--°C
Loading...
Listen to Article
2 min read
80%

মোদী-শ্বাহৰ ৰাজ্যত কিদৰে সংঘটিত হৈছিল ৬০০০ কোটি টকীয়া কয়লা কেলেংকাৰী?

ডিজিটেল ডেস্ক : ‘গুজৰাট মডেল’ৰ ফোপোলা স্বৰূপ! মোদী-শ্বাহৰ ৰাজ্যত কিদৰে সংঘটিত হৈছিল ৬০০০ কোটি টকীয়া কয়লা কেলেংকাৰী? মনমোহৰ সিং চৰকাৰৰ আঁচনিৰ পুলি-পোখা উঘালি কিদৰে মৃত্যুমুখি কৰি তোলা হৈছিল ৰাজ্যখনৰ এমএছএমই খণ্ডক? খুব সৰলভাৱে যদি কথাটো ব্যাখ্যা কৰিবলৈ লোৱা হয় তেন্তে কথাটো হৈছে এনেধৰণৰ কেন্দ্ৰত মনমোহন সিং নেতৃত্বৰ ইউ পি এ চৰকাৰ শাসনত থকা সময়ত চৰকাৰে গুজৰাটৰ এমএছএমই খণ্ড অৰ্থাত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ খণ্ডৰ সহায়ক হোৱাকৈ এখন আঁচনি আৰম্ভ কৰিছিল। যিখন আঁচনিৰ জৰিয়তে এমএছএমই খণ্ডই বজাৰ মূল্যতকৈ বহু কম দামত কয়লা পোৱাৰ ব্যৱস্থা কৰা হৈছিল। আঁচনি ৰূপায়ন হোৱা বুলি দেখুওৱা হৈছিল যদিও কোনো ক্ষুদ্ৰ বা লঘু উদ্যোগে কম দামত কয়লা পোৱা নাছিল বুলি অভিযোগ উঠিছে। কেন্দ্ৰীয় চৰকাৰে এমএছএমই খণ্ডক উপকৃত কৰা আৰু এই খণ্ডটোক আগুৱাই নিয়াৰ বাবে এই আঁচনি আৰম্ভ কৰিছিল। সেই সময়ত গুজৰাটত আছিল এতিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বৰ বিজেপি চৰকাৰ। কিন্তু এতিয়া পোহৰলৈ আহিছে যে, এই আঁচনিৰ আঁওতালৈ অহাৰ বাবে যোগ্য বহু কোম্পানীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। গুজৰাটৰ আহমেদাবাদৰ এটা ৰবৰ উদ্যোগৰ অভিযোগৰ পাছতে এই সম্পৰ্কীয় কেলেংকাৰী পোহৰলৈ আহে। এই কোম্পানীটোৱে অভিযোগ কৰিছে যে, তেওঁলোকে চৰকাৰে আঁচনি ৰূপায়নৰ বাবে নিয়োগ কৰা এজেন্সিটোক সস্তা কয়লাৰ বাবে আবেদন কৰিছিল যদিও তেওঁলোকে লাভ কৰা দাম বজাৰ দামৰ সমান আছিল। কোম্পানীটোৰ নাম আছিল মডাৰ্ন ৰাবাৰ ইণ্ডাষ্ট্ৰীজ। একেদৰে গান্ধীনগৰৰ এটা ক্ষুদ্ৰ ইটা উদ্যোগ আনমোল ট্ৰেডাৰ্ছৰ অভিজ্ঞতা আৰু পৃথক। তেওঁলোকে ২০১৫ চনত এই আঁচনিৰ সৈতে জড়িত এজেন্সিৰ পৰা যেতিয়া কয়লা ক্ৰয় কৰিছিল তেতিয়া তেওঁলোকে বজাৰ মূল্যতকৈ অধিক দাম পৰিশোধ কৰিবলগীয়া হৈছিল। আনফালে এ এণ্ড এফ নামৰ খাদ্য উদ্যোগটোকে ২০১৭-১৮ চনত এই আঁচনিৰ হিতাধিকাৰী হিচাপে তালিকাভু্ক্ত কৰা হৈছিল যদিও তেওঁলোকে তেওঁ কোনো এজেন্সিৰ পৰা কয়লা লাভ কৰা নাছিল বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। এমএছএমই খণ্ডক সস্তাতে কয়লা যোগান ধৰাৰ বাবে মনমোহন চৰকাৰে ৰূপায়ন কৰা আঁচনিৰ নামত হোৱা কেলেংকাৰীৰ এক নিৰ্লজ নিদৰ্শন হিচাপে চিহ্নিত হৈছে গুজৰাট। যদিহে আমি উল্লেখ কৰা কোনো এটা কোম্পানীয়ে এই আঁচনিৰ সুবিধা লাভ কৰা নাছিল তেন্তে তেওঁলোকক হিতাধিকাৰীৰ তালিকাভুক্ত কৰা হৈছিল কিয়! আনহাতে যদিহে আনমোল ট্ৰেডাৰ্ছৰ দৰে কোম্পানীয়ে অধিক দামত কয়লা ক্ৰয় কৰিবলগীয়া হৈছিল এই অধিক দাম সংগ্ৰহ কৰাৰ কৰ্তৃত্ব এজেন্সিটোক কোনে দিছিল আৰু তেওঁলোকে সংগ্ৰহ কৰা এই অতিৰিক্ত ধন কলৈ গৈছিল!

৬০ লাখ টনতকৈও অধিক ৰাজসাহায্যযুক্ত কয়লা অধিক দামত আন ৰাজ্যৰ উদ্যোগবোৰলৈ সৰবৰাহ কৰা হৈছে

যোৱা ১৪ বছৰত গুজৰাটত এই আঁচনিৰ নামত ৬০০ কোটি টকাৰ কেলেংকাৰি সংঘটিত হোৱা বুলি দাবী কৰিছে কংগ্ৰেছকে ধৰি বিভিন্ন দল-সংগঠনে। যাৰ জৰিয়তে ৬০ লাখ টনতকৈও অধিক ৰাজসাহায্যযুক্ত কয়লা অধিক দামত আন ৰাজ্যৰ উদ্যোগবোৰলৈ সৰবৰাহ কৰা হৈছে বুলি অভিযোগ কৰা হৈছে। আৰু থলুৱা বহু উদ্যোগক এই কয়লা বিক্ৰী কৰা বুলি দেখুওৱা হৈছে। গুজৰাটৰ এমএছএমই বিভাগ এই আঁচনি ৰূপায়নৰ দায়িত্বত আছিল। এই বিভাগৰ বিষয়াবৰ্গই এই কেলেংকাৰীৰ অভিযোগ অস্বীকাৰ কৰিছে আৰু এয়া ভিত্তিহীন আৰু কল্পিত অভিযোগ বুলি দাবী কৰিছে। কিন্তু তাতপৰ্যপূ্ৰ্ণ কথাটো হৈছে যে, বিভাগটোৱে এই সন্দৰ্ভত এটা আভ্যন্তৰীণ তদন্ত ঘোষণা কৰিছে। গোপনে ৰাখিব বিচৰা এই তদন্তৰ কথা যোৱা মাহতে দৈনিক ভাস্কৰ কাকতখনে প্ৰকাশ কৰিছিল। মন কৰিবলগীয়া কথাটো হৈছে যে, যদিহে কোনো অনিয়য়ম হোৱাই নাছিল তেতিয়াহলে তদন্ত কিহৰ বাবে! ৰহস্যজনক বিষয়টো হৈছে যে, এই আঁচনিৰ যি তিনিটা হিতাধিকাৰী উদ্যোগৰ নাম ওপৰত উল্লেখ কৰা হৈছে, তাক বাদ দি চতুৰ্থটো হিতাধিকাৰী কোম্পানী ৰাজ্যখনৰ ঠিকনাত বিচাৰি পোৱাটো সম্ভৱ হোৱা নাই। সংবাদ মাধ্যমৰ আগত এই আঁচনি ৰূপায়নৰ সৈতে জড়িত একাধিক এজেন্সিয়ে প্ৰকাশ কৰিছে যে, তেওঁলোকে ৰাজসাহায্যযুক্ত অতি কম দামত অৰ্থাত প্ৰতি টনত ৩৫০০ৰ পৰা ৪০০০টকা দামত ক্ৰয় কৰিছে। কিন্তু তেওঁলোকে ইয়াক কিমান দামত বিক্ৰী কৰিছে সেয়া জনাবলৈ অস্বীকাৰ কৰে। উল্লেখ্য যে, বিগত কেইটামান মাহত গুজৰাটত কয়লাৰ অত্যধিক দামে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগখণ্ডক ব্যাপকভাৱে ক্ষতিগ্ৰস্ত কৰিছে। কয়লাৰ বৰ্ধিত দামৰ বাবে ছুৰাটৰ ৫লাখ লোক নিযুক্ত হৈ থকা বস্ত্ৰ উদ্যোগৰ উতপাদন ২০২১ চনৰ অক্টোবৰ মাহত হ্ৰাস কৰিবলৈ বাধ্য হৈ পৰিছে। সেই মাহটোতেই ভাপীৰ পাঁচটা কাগজ কল সাময়িকভাৱে বন্ধ কৰি দিবলগীয়া হৈছিল আৰু তাৰ ফলত শতাধিক লোকে চাকৰি হেৰুৱাইছিল। এনে সংকটপূৰ্ণ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে কেন্দ্ৰৰ এই আঁচনিৰ কথা চৰ্চালৈ আহে আৰু ইয়াৰ নামত সংঘটিত হোৱা বিয়াগোম কেলেংকাৰিও প্ৰকট হৈ পৰে। উল্লেখ্য যে, ২০০৭-২০০৮ চনত কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগখণ্ডক ৰাজসাহায্যযুক্ত সস্তা কয়লা যোগানৰ নিশ্চয়তাৰে এই আঁচনি মুকলি কৰা হৈছিল। কিন্তু এই আঁচনিৰ নামত ভয়ংকৰ কেলেংকাৰি সংঘটিত কৰি ক্ষুদ্ৰ উদ্যোগসমূহৰ সংকট অধিক গাঢ়তৰ কৰি তোলা হৈছিল। এতিয়া প্ৰশ্ন হল যি গুজৰাট মডেলৰ উদাহৰণ দি মোদী প্ৰধানমন্ত্ৰী হৈছিল সেই গুজৰাটতে তেওঁৰ কাৰ্যকালতে সংঘটিত এনে বিয়াগোম কেলেংকাৰিক লৈ এতিয়া প্ৰধানমন্ত্ৰীৰ আসনত বহি থকা মোদীয়ে ব্যৱস্থা গ্ৰহণ কৰিবনে! দেশৰ এই সময়ৰ দুই কাণ্ডাৰী মোদী-শ্বাহৰ দৰে শক্তিশালী নেতাৰ বাবে এনে কেলেংকাৰিৰ শিপা উঘলাটো বৰ ডাঙৰ কথা নহয়। নহয়। যদিহে প্ৰকৃততে তেওঁলোকৰ অজ্ঞাতে এই কেলেংকাৰি সংঘটিত হৈছে। আৰু যদিহে তেওঁলোকৰ জ্ঞাতসাৰেই এই কেলেংকাৰি সংঘটিত হৈছে আৰু তেওঁলোকে এতিয়াও চকু মুদা কুলিৰ ভাও ধৰি থাকিব খুজিছে তেন্তে ৰাজ্যখনক উদ্যোগিক খণ্ডলৈ নামি অহা সংকটৰ বাবে তেওঁলোকে দায়বদ্ধ হব। আনহাতে মনমোহন সিঙৰ আমোলৰ এখন জনহিতকৰ আঁচনিক এনেদৰে মষিমূৰ কৰাৰ বাবে তেওঁলোক নিশ্চয় গুজৰাটৰ ক্ষুদ্ৰ উদ্যোগী আৰু তাৰ হাজাৰ হাজাৰ বিপন্ন কৰ্মচাৰীৰ জবাবদিহি হব লাগিব। prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ