--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ হাফপেণ্টৰ পিছত এইবাৰ আহিল লুঙি৷ কিছুদিনৰ পূৰ্বে এগৰাকী যুৱতীয়ে হাফপেণ্ট পিন্ধি পৰীক্ষা দিবলৈ আহোতে নীৰিক্ষকে যুৱতীগৰাকীক পৰীক্ষাত বহাত বাধা প্ৰদান কৰে৷ ইয়াকে লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল তুমুল বিতৰ্কৰ৷ এইবাৰ পিছে লুঙিয়ে বিপদত পেলালে তিনি পৰীক্ষাৰ্থীক৷ এই ঘটনা পিছে অসমৰ নহয় বাংলাদেশৰ হে৷

বাংলাদেশৰ ডিনাজপুৰৰ এখন অভিযান্ত্রিক মহাবিদ্যালয়ত লুঙি পৰিধান কৰি অনলাইন পৰীক্ষাত বহা তিনি শিক্ষার্থীক নিলম্বন কৰা ঘটনাক লৈ সৃষ্টি হৈছে প্রতিক্রিয়া৷ এই তিনিও পৰীক্ষাৰ্থীয়ে লুঙি পিন্ধি পৰীক্ষাত বহাটো তেতিয়াহে পোহৰলৈ আহে যেতিয়া শিক্ষকে পৰীক্ষাৰ্থীসকলক খিৰিকীৰ মাজেৰে অধিক পোহৰ প্ৰৱেশ কৰাৰ লগে লগে পৰ্দাখন টানিবলৈ নিৰ্দেশ দিছিল। যেতিয়া তেওঁলোকে খিৰিকীৰ পৰ্দা টানিবলৈ উঠিছিল, শিক্ষকে তিনি জন ছাত্ৰক লুঙি পিন্ধি থকা দেখিছিল। লগে লগে তিনিওকে জুমৰ পৰা উলিয়াই দিয়া হৈছিল। তেওঁলোকক পৰীক্ষাত বহিবলৈ অনুমতি দিয়া নহ’ল।

তিনি ছাত্ৰই অনলাইন পৰীক্ষাত কিয় লুঙি পৰিধান কৰি বহিবলৈ দিয়া নহ’ব বুলি প্রশ্নৰ অৱতাৰণা কৰে যদিও মহাবিদ্যালয় কর্তৃপক্ষই শিক্ষার্থীসকলে পৰীক্ষাৰ নিয়ম মানি নোলোৱাৰ বাবে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হৈছে বুলি ঘোষণা কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ