--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ খাকী পোছাকত কালিমা সানিলে একাংশ আৰক্ষীয়ে। দীৰ্ঘ সময়ৰে পৰা অবৈধভাৱে বালি মাফিয়াৰ পৰা সংগ্ৰহ কৰি আহিছিল বিপুল পৰিমাণৰ ধন। ইতিমধ্যে পাটনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুৰ্নীতিগ্ৰস্ত ৪জন জোৱানৰ লগতে এজন চকীদাৰ আৰু এজন গাড়ী চালকক। উল্লেখ্য যে, বহুদিনৰ পৰা পাটনাৰ কাষৰীয়া বিহতাত বালি মাফিয়াৰ পৰা অবৈধভাৱে উৎকোচ লৈ আহিছিল অভিযুক্তকেইজনে। পাটনাৰ এছএছপি মানৱ জিত সিং ধিলনে সংবাদমেলযোগে সদৰী কৰে যে বালি মাফিয়াৰ দ্বাৰা ট্ৰাকসমূহ পাৰ হৈ যোৱাৰ বিনিময়ত ধন সংগ্ৰহ কৰা বিহতা আৰক্ষী থানাৰ ছয়জন আৰক্ষীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি উচিত তদন্তৰ ক্ষেত্ৰত পাটনা এছএছপিয়ে এক গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জনাইছে। জানিব পৰা মতে, চকীদাৰজনে অলপতে তেওঁৰ ক'লা ধনেৰে এখন ১৮ লাখটকীয়া স্কৰপিঅ’ গাড়ী ক্ৰয় কৰাৰ লগতে পঞ্জাৱ নেচনেল বেংকৰ একাউণ্টত জমা কৰিছিল ৯ লাখ ৫০ হাজাৰ টকা। এই সকলোবোৰ উৎকোচৰ লোৱা ধনৰে অংশ বুলি সন্দেহ কৰিছে আৰক্ষী বিষয়াগৰাকীয়ে। পাটনাৰ এছএছপি মানৱজিৎ সিঙে কৈছিল যে অৰ্থনৈতিক অপৰাধ গোটে তদন্ত আৰম্ভ কৰিছে। এছএছপি মানৱজিৎ সিং ধিলনে কৈছিল যে সংশ্লিষ্ট আৰক্ষী থানাক অবৈধভাৱে বালি খননৰ ওপৰত ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া হৈছিল, যাৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰমাণৰ ভিত্তিত, আৰক্ষী থানাৰ সৈতে জড়িত ছয়জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। পাটনাৰ এছএছপি মানৱজিৎ সিঙে সদৰী কৰা তথ্য অনুসৰি ইয়াত মুখ্য ভূমিকা আছিল চকিদাজনৰ। তেওঁৰ বেংক একাউণ্টৰ তথ্য আহৰণ কৰাৰ পাছত তেওঁৰ পঞ্জাব নেচনেল বেংক একাউণ্টত ১০ লাখ টকা জমা কৰা কথা পোহৰলৈ আহিছিল। ইয়াৰ উপৰি গৃহৰক্ষী জোৱান আৰু চালকজনৰ সম্পত্তি তদন্ত অব্যাহত ৰাখিছে বিহাৰ আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ