--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এহাল পতি-পত্নী। জীৱনে-মৰণে এক হৈ থকাৰ প্ৰতিশ্ৰুতিৰে জীৱনসংগী হৈছিল দুয়ো দুয়োৰে। জীৱনৰ বাটত হাতে হাত ধৰি দুয়ো আগুৱাই গৈছিল আৰু মৃত্যু পৰ্যন্ত সেই হাত এৰ নাখালে। শেষ উশাহ পৰ্যন্ত লগ নেৰা এইহাল পতি-পত্নী আন কোনো নহয়, তেওঁলোক হ'ল দেশৰ চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱট।

৯ ডিচেম্বৰ-২০২১,বুধবাৰে এক কৰুণ দুৰ্ঘটনাই জোকাৰি গল সমগ্ৰ দেশকে। চি়ডিএছ বিপিন ৰাৱটৰ আকস্মিক মৃত্যু হ’ল হেলিকপ্টাৰ দুৰ্ঘটনাত। দেশৰ প্ৰতিৰক্ষাৰ গধুৰ ভাৰ বহন কৰি থকা বিপিন ৰাৱটৰ জীৱন কুটিল নিয়তিৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰিলে। ছুলুৰ বায়ুসেনা ঘাটীৰ পৰা ৱেলিংটনত থকা ডিফেন্স ছাৰ্ভিচেজ কলেজলৈ গৈ থকাৰ বাটতে তামিলনাডুৰ কুন্নুৰৰ নাঞ্জাপাঞ্চাথিৰামত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন।

ভাৰতীয় বায়ুসেনাৰ Mi-17V5 হেলিকপ্টাৰখনৰ দুৰ্ঘটনাত নীলগিৰি পাহাৰৰ সেউজীয়াৰ মাজত বিপিন ৰাৱটৰ লগতে জীৱন নাট সামৰিলে পত্নী মধুলিকা ৰাৱটেও। হেলিকপ্টাৰখনত পাইলটসহ চৈধ্যজন আৰোহী আছিল। ৰাৱট দম্পতীকে ধৰি ১৩জনকৈ লোকে মৃত্যুক আঁকোৱালি লয় এই কৰুণ দুৰ্ঘটনাত।এগৰাকীয়ে এতিয়াও জীৱন-মৃত্যুৰ সৈতে যুঁজ দি আছে। এই কৰুণ মৃত্যুৰ পিছত বিপিন ৰাৱটৰ সমানে সমানে মধুলিকা ৰাৱটৰ বিষয়ে জানিবলৈও ব্যগ্ৰ হৈ পৰিছে দেশবাসী।

কোন এই মধুলিকা ৰাৱট?

চিডিএছ বিপিন ৰাৱাটৰ পত্নী মধুলিকাৰ জন্ম হৈছিল ১৯৬৩ চনত মধ্যপ্ৰদেশৰ শ্বাহডোলত । মধুলিকাই তেওঁৰ জীৱনৰ প্ৰতিটো পৰ্যায়তে স্বামীক সমৰ্থন কৰিছিল আৰু মৃত্যু পৰ্যন্ত একেলগে আছিল। মধুলিকা মধ্যপ্ৰদেশৰ প্ৰয়াত প্ৰাক্তন মন্ত্ৰী মৃগেন্দ্ৰ সিঙৰ কন্যা। তেওঁৰ পিতৃ ৰাজনীতিত সক্ৰিয় আছিল আৰু দুবাৰকৈ বিধায়কো হৈছিল। মধুলিকাৰ শিক্ষা জীৱনৰ আৰম্ভণি শ্বাহডোলতে হৈছিল। যেতিয়া তেওঁ চতুৰ্থ শ্ৰেণীত পঢ়ি আছিল তেতিয়া তেওঁক গোৱালিয়ৰৰ বিখ্যাত সিন্ধিয়া গাৰ্লছ স্কুললৈ পঠোৱা হৈছিল। এই স্কুলৰ পৰাই মধুলিকাই দ্বাদশ শ্ৰেণীলৈকে শিক্ষা সম্পূৰ্ণ কৰিছিল।

তাৰপাছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা মনোবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। মধুলিকা আৰু বিপিন ৰাৱটৰ বিবাহ সম্পন্ন হয় ১৯৮৬ চনত। হোমৰ জুইক সাক্ষী কৰি জীৱনে-মৰণে এক হৈ থকাৰ প্ৰতিশ্ৰুতি লৈছিল দুয়োৱে। সেই সময়ত সেনাবাহিনীৰ অধিনায়ক আছিল বিপিন ৰাৱট । স্বামী বিপিন ৰাৱট দেশ সেৱাত ব্যস্ত আৰু মধুলিকা ব্যস্ত হৈ পৰিছিল ঘৰখন সুচাৰুৰূপে পৰিচালনা কৰাত। চিডিএছ বিপিন ৰাৱাট আৰু মধুলিকাৰ দুগৰাকী কন্যা আছে।

ডাঙৰ কন্যাৰ নাম কৃতিকা। বিবাহসূত্ৰে কৃতিকা মুম্বাইৰ বাসিন্দা। সৰু কন্যাৰ নাম তাৰিণী। তাৰিণী বৰ্তমানেও অধ্যয়ন কৰি আছে। তেওঁ মাক দেউতাকৰ সৈতে দিল্লীত বাস কৰিছিল। স্বামী ৰাৱটৰ ব্যস্ত সময়সূচী আৰু পাৰিবাৰিক দায়িত্ব স্বত্বেও মধুলিকা সামাজিক কাৰ্যকলাপত অতি সক্ৰিয় আছিল। তেওঁ বহুতো সামাজিক সংগঠনৰ সৈতে জড়িত আছিল।মধুলিকাই পাৰিবাৰিক অনুষ্ঠানতো ব্যাপকভাৱে অংশগ্ৰহণ কৰিছিল। সকলো আত্মীয়ৰ সৈতে সম্পৰ্ক সুন্দৰকৈ বৰ্তি থকাত মধুলিকাই আগভাগ লৈছিল।

মধুলিকা 'আৰ্মি ৱাইভছ ৱেলফেয়াৰ এছ'চিয়েচন'ৰ সভাপতি আছিল। এই পদত অধিষ্ঠিত হৈ থাকোতে মধুলিকা ৰাৱটে প্ৰতিৰক্ষা সেৱাৰ সৈতে জড়িত সেনা পৰিয়ালৰ কল্যাণৰ বাবে কাম কৰাৰ লগতে শ্বহীদ সেনাৰ পত্নীসকলৰ উন্নত জীৱনৰ বাবে যথেষ্ট কাম কৰিছিল। তেওঁ শ্বহীদ সেনাৰ পত্নীসকলক টেইলাৰিং, বিউটিছিয়ান, চকলেট নিৰ্মাণৰ প্ৰশিক্ষণ ল'বলৈ উৎসাহিত কৰিছিল, যাতে তেওঁলোক আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে। মধুলিকা ৰাৱটে বিশেষভাৱে সক্ষম শিশু আৰু কৰ্কট ৰোগীসকলৰ সহায়ৰ বাবেও বহু কাম কৰি থৈ গৈছে। বিপিন ৰাৱট, মধুলিকা ৰাৱট নেদেখা সিপাৰে কুশলে থাকক এয়াই কামনা দেশবাসীৰ।

আৰু পঢ়কঃ ভাৰতীয় সেনাৰ সৰ্বাধিনায়ক বিপিন ৰাৱটৰ মৃত্যুত কি প্ৰতিক্ৰিয়া চিৰবৈৰী পাকিস্তানৰ?


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন