--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশকে শোকস্তব্ধ কৰি দিলে এটা খবৰে। ভাৰতীয় সেনাৰ ইতিহাসত ৮ ডিচেম্বৰ,২০২১ তাৰিখটো কেতিয়াও নুশুকুৱা এটুকুৰা কেঁচা ঘাঁ হৈ ৰৈ যাব। দেশৰ চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটৰ আকস্মিক মৃত্যু হ’ল হেলিকপ্টাৰ দুৰ্ঘটনাত। দেশৰ প্ৰতিৰক্ষাৰ গধুৰ ভাৰ বহন কৰি থকা বিপিন ৰাৱাটৰ জীৱন কুটিল নিয়তিৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰিলে। চিডিএছ ৰাৱট হঠাতে চিৰদিনলৈ হেৰাই গ’ল এই দুৰ্ঘটনাটোত।

ছুলুৰ বায়ুসেনা ঘাটীৰ পৰা ৱেলিংটনত থকা ডিফেন্স ছাৰ্ভিচেজ কলেজলৈ গৈ থকাৰ বাটতে তামিলনাডুৰ কুন্নুৰৰ নাঞ্জাপাঞ্চাথিৰামত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন। ভাৰতীয় বায়ুসেনাৰ Mi-17V5 হেলিকপ্টাৰখনত পাইলটসহ চৈধ্যজন আৰোহী আছিল।চি ডি এছ ৰাৱাটকে ধৰি তামিলনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ৰাৱটৰ পত্নী মধুলিকা ৰাৱাটকে ধৰি ১৩জনকৈ লোকে মৃত্যুক আঁকোৱালি লয়।এগৰাকীয়ে এতিয়াও জীৱন-মৃত্যুৰ সৈতে যুঁজ দি আছে। ভাৰতীয় সেনাৰ সৰ্বাধিনায়কগৰাকীৰ মৃত্যুত ম্ৰিয়মান দেশবাসী।


যিখন হেলিকপ্টাৰত ৰাৱটে শেষবাৰৰ বাবে আৰোহন কৰিছিল সেই হেলিকপ্টাৰখন আছিল সেনাৰ এখন অতি উচ্চ প্ৰযুক্তিৰ হেলিকপ্টাৰ। এই শোকাৱহ দুৰ্ঘটনাৰ পাছতে হেলিকপ্টাৰখনো চৰ্চাৰ বিষয় হৈ পৰিছে। জেনেৰেল ৰাৱট, তেওঁৰ পত্নীসহ ১৩জনকৈ লোকৰ মৃত্যুৰ কাৰণ হৈ পৰা এই হেলিকপ্টাৰখনৰ আছিল ভালেমান বিশেষত্ব৷ ৰাছিয়াত নিৰ্মিত এই বিশেষ হেলিকপ্টাৰ হৈছে এমআই-8-ৰ এক উন্নত সংস্কৰণ। এই হেলিকপ্টাৰখনৰ বিশেষত্ব হ'ল ইয়াৰ ইঞ্জিন বহু গুণেই শক্তিশালী আৰু অধিক বোজা কঢ়িয়াবলৈ সক্ষম।

নিশাৰ আন্ধাৰতো অনায়াস চলাচল আৰু উন্নত নিৰাপত্তাৰ বাবে ইয়াৰ সুনাম আছে। উল্লেখ্য যে, হেলিকপ্টাৰখনত তিনিজন ক্ৰু মেম্বাৰ এজন মুখ্য পাইলট, সহ-পাইলট আৰু ফ্লাইট ইঞ্জিনিয়াৰ আছিল। ইয়াৰ উপৰি, ভি-5-এ অতিৰিক্ত সুৰক্ষা বিবেচনা কৰি অটো পাইলট প্ৰণালীৰ ব্যৱস্থা আছে। হেলিকপ্টাৰখনৰ এটা গুৰুত্বপূৰ্ণ বিশেষত্ব হ’ল যে, পাইলটে মাজ আকাশত ইয়াক অৱস্থান কৰাৰ পাছত আধা ঘণ্টা পৰ্যন্ত পাইলটে একো নকৰাকৈ শূন্য বুকুত ভাহি থাকিব পাৰে৷ ৰাছিয়াত নিৰ্মিত এই হেলিকপ্টাৰখন ২০১৩ চনৰ পৰা ভাৰতীয় সেনাত আছে। ২০০৯ চনত মাওবাদী দমন অভিযান অপাৰেচন গ্ৰীণ হান্টত এই হেলিকপ্টাৰখন ব্যৱহাৰ কৰা হৈছিল।

বহুমুখী কাম কৰিবলৈ সক্ষম হোৱা এই হেলিকপ্টাৰখন প্ৰয়োজন হ'লে সশস্ত্ৰ কামতো প্ৰয়োগ কৰিব পাৰি৷ ভি৫ ৰ বাহিৰত ১৫০০ কিলোগ্ৰাম ওজনৰ অস্ত্ৰ সংযোগ কৰিব পাৰি, আনকি টেংক ধ্বংসকাৰী আকাশৰ পৰা নিক্ষেপ কৰা মিছাইল আকাশলৈ লৈ যাব পাৰে। এমআই17 ভি5 কপ্টাৰত চেটাৰ্ণ ভি মিছাইল, এছ8 ৰকেট, 23এমএম মেচিন গান, পিকেটি মেচিন গান, একেএম চাব মেচিন গান আছে সংলগ্ন হৈ থাকে৷

যুদ্ধৰ গধুৰ অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াই নিয়াৰ উপৰি, সেনাৰ বাবে গাড়ীও কঢ়িয়াই নিব পাৰে এই বিমানখনে। ২০০৮ চনত ৰাছিয়াৰ কাজান হেলিকপ্টাৰ কোম্পানীক ভি-5-এ নিৰ্মাণৰ চুক্তি কৰা হৈছিল আৰু ৰাছিয়ান কোম্পানীটোৱে ২০১১ ৰ পৰা ২০১৩ চনৰ ভিতৰত ভাৰতক মুঠ ৩৬খন হেলিকপ্টাৰ যোগান ধৰিছিল। ইয়াৰ বহিঃভাগ সম্পূৰ্ণ গ্লাছৰে নিৰ্মিত। নিশাৰ দৃশ্যমানতাৰ বাবে বিশেষ নিশাৰ দৃষ্টি প্ৰযুক্তি আছে। আগতীয়া বতৰৰ আগজাননী বাবে অনবৰ্ড ৰাডাৰ, বিশেষ এভিয়ানিক চুট আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
হোজাইত চাঞ্চল্য; প্ৰেমিকৰ ব্লেকমেইলৰ বলি হৈ কীটনাশক দ্ৰব্য সেৱন কৰি কিশোৰীৰ আত্ম*হনন
২১ জুনৰ নীট-ইউ জিৰ প্ৰৱেশ-পত্ৰ জাৰি
জলবায়ুৰ পৰিৱৰ্তন; সংকটৰ গৰাহত হিমালয়ৰ পৰিৱেশতন্ত্র
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য
Advertisement