--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সংঘাত আজিৰ নহয়। দিল্লী চৰকাৰৰ সৈতে কেন্দ্ৰৰ শাসক দলৰ সংঘাত চলি আহিছে দীৰ্ঘদিন ধৰি। দিল্লীৰ উপ-ৰাজ্যপালৰ ক্ষমতা বৃদ্ধিৰ জৰিয়তে কেজৰিৱাল নেতৃত্বৰ আম আদমী পাৰ্টীৰ চৰকাৰৰ ক্ষমতা সীমাবদ্ধ কৰি তোলা চেষ্টাক লৈ তীব্ৰ সংঘাতৰ সূত্ৰপাত ঘটি আহিছে দুয়োখন চৰকাৰৰ মাজত। কিন্তু শেহতীয়াকৈ এই সংঘাত অধিক তীব্ৰতৰ হোৱা দেখিবলৈ পোৱা গৈছে।

কিছুদিন পূৰ্বে পঞ্জাবত ক্ষমতা দখল কৰিছিল আম আদমী পাৰ্টীয়ে।তাৰ পাছতে পঞ্জাব আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ বিজেপি নেতা তজিন্দৰ বাগ্গাক। কিন্তু পঞ্জাব আৰক্ষীৰ সৈতে প্ৰত্যক্ষ সংঘাতত লিপ্ত হৈ বিজেপিশাসিত হাৰিয়ানাৰ আৰক্ষী আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনত দিল্লী আৰক্ষীয়ে বাগ্গাক পঞ্জাব আৰক্ষীৰ হাতৰ পৰা কাঢ়ি লৈ আহিছিল। এয়া আছিল বিজেপি চৰকাৰৰ অধীনৰ আৰক্ষীৰ সৈতে আপ চৰকাৰৰ অধীনৰ আৰক্ষীৰ সংঘাতৰ এক নোহোৱা নোপজা নিদৰ্শন। তাৰ পাছতে এতিয়া এই সংঘাতে অধিক তীব্ৰ ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে। এইবাৰ দিল্লীৰ আপ চৰকাৰৰ নেতা-মন্ত্ৰীৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই আৰম্ভ কৰিছে অভিযান।

ধনৰ অবৈধ লেনদেনৰ গোচৰত ইডিয়ে দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দৰ জৈনক গ্ৰেপ্তাৰ কৰাৰ পাছত কেন্দ্ৰৰ বিৰুদ্ধে সৰব হৈ উঠিছে অৰবিন্দ কেজৰিৱাল। ভুৱা গোচৰত তেওঁৰ চৰকাৰৰ মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰা হৈছে। কেৱল এয়াই নহয়, কেন্দ্ৰীয় চৰকাৰে আন একাধিক আপ নেতা মন্ত্ৰীক গ্ৰেপ্তাৰৰ বাবে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাবোৰক ব্যৱহাৰৰ চেষ্টা চলোৱা বুলি অভিযোগ কৰিছে কেজৰিৱালে। আনকি দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াক গ্ৰেপ্তাৰৰ বাবেও ষড়যন্ত্ৰ ৰচনা হৈ থকাৰ অভিযোগ তেওঁ উত্থাপন কৰে।

বৃহস্পতিবাৰে কেন্দ্ৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰি কেজৰিৱালে মন্তব্য কৰিছিল যে,সত্যেন্দ জৈনৰ পাছত এইবাৰ কেন্দ্ৰীয় সংস্থাই ভুৱা গোচৰত মনীষ ছিছোদিয়াক গ্ৰেপ্তাৰ কৰিব বিচাৰিছে। কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক মনীষ ছিছোদিয়াৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে। আমাৰ এটা সূত্ৰই প্ৰকাশ কৰিছে যে, কেন্দ্ৰই ছিছোদিয়াক গ্ৰেপ্তাৰ কৰিব বিচাৰিছে।কেন্দ্ৰৰ ভূমিকাক লৈ ক্ষুব্ধ হৈ পৰা কেজৰিৱালে আম আদমী পাৰ্টীৰ সকলো নেতাকে গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, ‘মই প্ৰধানমন্ত্ৰী মোদীক আহ্বান জনাইছোঁ যে, আপৰ সকলো নেতা-মন্ত্ৰীক তেওঁ কাৰাৰুদ্ধ কৰক। আৰু সকলো কেন্দ্ৰীয় তদন্তকাৰী সংস্থাকে তেওঁ এই গোচৰ একেলগে চলাবলৈ নিৰ্দেশ দিয়ক। আপোনালোকে যিমান বিচাৰে সিমান তালাচী চলাওক।

দুখন চৰকাৰ মাজৰ এই সংঘাতে দেশৰ গণতান্ত্ৰিক ব্যৱস্থা ফেডাৰেল গাঠনিৰ ওপৰতে প্ৰভাৱ পেলোৱা বুলি বিভিন্নজনে মন্তব্য কৰিছে। কিন্তু কেন্দ্ৰ আৰু দিল্লীৰ আপ চৰকাৰ তথা আপ দলটোৰ সৈতে কেন্দ্ৰৰ সংঘাতৰ মূল কাৰণ কি? এই ক্ষেত্ৰত কেজৰিৱালে উত্থাপন কৰা অভিযোগ তাৎপৰ্যপূৰ্ণ।

 কেজৰিৱালে অভিযোগ কৰিছে যে, একাংশ লোকৰ মতে এয়া সমাগত হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ বাবে কৰা হৈছে। একাংশই দাবী কৰিছে যে, এয়া পঞ্জাব নিৰ্বাচনৰ প্ৰতিশোধকল্পে কৰা হৈছে। কেজৰিৱালৰ এই দাবী অমূলক বুলিব নোৱাৰি। কিয়নো হিমাচলৰ লগতে মোদী-শ্বাহৰ ৰাজ্য গুজৰাটতো আম আদমী পাৰ্টীয়ে খোপনি পোতাৰ চেষ্টা অব্যাহত ৰাখিছে। কংগ্ৰেছ নিষ্ক্ৰিয়তাৰ বিপৰীতে কেজৰিৱাল নেতৃত্বৰ দলটোৱে দুয়োখন ৰাজ্যতে ব্যাপক তৎপৰতা প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে। ইয়াৰ পৰা আঁতৰত ৰাখিবলৈকে কেজৰিৱাল নেতৃত্বৰ দলটোক এনেদৰে অভিযান, গ্ৰেপ্তাৰ আদিৰে ব্যতিব্যস্ত কৰি ৰাখিবলৈ চেষ্টা কৰাটো নুই কৰিব নোৱাৰি। কিয়নো কেন্দ্ৰীয় সংস্থাবোৰক নিজৰ বহতীয়া কৰি কেন্দ্ৰীয় চৰকাৰে এতিয়া ৰাজনৈতিক উদ্দেশ্য সিদ্ধিৰ চেষ্টা কৰি অহাৰ অভিযোগ প্ৰায়েই শুনিবলৈ পোৱা যায়। বিৰোধী দলৰ চৰকাৰ থকা ৰাজ্যবোৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ তৎপৰতা আৰু অবাধ অভিযান এতিয়া স্বাভাৱিকতে সন্দেহৰ বিষয় হৈ পৰিছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ