--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ৰন্ধন গেছৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে কাহিল কৰিছে দেশৰ সাধাৰণ জনতাৰ অৱস্থা৷ এনে সময়তে দেশৰ কিছুসংখ্যক এলপিজি চিলিণ্ডাৰৰ গ্ৰাহকক সকাহ দি চৰকাৰে ঘোষণা কৰিছে এলপিজি চিলিণ্ডাৰৰ ৰাজসাহায্যৰ নতুন নিয়ম৷

আজি কেন্দ্ৰীয় চৰকাৰৰ  তেল বিষয়ক বিভাগৰ  সচিব পংকজ জৈনে কয় যে এলপিজি চিলিণ্ডাৰৰ ৰাজসাহায্য কেৱল সীমিত হিতাধিকাৰীৰ বাবে উপলব্ধ হ’ব আৰু বাকী ব্যৱহাৰকাৰীসকলে বজাৰ মূল্যতে চিলিণ্ডাৰ ক্ৰয় কৰিব লাগিব৷
তেওঁ লগতে কয় যে ২০২০ চনৰ জুন মাহৰ পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ওপৰত চৰকাৰে কোনো ৰাজসাহায্য পৰিশোধ কৰা নাই৷ 

বিত্ত মন্ত্ৰী অৱশ্যে নিৰ্মলা সীতাৰমণে মাৰ্চ মাহত  ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ওপৰত বিশেষ গ্ৰাহকক ৰাজসাহায্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে৷

কোনে পাব এলপিজিৰ ৰাজসাহায্য ?

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত বিনামূলীয়া সংযোগ লাভ কৰা প্ৰায় ন কোটি দৰিদ্ৰ মহিলা আৰু অন্যান্য হিতাধিকাৰীৰ বাবে ৰন্ধন গেছৰ চিলিণ্ডাৰত ৰাজসাহায্য উপলব্ধ হ’ব। কোভিডৰ আৰম্ভনিৰে  পৰা এলপিজি ব্যৱহাৰকাৰীসকলক কোনো ৰাজসাহায্য দিয়া হোৱা নাছিল।

শেহতীয়াকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰত ৰাজসাহায্য প্ৰদানৰ  প্ৰসংগত  বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এক টুইটাৰত এইবুলি কৈছে , "আমি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ ন কোটিৰো অধিক হিতাধিকাৰীক প্ৰতিটো গেছ চিলিণ্ডাৰত ২০০ টকাৰ ৰাজসাহায্য (১২ টা চিলিণ্ডাৰলৈকে) দিম। ই আমাৰ মাতৃ আৰু ভগ্নীসকলক সহায় কৰিব। ইয়াৰ বাবে চৰকাৰৰ বছৰি প্ৰায় ৬,১০০ কোটি টকা খৰচ হ'ব।"

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিখন ২০১৬ চনৰ মে’ মাহত গাঁৱৰ দুখীয়া পৰিয়ালবোৰৰ কল্যাণৰ বাবে  আৰম্ভ কৰা হৈছিল৷এই আঁচনিৰ অধীনত ৯.১৭ কোটিৰো অধিক এলপিজি সংযোগ দিয়া হৈছে। দেশখনত বৰ্তমান প্ৰায় ৩০.৫ কোটি এলপিজি সংযোগ আছে।

অনুসূচীত জাতিৰ পৰিয়াল, অনুসূচীত জনজাতিৰ পৰিয়াল, প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ), আটাইতকৈ পিছপৰা শ্ৰেণী, অন্ত্যোদয় অন্ন যোজনা (এ.এ.ৱাই.), চাহ আৰু প্ৰাক্তন চাহ বাগিচাৰ জনজাতি, বনবাসী, দ্বীপ আৰু নদী দ্বীপত বাস কৰা লোক আদিক আঁচনিখনৰ অধীনত এলপিজি সংযোগ প্ৰদান কৰা হৈছে৷

উল্লেখ্য শেহতীয়া ৰাজসাহায্য ঘোষণা কৰাৰ আগতে উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসহ সকলো এলপিজি ব্যৱহাৰকাৰীয়ে ২০২০ চনৰ জুন  মাহত ৰাজসাহায্য বন্ধ কৰাৰ পিছত বজাৰ দৰতে  এলপিজি চিলিণ্ডাৰ ক্ৰয় কৰিছিল।  এতিয়াৰে পৰা  প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ বাবে প্ৰতিটো চিলিণ্ডাৰত ২০০ টকাৰ ৰাজসাহায্য  তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ চৰকাৰে জমা কৰিব৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
৭টা মূল দাবীৰ বাবে চৰকাৰক হেঁচা দিবলৈ ১০ আগষ্টৰ পৰা দেশজুৰি কৃষক আন্দোলন
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ