--°C
Loading...
Listen to Article
2 min read
80%

আৰক্ষীয়ে জানিব পাৰিলে যে পীৰ বাবা মাজাৰৰ ওচৰত এটা বেঙুনীয়া ৰঙৰ ভ্ৰমণ মোনাত এটি মৃতদেহ ভৰাই থোৱা হৈছিল৷  ডিঙি কাটি হত্যা কৰা হয় বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে৷

ডিজিটেল ডেস্ক : এটি বেঙুনীয়া ৰঙৰ মোনাৰ পৰা তেজৰ চেকুৰা বৈ আছে৷ প্ৰত্যক্ষদৰ্শীয়ে অবাক হৈ মোনাটোৰ কাষলৈ গৈ চাবলৈ প্ৰয়াস কৰিছে৷ অৱশেষত আৰক্ষীক এই বিষয়ে অৱগত কৰে৷ আৰক্ষীৰ ভাষ্য অনুসৰি মোনাটোত ভৰাই থোৱা আছে এজন যুৱকৰ মৃতদেহ৷ আৰক্ষীয়ে জনোৱা সুত্ৰ অনুসৰি শুকুৰবাৰে পুৱা উত্তৰ-পশ্চিম দিল্লীৰ মংগোলপুৰী অঞ্চলত এজন ১৭ বছৰীয়া যুৱকৰ মুণ্ডহীন দেহ এটা মোনাৰ ভিতৰত ভৰাই থোৱা অৱস্থাত পোৱা যায়। বৃহস্পতিবাৰে নিশাৰ পৰা যুৱকজন ৰোহিণী অঞ্চলৰ পৰা সন্ধানহীন হৈ আছিল। শুকুৰবাৰে পুৱা ৭ বজাত মৃতদেহটোৰ সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হৈছিল। ৱাই-ব্লক মংগোলপুৰীৰ বিপৰীতে থকা মেইন ৰোডৰ পীৰ বাবা মাজাৰৰ ওচৰত ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছত আৰক্ষীয়ে জানিব পাৰিলে যে বেঙুনীয়া ৰঙৰ মোনাত ভৰাই থোৱা হৈছে মৃতদেহটো৷ ডিঙি কাটি হত্যা কৰি মোনাত ভৰাই থৈ যায় বুলি অবিহিত কৰে আৰক্ষীয়ে৷ এই সন্দৰ্ভত আৰক্ষী উপায়ুক্ত সমীৰ শৰ্মাই তদন্ত আৰম্ভ কৰে। সকলো চুবুৰীয়া আৰক্ষী থানা আৰু জিলাক সন্ধানহীন ব্যক্তিজনৰ ৰেকৰ্ড পৰীক্ষা কৰাৰ বাবে অৱগত কৰা হয় বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। অনুসন্ধানৰ সময়ত, মৃতব্যক্তিজনক ৰোহিণী চেক্টৰ-১ৰ বাসিন্দা হিচাপে চিনাক্ত কৰা হয়। নিৰুদ্দেশ প্ৰতিবেদনৰ ভিত্তিত শুকুৰবাৰে দক্ষিণ ৰোহিণী আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৬৩ (অপহৰণৰ শাস্তি)ৰ অধীনত এটা গোচৰ ৰুজু কৰা হয়। ৰোহিণীৰ স্থানীয় আৰক্ষীয়ে অধিক তদন্ত চলাই আছে বুলি আৰক্ষীয়ে অবিহিত কৰে। new pca banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন