--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাশ্মীৰত দুষ্কৃতিকাৰীৰ অত্যাচাৰৰ বাবে বহুতো কাশ্মীৰী পণ্ডিতে ঘৰ এৰিব লগা হৈছিল। তেওঁলোক জম্মু আৰু দিল্লীকে ধৰি দেশৰ কেইবাখনো চহৰলৈ ঢাপলি মেলিছিল। নিজৰ সপোনৰ ঘৰখনৰ মোহ এৰি নিজ দেশতেই ভগৰীয়া হৈছিল কাশ্মীৰী পণ্ডিতসকল৷ কাশ্মীৰী পণ্ডিতক নাম দিয়া হৈচইল শৰণাৰ্থী ৰূপত৷ দুখ-কষ্টৰে বহুতেই মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছিল৷ এয়া ১৯৮৯ চনৰ কথা৷ যাৰ ফলত তেওঁলোকৰ বেছিভাগেই ঘৰখনলৈ ঘূৰি আহিব নোৱাৰিলে। অৱশ্যে এই সন্দৰ্ভত চৰকাৰে এক অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰা দেখা যায়৷ বুধবাৰে চৰকাৰৰ প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি, তেওঁলোকে কাশ্মীৰী শৰণাৰ্থীসকলৰ সম্পত্তি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। সেই কাম চৰকাৰে ইতিমধ্যেই আৰম্ভ কৰিছে।

শেহতীয়াকৈ বুধবাৰে ৰাজ্যসভাত কেন্দ্ৰীয় গৃহ-ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে এই কথা প্ৰকাশ কৰে। লগতে ৰায়ে কয় যে, কাশ্মীৰৰ ৬১০ জন লোকে তেওঁলোকৰ সম্পত্তি ঘূৰাই দিয়াৰ বাবে আৱেদন কৰিছে। তেওঁলোকৰ সম্পত্তি ঘূৰাই দিয়া হৈছিল। জিলা দণ্ডাধীশসকল শৰণাৰ্থীসকলৰ সম্পত্তিৰ ৰক্ষক। ইপিনে ভুক্তভোগী কাশ্মীৰী পণ্ডিতৰ অভিযোগ শুনিবলৈ এটা প’ৰ্টেলো খোলা হৈছে। যদি অভিযোগবোৰ সঁচা হয়, অভিযোগকাৰীসকলে সম্পত্তিও ঘূৰাই পাব বুলি আশ্বাস দিয়ে চৰকাৰে৷ 

গৃহ-ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয় যে, জম্মু-কাশ্মীৰত ৫১,০০০ কোটি টকাৰ বিনিয়োগ কৰা হৈছে। ই ৪০০,০০০ লোকক নিযুক্তি দিব। ইতিমধ্যে জম্মু আৰু কাশ্মীৰত ১৩টা নতুন পথ নিৰ্মাণ কৰা হৈছে। এইটোৱে যোগাযোগ ব্যৱস্থাক দ্ৰুত কৰি তুলিছে। ২০১৯ চনৰ পূৰ্বে, জম্মু আৰু কাশ্মীৰত, য’ত প্ৰতিদিনে গড়ে ৬.৫৪ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছিল, প্ৰতিদিনে ২০.৬৮ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন