--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ হাফপেণ্টৰ পিছত এইবাৰ আহিল লুঙি৷ কিছুদিনৰ পূৰ্বে এগৰাকী যুৱতীয়ে হাফপেণ্ট পিন্ধি পৰীক্ষা দিবলৈ আহোতে নীৰিক্ষকে যুৱতীগৰাকীক পৰীক্ষাত বহাত বাধা প্ৰদান কৰে৷ ইয়াকে লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল তুমুল বিতৰ্কৰ৷ এইবাৰ পিছে লুঙিয়ে বিপদত পেলালে তিনি পৰীক্ষাৰ্থীক৷ এই ঘটনা পিছে অসমৰ নহয় বাংলাদেশৰ হে৷

বাংলাদেশৰ ডিনাজপুৰৰ এখন অভিযান্ত্রিক মহাবিদ্যালয়ত লুঙি পৰিধান কৰি অনলাইন পৰীক্ষাত বহা তিনি শিক্ষার্থীক নিলম্বন কৰা ঘটনাক লৈ সৃষ্টি হৈছে প্রতিক্রিয়া৷ এই তিনিও পৰীক্ষাৰ্থীয়ে লুঙি পিন্ধি পৰীক্ষাত বহাটো তেতিয়াহে পোহৰলৈ আহে যেতিয়া শিক্ষকে পৰীক্ষাৰ্থীসকলক খিৰিকীৰ মাজেৰে অধিক পোহৰ প্ৰৱেশ কৰাৰ লগে লগে পৰ্দাখন টানিবলৈ নিৰ্দেশ দিছিল। যেতিয়া তেওঁলোকে খিৰিকীৰ পৰ্দা টানিবলৈ উঠিছিল, শিক্ষকে তিনি জন ছাত্ৰক লুঙি পিন্ধি থকা দেখিছিল। লগে লগে তিনিওকে জুমৰ পৰা উলিয়াই দিয়া হৈছিল। তেওঁলোকক পৰীক্ষাত বহিবলৈ অনুমতি দিয়া নহ’ল।

তিনি ছাত্ৰই অনলাইন পৰীক্ষাত কিয় লুঙি পৰিধান কৰি বহিবলৈ দিয়া নহ’ব বুলি প্রশ্নৰ অৱতাৰণা কৰে যদিও মহাবিদ্যালয় কর্তৃপক্ষই শিক্ষার্থীসকলে পৰীক্ষাৰ নিয়ম মানি নোলোৱাৰ বাবে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হৈছে বুলি ঘোষণা কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
সাত বছৰৰ দীঘলীয়া বিৰতিৰ অন্তত নতুন উদ্যমেৰে ট্ৰেক এণ্ড ফিল্ডলৈ উভতিবলৈ সাজু হিমা দাস
৫২ বছৰত বিশ্বজুৰি হ্ৰাস ৭৩% বন্যপ্রাণী! ইয়াৰ মাজতে আশাৰ ৰেঙনি দেখুৱাইছে ভাৰতে
এবছৰে কাৰাবন্দী হৈ আজি মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
জিলিকি থকা ছাল পাবলৈ কি কৰিব লাগে?
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে