু 'আজাদী কা অমৃত মহোৎসৱ' কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়াইছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আবেদন স্বত্বেও আৰ এছ এছৰ ৱেবছাইট আৰু ছ'চিয়েল মিডিয়া একাউণ্টত ত্ৰিৰংগাৰ ছবি নলগোৱাৰ বাবে ছ'চিয়েল মিডিয়াত সমালোচনা হোৱাত আম্বেদকাৰে কয়  যে এনে ধৰণৰ ঘটনা আৰু কাৰ্যসূচী ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিব লাগে।  তেওঁ কয়, "এই ক্ষেত্ৰত ৰাজনীতি কৰা উচিত নহয়। আম্বেদকাৰে কাৰো নাম নোলোৱাকৈ অভিযোগ কৰে যে এনে প্ৰশ্ন উত্থাপন কৰা দলটো দেশ বিভাজনৰ বাবে দায়বদ্ধ।

ছ'চিয়েল মিডিয়াত উত্থাপিত প্ৰশ্নবোৰৰ বিষয়ে  তেওঁ কোনো প্ৰত্যক্ষ উত্তৰ নিদি মাথো  কয়, "এইটো এটা প্ৰক্ৰিয়া। আহক আমি ইয়াক ভালদৰে জুকিয়াই চাওঁ । আমি ইয়াক কেনেদৰে উদযাপন কৰিব লাগে বিবেচনা কৰি আছো। সংঘই ইতিমধ্যে নিজৰ স্থিতি পৰিষ্কাৰ কৰিছে আৰু অমৃত মহোৎসৱৰ সন্দৰ্ভত কেন্দ্ৰই আৰম্ভ কৰা সকলো কাৰ্যসূচী সমৰ্থন কৰিছে। ''
 
এটা সূত্ৰই প্ৰকাশ  কৰিছে যে  ব্যক্তিগত নাগৰিকসকলক ২০০২ চনলৈকে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল ৷ পিছত কেন্দ্ৰীয় চৰকাৰে সংশোধিত পতাকা কোড  ঘোষণা কৰাৰ পিছতহে সাধাৰণ লোকে জাতীয়  পতাকা উৰুৱাব পাৰিছিল৷ সেইবাবেই হয়তো আৰ এছ এছেও সংগঠনটোৰ মুখ্য কাৰ্যালয়ত ৫২ বছৰে জাতীয় পতাকা উৰুওৱা নাছিল৷ কিন্তু এইবাৰ কিয় সংগঠনটোৰ ছ’চিয়েল মিডিয়া পেজ আৰু ৱেবচাইটত জাতীয় পতাকা লগোৱা নাই সেই বিষয়ত  কাৰণ দৰ্শোৱাৰ পৰা বিৰত আছে সংগঠনটো৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ