--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদক প্ৰশ্ৰয় দি আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে পাকিস্তান! অৰ্থনৈতিক অচলাৱস্থাত ভুগি পাকিস্তানে আনকি প্ৰধানমন্ত্ৰী ইমৰান খানৰ ঘৰো ভাড়াত দিবলৈ ওলোৱা বাতৰি প্ৰকাশ পাইছিল। পাকিস্তানত নিবনুৱাৰ হাৰ ৬.৫ শতাংশ বুলি ইমৰান খানে দাবী কৰিছিল যদিও প্ৰকৃত তথ্যই উদ্বেগজনক দিশহে প্ৰকাশ কৰে। ‘পাকিস্তান ইনষ্টিটিউট অব ডেভেলপমেণ্ট ইক'নমিক্স’ৰ মতে, পাকিস্তানৰ নিবনুৱাৰ হাৰ ১৬ শতাংশ।

নিবনুৱা সমস্যাৰ ঊৰ্ধ্বমুখী হাৰৰ কথা উনুকীয়াই PIDE-এ জনায় যে, বৰ্তমান সময়ত দেশখনৰ শিক্ষিত লোকৰ প্ৰায় ২৪ শতাংশই নিবনুৱা। শেহতীয়াকৈ প্ৰকাশিত এক তথ্যই উদঙাইছে পাকিস্তানৰ নিবনুৱা সমস্যা। এখন উচ্চ ন্যায়ালয়ৰ এটা পিয়ন পদৰ বাবে আবেদন কৰে প্ৰায় ১৫ লাখ পাকিস্তানী নাগৰিকে। আবেদনকাৰীসকলৰ ভিতৰত কিছুসংখ্যক এমফিল ডিগ্ৰীধাৰীও আছিল।

দেশখনৰ বহুসংখ্যক শিক্ষিত লোকে উচ্চশিক্ষাৰ বাবে মন মেলি বিভিন্ন ডিগ্ৰী লাভ কৰিও এটা উপযুক্ত সংস্থাপনৰ বাবে হাবাথুৰি খাবলগীয়া হয়। তেনেক্ষেত্ৰত এটা পিয়ন পদৰ বাবে এমফিল ডিগ্ৰীধাৰীয়ে আবেদন কৰাটো যথেষ্ট উদ্বেগজনক।

উল্লেখযোগ্য যে, ‘পাকিস্তান ব্যুৰ’ অব ষ্টেটিষ্টিকছ’ৰ এক সমীক্ষাত প্ৰকাশ পোৱা মতে, পাকিস্তানত নিবনুৱাৰ হাৰ ২০১৭-১৮ বৰ্ষৰ ৫.৮ শতাংশৰ পৰা ২০১৮-১৯ বৰ্ষত ৬.৯ শতাংশলৈ জাঁপ মাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ