--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ছেলফীৰ লোভে প্ৰাণ কাঢ়িলে এটি কিশোৰৰ। ৰখাই থোৱা এখন ৰে’লৰ ওপৰত উঠি ছেলফী লোৱাৰ চেষ্টা কৰিছিল এটি ১৬ বছৰীয়া কিশোৰে। তাৰ পাছত তেওঁ এক ভয়ংকৰ পৰিণতিৰ সন্মুখীন হ’বলগীয়া হ’ল। ছেলফী এতিয়া যুৱ প্ৰজন্মৰ জীৱন যাত্ৰাৰ এক এৰাব নোৱৰা আহিলাত পৰিণত হৈছে। বিভিন্ন ঠাইত, বিভিন্ন ভংগিত ছেলফী লোৱাটো হৈ পৰিছে সকলোৰে নিচা। কিন্তু তাকে কৰিবলৈ যাওঁতে কেনে ভয়ংকৰ পৰিণতি হ’ব পাৰে তাৰ এক নিদাৰুণ নিদৰ্শন দেখিবলৈ পোৱা যায়।

বিপদজনকভাৱে ছেলফী লোৱাৰ চেষ্টা কৰি প্ৰাণ হেৰুৱালে এটি ১৬ বছৰীয়া কিশোৰে। ষ্টেচনত ৰখাই থোৱা এখন ৰেলৰ ইঞ্জিনৰ ওপৰত উঠি ছেলফী লোৱাৰ চেষ্টা কৰিছিল কিশোৰজনে। সেই সময়তে তেওঁ উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহে আৰু বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰে। ঘটনাটো মধ্য প্ৰদেশৰ চাতাপুৰ ৰেল ষ্টেচনত সংঘটিত হোৱা বুলি সদৰি কৰিছে ৰেল বিভাগৰ এগৰাকী বিষয়াই। কালি এই শোকাৱহ ঘটনা সংঘটিত হয়।

চাতাপুৰ ৰে'ল ষ্টেচনৰ ষ্টেচন মাষ্টাৰ শুভংক পেটেলে ঘটনাটোৰ বিষয়ে প্ৰকাশ কৰে। মৃত কিশোৰজন ছুহাইল মনচুৰী বুলি চিনাক্ত কৰা হৈছে। কিশোৰজনৰ বন্ধু আশ্ৰাফে সদৰি কৰা মতে ছুহাইলে পুৱা ৰেল ষ্টেচনলৈ গৈছিল আৰু মোবাইল ফোন হাতত লৈ ছেলফি লোৱাৰ বাবে এটা ৰখাই থোৱা ৰেল ইঞ্জিনত উঠিছিল। সেই সময়তে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁও জিলাত বানৰ পানী হ্ৰাস, স্বাভাৱিক হৈছে জনজীৱন
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ