--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাগৰাজ যেন খঙাল হৈ পৰিছে৷ সেয়ে একেটা দিনতে একেটা পৰিয়ালৰে কেইবাজনকো দংশন কৰিলে সাপে৷ সাপৰ কামোৰত মৃত্যু ঘটিছিল এজন যুৱকৰ৷ যুৱক জনৰ শেষকৃত্য অনুষ্ঠানত ভাগ ল’বলৈ আহি সাপোৰ কামোৰতে মৃত্যুক সাৱটিলে যুৱক জনৰ ভাতৃয়ে৷ কেৱল সেয়াই নহয়, মৃত যুৱক জনৰ শেষকৃত্য অনুষ্ঠানলৈ আহি সৰ্প দংশনৰ চিকাৰ হ’বলগীয়া হ’ল আন এজন লোকো৷ শেষকৃত্যত ভাগ ল’বলৈ অহা আন এজন লোককো সাপে দংশন কৰিবলৈ খেদি ফুৰিছিল বুলি জানিব পৰা গৈছে৷

ঘটনাটো ঘটিছে উত্তৰ প্ৰদেশত । উত্তৰ প্ৰদেশৰ ভাবানীপুৰৰ বাসিন্দা ৩৮ বছৰীয়া অৰবিন্দ মিশ্ৰৰ সাপৰ কামোৰত মৃত্যু হয়। ককায়েকৰ মৃত্যৰ বাতৰি পোৱাৰ পিছত,ভাতৃ গোবিন্দ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিবলৈ আহিছিল। অন্ত্যেষ্টিক্ৰিয়াৰ পিছত ৰাতি শুই থাকোঁতে  সাপে ভাতৃ গোবিন্দকো  দংশন কৰে। 

তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁৰ  প্ৰাণ ৰক্ষা কৰিব পৰা নগ'ল। বাটতে তেওঁৰ মৃত্যুও ঘটে। সৰ্প দংশনৰ কাহিনীৰ  ইয়াতে শেষ ন’হল। একেটা পৰিয়ালৰ আত্মীয় চন্দ্ৰশেখৰ পাণ্ডেও অন্তিম সংস্কাৰত উপস্থিত থাকিবলৈ আহিছিল। তেওঁকো সাপে দংশন কৰিলে।

বৰ্তমান তেওঁ  চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে । চিকিৎসকৰ মতে তেওঁৰ শাৰীৰিক অৱস্থাও উদ্বেগজনক । আন এজন লোক কথমপি সৰ্প দংশনৰ পৰা ৰক্ষা পৰে৷এনে ঘটনাই পৰিয়ালটোৰ লগতে সমগ্ৰ গাঁঁও খনতে  শোকৰ ছাঁ পেলাইছে৷

জানিব পৰা মতে  গোবিন্দ আৰু চন্দ্ৰশেখৰে  লুধিয়ানাৰ পৰা গাওঁখনলৈ যুৱক জনৰ শেষকৃত্যত ভাগ ল’বলৈ আহিছিল। স্বাভাৱিকতে, এনে ঘটনাৰ পিছত, অঞ্চলটোত এক আতংকময় পৰিবেশৰ  সৃষ্টি হৈছে। গাওঁবাসীয়ে সাপৰ ভয়ত কম্পিত হৈ পৰিছে৷  স্থানীয় বিধায়ক কৈলাসনাথ শুক্লাই মৃতকৰ পৰিয়ালক লগ কৰি  সহানুভূতি প্ৰকাশ কৰিছে আৰু সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছিল।

 ইফালে, জ্যেষ্ঠ চিকিৎসা আৰু প্ৰশাসনিক কৰ্মচাৰীসকলেও গাওঁখন পৰিদৰ্শন কৰিছে। প্ৰশাসনে  অঞ্চলটোত সাপৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰাৰ বাবে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ উল্লেখ্য সাপোৰ কামোৰত মৃত্যু ঘটা লোকৰ ক্ষেত্ৰত  ভাৰত হৈছে বিশ্বৰ প্ৰথম স্থানত থকা দেশ৷  

বিশ্বজুৰি সাপৰ কামোৰত মৃত্যু হোৱা লোকসকলৰ আধা সংখ্যকেই ভাৰতীয়। সৰ্প দংশনৰ ঘটনাৰ ক্ষেত্ৰত উৰিষ্যা আৰু অন্ধ্ৰ প্ৰদেশ তালিকাৰ শীৰ্ষত আছে। অৱশ্যে আন ৰাজ্যতো সাপৰ কামোৰত বহু লোকৰ মৃত্যু ঘটি আহিছে৷। ২০১৯ চনৰ পৰা ২০২০ চনলৈ পোৱা তথ্যই দেখুৱাইছে যে এই দুটা দশকত ভাৰতত সৰ্প দংশনত ১.২ নিযুত লোকে প্ৰাণ হেৰুৱাইছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ