--°C
Loading...
Listen to Article
2 min read
80%

আৰক্ষীয়ে জানিব পাৰিলে যে পীৰ বাবা মাজাৰৰ ওচৰত এটা বেঙুনীয়া ৰঙৰ ভ্ৰমণ মোনাত এটি মৃতদেহ ভৰাই থোৱা হৈছিল৷  ডিঙি কাটি হত্যা কৰা হয় বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে৷

ডিজিটেল ডেস্ক : এটি বেঙুনীয়া ৰঙৰ মোনাৰ পৰা তেজৰ চেকুৰা বৈ আছে৷ প্ৰত্যক্ষদৰ্শীয়ে অবাক হৈ মোনাটোৰ কাষলৈ গৈ চাবলৈ প্ৰয়াস কৰিছে৷ অৱশেষত আৰক্ষীক এই বিষয়ে অৱগত কৰে৷ আৰক্ষীৰ ভাষ্য অনুসৰি মোনাটোত ভৰাই থোৱা আছে এজন যুৱকৰ মৃতদেহ৷ আৰক্ষীয়ে জনোৱা সুত্ৰ অনুসৰি শুকুৰবাৰে পুৱা উত্তৰ-পশ্চিম দিল্লীৰ মংগোলপুৰী অঞ্চলত এজন ১৭ বছৰীয়া যুৱকৰ মুণ্ডহীন দেহ এটা মোনাৰ ভিতৰত ভৰাই থোৱা অৱস্থাত পোৱা যায়। বৃহস্পতিবাৰে নিশাৰ পৰা যুৱকজন ৰোহিণী অঞ্চলৰ পৰা সন্ধানহীন হৈ আছিল। শুকুৰবাৰে পুৱা ৭ বজাত মৃতদেহটোৰ সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হৈছিল। ৱাই-ব্লক মংগোলপুৰীৰ বিপৰীতে থকা মেইন ৰোডৰ পীৰ বাবা মাজাৰৰ ওচৰত ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছত আৰক্ষীয়ে জানিব পাৰিলে যে বেঙুনীয়া ৰঙৰ মোনাত ভৰাই থোৱা হৈছে মৃতদেহটো৷ ডিঙি কাটি হত্যা কৰি মোনাত ভৰাই থৈ যায় বুলি অবিহিত কৰে আৰক্ষীয়ে৷ এই সন্দৰ্ভত আৰক্ষী উপায়ুক্ত সমীৰ শৰ্মাই তদন্ত আৰম্ভ কৰে। সকলো চুবুৰীয়া আৰক্ষী থানা আৰু জিলাক সন্ধানহীন ব্যক্তিজনৰ ৰেকৰ্ড পৰীক্ষা কৰাৰ বাবে অৱগত কৰা হয় বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। অনুসন্ধানৰ সময়ত, মৃতব্যক্তিজনক ৰোহিণী চেক্টৰ-১ৰ বাসিন্দা হিচাপে চিনাক্ত কৰা হয়। নিৰুদ্দেশ প্ৰতিবেদনৰ ভিত্তিত শুকুৰবাৰে দক্ষিণ ৰোহিণী আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৬৩ (অপহৰণৰ শাস্তি)ৰ অধীনত এটা গোচৰ ৰুজু কৰা হয়। ৰোহিণীৰ স্থানীয় আৰক্ষীয়ে অধিক তদন্ত চলাই আছে বুলি আৰক্ষীয়ে অবিহিত কৰে। new pca banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান