--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পাঁচ বছৰ আগতে এনে এখন ছবিয়ে দেশক জোকাৰি গৈছিল। ওড়িশাৰ কালাহাণ্ডিৰ বাসিন্দা দানা মাঝিয়ে তেওঁৰ পত্নীৰ মৃতদেহ কান্ধত লৈ খোজকাঢ়ি হাস্পতালৰ পৰা ঘৰলৈ নিছিল। তেওঁৰ কাষে কাষে খোজকাঢ়ি গৈছিল তেওঁৰ ১২বছৰীয়া কিশোৰী কন্যা চান্দনীয়ে। ২০১৭ চনত, দৰিদ্ৰ জনজাতীয় দানাই তেওঁৰ পত্নীৰ মৃতদেহ কান্ধত ১২ কিলোমিটাৰ খোজকাঢ়িবলৈ বাধ্য হৈ পৰিছিল, কিয়নো তেওঁ শৱ কঢ়িওৱা গাড়ী বা এম্বুলেন্স এখন জোগাৰ কৰিব পৰা নাছিল। এই ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে দেশৰ স্বাস্থ্যখণ্ডৰ শোচনীয় ৰূপটো প্ৰকট কৰি তুলিছিল। https://twitter.com/i/status/1507551826626822146 এইবাৰ ছত্তীশগড়ৰ সুৰ্গুজাত অনুৰূপ ঘটনা সংঘটিত হৈছে। এগৰাকী দুৰ্ভগীয়া পিতৃয়ে কন্যাৰ মৃতদেহ কান্ধত লৈ দহ কিলোমিটাৰ খোজকাঢ়ি ঘৰলৈ ওভতাৰ দৃশ্যই এতিয়া বহুতৰে অন্তৰ সেমেকাই তুলিছে। সুৰ্গুজাৰ সমীপৰ এখন গাঁৱৰ বাসিন্দা ঈশ্বৰ দাসে মৃতদেহ কঢ়িয়াবলৈ এম্বুলেন্স নোপোৱাৰ বাবেই কন্যাৰ মৃতদেহ কান্ধত লৈ ১০ কিলোমিটাৰ পথ অতিক্ৰম কৰিবলগীয়া হয় খোজকাঢ়ি। সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰা এটা ভিডিঅ' ভাইৰেল হোৱাৰ লগে লগে ছত্তীশগড় চৰকাৰত জোকাৰণি উঠা দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী টি এছ সিংদেউৱে ঘটনাটোৰ বিভাগীয় তদন্তৰ নিৰ্দেশ দিছে। স্থানীয় সূত্ৰ অনুসৰি, আমদালা গাঁৱৰ বাসিন্দা ঈশ্বৰে শুকুৰবাৰে পুৱতি নিশা গুৰুতৰভাৱে অসুস্থ হৈ থকা তেওঁৰ সাত বছৰীয়া কন্যা সুৰেখাক লক্ষ্মণপুৰৰ চৰকাৰী স্বাস্থ্য কেন্দ্ৰলৈ লৈ গৈছিল। কিছু সময়ৰ পাছত, সুৰেখাই তাত মৃত্যুবৰণ কৰে। কন্যাৰ মৃতদেহ গাঁৱলৈ লৈ যাবলৈ ঈশ্বৰে এখন গাড়ীৰ ব্যৱস্থা কৰিবলৈ সক্ষম নহ’ল। বহু সময়ৰ বাবে এম্বুলেন্সৰ বাব অপেক্ষা কৰাৰ পাছত, তেওঁ ছোৱালীজনীৰ শৰীৰটো কান্ধত তুলি ১০ কিলোমিটাৰ আঁতৰৰ আমদালালৈ ৰাওনা হ'ল। লক্ষ্মণপুৰ স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ বিনোদ ভাৰ্গৱে শনিবাৰে কয়, ‘কিশোৰীগৰাকীৰ অক্সিজেনৰ স্তৰ যথেষ্ট হ্ৰাস পাইছিল। তেওঁৰ অক্সিজেনৰ স্তৰ প্ৰায় ৬০লৈ নামি যায়। কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে প্ৰকাশ কৰিছিল যে, তাই বিগত কেইবাদিনো ধৰি তীব্ৰ জ্বৰত ভুগি আছিল। আমি প্ৰয়োজনীয় চিকিৎসা আৰম্ভ কৰিছিলোঁ। কিন্তু তেওঁৰ অৱস্থাৰ অৱনতি ঘটিছিল। তেওঁ প্ৰায় ৭:৩০ বজাত তেওঁৰ মৃত্যু হয়। ভাৰ্গৱে দাবী কৰিছিল যে সুৰেখাৰ মৃতদেহটো কঢ়িয়াই নিবলৈ পুৱা প্ৰায় ৯.৩০ বজাত এখন চৰকাৰী গাড়ী লক্ষ্মণপুৰ স্বাস্থ্য কেন্দ্ৰলৈ আহিছিল। কিন্তু তাৰ আগতে ঈশ্বৰে ছোৱালীজনীৰ শৰীৰটো কান্ধত তুলি লৈ লোকজনে গাঁৱলৈ ৰাওনা হয়। স্বাস্থ্য মন্ত্ৰী সিংদেউ হৈছে সুৰ্গুজা জিলাৰ অম্বিকাপুৰৰ বিধায়ক। তেওঁ ঘটনাটো সম্পৰ্কত কয় যে, ‘মই ভিডিঅ'টো দেখিছোঁ। আৰু এয়া অতি দুখজনক। মই জিলাখনৰ মুখ্য স্বাস্থ্য বিষয়াক বিষয়টো তদন্ত কৰিবলৈ আৰু প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছোঁ। স্বাস্থ্যকেন্দ্ৰৰ বিষয়াসকলে মৃতকৰ পৰিয়ালক গাড়ীখন অহালৈকে অপেক্ষা কৰিবলৈ ক'ব লাগিছিল। ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি যাতে নহয় সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।’ prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ