--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতীয় সংস্কৃতিত কৰ্পূৰৰ নিজস্ব বিশেষ গুৰুত্ব আছে। দৈনন্দিন জীৱনশৈলীৰ পৰা পূজা-পাৰ্বনলৈকে কৰ্পূৰ ব্যৱহাৰ কৰা হয়। কৰ্পূৰ অবিহনে পূজা আধৰুৱা বুলি গণ্য কৰা হয়। কিন্তু আপুনি জানেনে কৰ্পূৰ স্বাস্থ্যৰ বাবেও অতি উপকাৰী। জানিব পৰা অনুসৰি কৰ্পূৰত এন্টিঅক্সিডেন্টৰ পৰিমাণ অতি বেছি। যি বহু ৰোগত উপকাৰী। ছালৰ লগত জড়িত ৰোগবোৰ গৰমৰ দিনত বেছি হোৱা দেখা যায়। সেয়েহে আজি আমি ইয়াৰ পৰা পৰিত্ৰাণৰ এই ঘৰুৱা টিপছসমূহ জানো আহক।

১. যিকোনো ঠাইত আঘাত পালে বা কাটিলে কৰ্পূৰ ব্যৱহাৰ কৰিব পাৰে। কৰ্পূৰে যিকোনো গভীৰ ঘা সোনকালে আৰোগ্য কৰাত সহায় কৰে। পানীৰ লগত কৰ্পূৰ মিহলাই লগালে তৎক্ষণাত সকাহ পোৱা যায় আৰু ঘাঁৰ বিষ তৎক্ষণাত ভাল হয় কাৰণ কৰ্পূৰ এবিধ এন্টিবায়টিক পদাৰ্থ।

২. কৰ্পূৰে হাওঁফাওঁৰ প্ৰদাহ হ্ৰাস কৰে। ইয়াৰ লগতে কৰ্পূৰ স্নায়ুৰ বাবে অতি উত্তম। ইয়াৰ উপৰি ই ৰক্ত সঞ্চালন উন্নত কৰাৰ লগতে কাহ কমোৱাত সহায় কৰে। যাৰ কাৰণে শ্বাস-প্ৰশ্বাসজনিত ৰোগ কমি যায়।

৩. গ্ৰীষ্মকালত হোৱা খজুৱতি আৰু পোক-পৰুৱাৰ দ্বাৰা হোৱা সংক্ৰমণৰ পৰা সকাহ দিয়ে। প্ৰথমে কৰ্পূৰ নাৰিকল তেলত ভালদৰে মিহলাই লৈ খজুৱতি হোৱা ঠাইত ভালদৰে লগালে খজুৱতি সম্পূৰ্ণৰূপে নাইকিয়া হৈ পৰে।

৪. ছালৰ লগত জড়িত বহু ধৰণৰ ৰোগ কৰ্পূৰ দ্বাৰা চিকিৎসা কৰিব পাৰি। খজুৱতি আৰু জ্বলা-পোৰা, ব্ৰণ, পোৰা, একজিমা, নখৰ ভেঁকুৰ, গোৰোহা ফাটি যোৱা ৰোগত ই ফলপ্ৰসূ আৰু বিষৰ পৰা উপশম দিয়ে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ