--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাশ্মীৰত দুষ্কৃতিকাৰীৰ অত্যাচাৰৰ বাবে বহুতো কাশ্মীৰী পণ্ডিতে ঘৰ এৰিব লগা হৈছিল। তেওঁলোক জম্মু আৰু দিল্লীকে ধৰি দেশৰ কেইবাখনো চহৰলৈ ঢাপলি মেলিছিল। নিজৰ সপোনৰ ঘৰখনৰ মোহ এৰি নিজ দেশতেই ভগৰীয়া হৈছিল কাশ্মীৰী পণ্ডিতসকল৷ কাশ্মীৰী পণ্ডিতক নাম দিয়া হৈচইল শৰণাৰ্থী ৰূপত৷ দুখ-কষ্টৰে বহুতেই মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছিল৷ এয়া ১৯৮৯ চনৰ কথা৷ যাৰ ফলত তেওঁলোকৰ বেছিভাগেই ঘৰখনলৈ ঘূৰি আহিব নোৱাৰিলে। অৱশ্যে এই সন্দৰ্ভত চৰকাৰে এক অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰা দেখা যায়৷ বুধবাৰে চৰকাৰৰ প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি, তেওঁলোকে কাশ্মীৰী শৰণাৰ্থীসকলৰ সম্পত্তি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। সেই কাম চৰকাৰে ইতিমধ্যেই আৰম্ভ কৰিছে।

শেহতীয়াকৈ বুধবাৰে ৰাজ্যসভাত কেন্দ্ৰীয় গৃহ-ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে এই কথা প্ৰকাশ কৰে। লগতে ৰায়ে কয় যে, কাশ্মীৰৰ ৬১০ জন লোকে তেওঁলোকৰ সম্পত্তি ঘূৰাই দিয়াৰ বাবে আৱেদন কৰিছে। তেওঁলোকৰ সম্পত্তি ঘূৰাই দিয়া হৈছিল। জিলা দণ্ডাধীশসকল শৰণাৰ্থীসকলৰ সম্পত্তিৰ ৰক্ষক। ইপিনে ভুক্তভোগী কাশ্মীৰী পণ্ডিতৰ অভিযোগ শুনিবলৈ এটা প’ৰ্টেলো খোলা হৈছে। যদি অভিযোগবোৰ সঁচা হয়, অভিযোগকাৰীসকলে সম্পত্তিও ঘূৰাই পাব বুলি আশ্বাস দিয়ে চৰকাৰে৷ 

গৃহ-ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয় যে, জম্মু-কাশ্মীৰত ৫১,০০০ কোটি টকাৰ বিনিয়োগ কৰা হৈছে। ই ৪০০,০০০ লোকক নিযুক্তি দিব। ইতিমধ্যে জম্মু আৰু কাশ্মীৰত ১৩টা নতুন পথ নিৰ্মাণ কৰা হৈছে। এইটোৱে যোগাযোগ ব্যৱস্থাক দ্ৰুত কৰি তুলিছে। ২০১৯ চনৰ পূৰ্বে, জম্মু আৰু কাশ্মীৰত, য’ত প্ৰতিদিনে গড়ে ৬.৫৪ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছিল, প্ৰতিদিনে ২০.৬৮ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ