--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃযিটো সময়ত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে ১৫ আগষ্টৰ স্বধীনতা দিৱস উপলক্ষ্যে হৰ ঘৰ ত্ৰিৰংগা ধ্বনিৰে দেশৰ প্ৰতিটো পৰিয়ালকে ত্ৰিৰংগা উৰুৱাবলৈ আহ্বান জনাইছে, যিটো সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়াত সকলোকে নিজৰ প্ৰ’ফাইল ফটো হিচাবে ত্ৰিৰংগা লগাবলৈ আহ্বান জনাইছে, যিটো সময়ত অসমকে ধৰি দেশৰ কেইবা খনো ৰাজ্যত চৰকাৰী উদ্যোগত ত্ৰিৰংগা পতাকা বিতৰণৰ দিহা কৰা হৈছে সেই সময়তে পিছতে বিজেপিৰ জন্মৰ কঠীয়াতলী আৰ এছ এছৰ ছ’চিয়েল মিডিয়াৰ পেজত সংগঠনটোৱে ত্ৰিৰংগা পতাকা লগোৱা নাই৷ কেৱল সেয়াই নহয়, সংগঠনটোৱে ইয়াৰ ছ’চিয়েল মিডিয়াৰ পেজত  ত্ৰিৰংগা লগোৱাৰ কোনো সম্ভাৱনাও নাই৷ 

উল্লেখ্য বিগত ৫২ টা বছৰ ধৰি আৰ এছ এছে সংগঠনটোৰ মুখ্য কাৰ্যালয়ত ত্ৰিৰংগা পতাকা উৰুওৱা নাছিল৷ ২০০২ চনতহে ৫২ বছৰৰ পিছত সংগঠনটোৰ মুখ্য কাৰ্যালয়ত জাতীয় পতাকা উৰিছিল৷ দেশৰ সকলোকে জাতীয় পতাকা উৰুৱাবলৈ আহ্বান জনোৱা বিজেপিৰ আত্মা স্বৰূপ আৰ এছ এছে এইবাৰো কিয় নিজৰ ছ’চিয়েল মিডিয়াৰ পেজত জাতীয় পতাকা লগোৱা নাই তাকে লৈ বিভিন্ন জনৰ মাজত সমালোচনাৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে৷ 

 ইয়াৰ মাজতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই  ইয়াৰ ছ'চিয়েল মিডিয়া একাউণ্টত ত্ৰিৰংগাখনৰ ছবি নলগোৱাৰ সমালোচনাৰ উত্তৰ দিছে। সংগনটোৰ সৰ্বভাৰতীয় প্ৰচাৰ প্ৰমুখ সুনীল আম্বেদকাৰে কয়, "এনে ধৰণৰ বিষয়ৰ ৰাজনীতিকৰণ কৰা উচিত নহয়। আৰ এছ এছে ইতিমধ্যে 'হৰ ঘৰ তিৰঙ্গা' আৰু 'আজাদী কা অমৃত মহোৎসৱ' কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়াইছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আবেদন স্বত্বেও আৰ এছ এছৰ ৱেবছাইট আৰু ছ'চিয়েল মিডিয়া একাউণ্টত ত্ৰিৰংগাৰ ছবি নলগোৱাৰ বাবে ছ'চিয়েল মিডিয়াত সমালোচনা হোৱাত আম্বেদকাৰে কয়  যে এনে ধৰণৰ ঘটনা আৰু কাৰ্যসূচী ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিব লাগে।  তেওঁ কয়, "এই ক্ষেত্ৰত ৰাজনীতি কৰা উচিত নহয়। আম্বেদকাৰে কাৰো নাম নোলোৱাকৈ অভিযোগ কৰে যে এনে প্ৰশ্ন উত্থাপন কৰা দলটো দেশ বিভাজনৰ বাবে দায়বদ্ধ।

ছ'চিয়েল মিডিয়াত উত্থাপিত প্ৰশ্নবোৰৰ বিষয়ে  তেওঁ কোনো প্ৰত্যক্ষ উত্তৰ নিদি মাথো  কয়, "এইটো এটা প্ৰক্ৰিয়া। আহক আমি ইয়াক ভালদৰে জুকিয়াই চাওঁ । আমি ইয়াক কেনেদৰে উদযাপন কৰিব লাগে বিবেচনা কৰি আছো। সংঘই ইতিমধ্যে নিজৰ স্থিতি পৰিষ্কাৰ কৰিছে আৰু অমৃত মহোৎসৱৰ সন্দৰ্ভত কেন্দ্ৰই আৰম্ভ কৰা সকলো কাৰ্যসূচী সমৰ্থন কৰিছে। ''
 
এটা সূত্ৰই প্ৰকাশ  কৰিছে যে  ব্যক্তিগত নাগৰিকসকলক ২০০২ চনলৈকে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল ৷ পিছত কেন্দ্ৰীয় চৰকাৰে সংশোধিত পতাকা কোড  ঘোষণা কৰাৰ পিছতহে সাধাৰণ লোকে জাতীয়  পতাকা উৰুৱাব পাৰিছিল৷ সেইবাবেই হয়তো আৰ এছ এছেও সংগঠনটোৰ মুখ্য কাৰ্যালয়ত ৫২ বছৰে জাতীয় পতাকা উৰুওৱা নাছিল৷ কিন্তু এইবাৰ কিয় সংগঠনটোৰ ছ’চিয়েল মিডিয়া পেজ আৰু ৱেবচাইটত জাতীয় পতাকা লগোৱা নাই সেই বিষয়ত  কাৰণ দৰ্শোৱাৰ পৰা বিৰত আছে সংগঠনটো৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ