--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ খাকী পোছাকত কালিমা সানিলে একাংশ আৰক্ষীয়ে। দীৰ্ঘ সময়ৰে পৰা অবৈধভাৱে বালি মাফিয়াৰ পৰা সংগ্ৰহ কৰি আহিছিল বিপুল পৰিমাণৰ ধন। ইতিমধ্যে পাটনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুৰ্নীতিগ্ৰস্ত ৪জন জোৱানৰ লগতে এজন চকীদাৰ আৰু এজন গাড়ী চালকক। উল্লেখ্য যে, বহুদিনৰ পৰা পাটনাৰ কাষৰীয়া বিহতাত বালি মাফিয়াৰ পৰা অবৈধভাৱে উৎকোচ লৈ আহিছিল অভিযুক্তকেইজনে। পাটনাৰ এছএছপি মানৱ জিত সিং ধিলনে সংবাদমেলযোগে সদৰী কৰে যে বালি মাফিয়াৰ দ্বাৰা ট্ৰাকসমূহ পাৰ হৈ যোৱাৰ বিনিময়ত ধন সংগ্ৰহ কৰা বিহতা আৰক্ষী থানাৰ ছয়জন আৰক্ষীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি উচিত তদন্তৰ ক্ষেত্ৰত পাটনা এছএছপিয়ে এক গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জনাইছে। জানিব পৰা মতে, চকীদাৰজনে অলপতে তেওঁৰ ক'লা ধনেৰে এখন ১৮ লাখটকীয়া স্কৰপিঅ’ গাড়ী ক্ৰয় কৰাৰ লগতে পঞ্জাৱ নেচনেল বেংকৰ একাউণ্টত জমা কৰিছিল ৯ লাখ ৫০ হাজাৰ টকা। এই সকলোবোৰ উৎকোচৰ লোৱা ধনৰে অংশ বুলি সন্দেহ কৰিছে আৰক্ষী বিষয়াগৰাকীয়ে। পাটনাৰ এছএছপি মানৱজিৎ সিঙে কৈছিল যে অৰ্থনৈতিক অপৰাধ গোটে তদন্ত আৰম্ভ কৰিছে। এছএছপি মানৱজিৎ সিং ধিলনে কৈছিল যে সংশ্লিষ্ট আৰক্ষী থানাক অবৈধভাৱে বালি খননৰ ওপৰত ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া হৈছিল, যাৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰমাণৰ ভিত্তিত, আৰক্ষী থানাৰ সৈতে জড়িত ছয়জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। পাটনাৰ এছএছপি মানৱজিৎ সিঙে সদৰী কৰা তথ্য অনুসৰি ইয়াত মুখ্য ভূমিকা আছিল চকিদাজনৰ। তেওঁৰ বেংক একাউণ্টৰ তথ্য আহৰণ কৰাৰ পাছত তেওঁৰ পঞ্জাব নেচনেল বেংক একাউণ্টত ১০ লাখ টকা জমা কৰা কথা পোহৰলৈ আহিছিল। ইয়াৰ উপৰি গৃহৰক্ষী জোৱান আৰু চালকজনৰ সম্পত্তি তদন্ত অব্যাহত ৰাখিছে বিহাৰ আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ