--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশক স্তব্ধ কৰি তোলা এটা দুৰ্ঘটনা। এটা শোকাৱহ দুৰ্ঘটনা। দেশৰ প্ৰতিৰক্ষাৰ গধুৰ ভাৰ যিজনে নিজৰ কান্ধত বহন কৰি ফুৰিছিল তেৱেঁই হেৰাই গ’ল এই দুৰ্ঘটনাত। বুধবাৰে দেশৰ চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটৰ মৃত্যু হ’ল দুৰ্ঘটনাত। প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে সংসদত আনুষ্ঠানিকভাৱে ৰাৱটৰ মৃত্যুৰ তথ্য সদৰি কৰে। পত্নী মধুলিকা ৰাৱট আৰু সেনাৰ কেইবাগৰাকীও বিষয়া জোৱানৰ সৈতে বুধবাৰে আৰম্ভ কৰা এটা যাত্ৰাৰ অতি অপ্ৰত্যাশিত কৰুণ পৰিণতি ঘটিল।

ছুলুৰ বায়ুসেনা ঘাটীৰ পৰা ৱেলিংটনত থকা ডিফেন্স ছাৰ্ভিচেজ কলেজলৈ গৈ থকাৰ বাটতে তামিলনাডুৰ কুন্নুৰৰ নাঞ্জাপাঞ্চাথিৰামত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন। এই দুৰ্ঘটনাই দেশৰ প্ৰতিৰক্ষা খণ্ডৰ অতি গুৰুত্বপূৰ্ণ এগৰাকী প্ৰতিনিধিক কাঢ়ি লৈ গ’ল। দেশৰ প্ৰথমগৰাকী চীফ অব ডিফেন্স ষ্টাফৰ এনে শোকাৱহ মৃত্যুৰ পাছত দেশজুৰি শোক আৰু স্তব্ধতা বিয়পি পৰিছে।

আজি প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে এই ভয়াৱহ দুৰ্ঘটনাৰ বিষয়ে লোকসভা আৰু ৰাজ্যসভাত আনুষ্ঠানিকভাৱে সদৰি কৰে। তেওঁ দুৰ্ঘটনাত নিহতসকলৰ সবিশেষ সদৰি কৰাৰ লগতে এই ভয়াৱহ দুৰ্ঘটনাত প্ৰাণৰক্ষা পৰা একমাত্ৰ আৰোহী গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ বিষয়েও সদৰি কৰে।


প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে লগতে প্ৰকাশ কৰে যে, ইতিমধ্যে এই দুৰ্ঘটনাৰ ‘ট্ৰাই চাৰ্ভিছ তদন্ত’ৰ নিৰ্দেশ দিয়া হৈছে। এই তদন্তৰ নেতৃত্ব দিব এয়াৰ মাৰ্শ্বাল মানৱেন্দ্ৰ সিঙে। মানৱেন্দ্ৰ সিং হৈছে ট্ৰেইনিং কমাণ্ডৰ কমাণ্ডিং ইন চীফ। সিঙে সদৰি কৰে যে, সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে জেনেৰেল ৰাৱটৰ শেষকৃত্য সম্পন্ন কৰা হ’ব? তেওঁ সদনত এই দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিয়া লোকসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে পৰিয়াললৈ সমবেদনা জনায়। ইয়াৰ আগেয়ে দুয়োখন সদনতে নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জনাই দুই মিনিটকৈ মৌনতা অৱলম্বন কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন