--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যেতিয়াই সাপৰ কথা আলোচনা হয় তেতিয়াই দেহত অদ্ভুত অনুভৱৰ সৃষ্টি হ'বলৈ ধৰে। শাৰীৰিক ৰূপ আৰু উজ্জ্বল ছালৰ বাবে বহু মানুহে  ভয় অনুভৱ কৰিবলৈ আৰম্ভ কৰে। অৱশ্যে সকলো সাপ যে বিষাক্ত এনে নহয়। পৃথিৱীত পোৱা ৩ হাজাৰৰো অধিক প্ৰজাতিৰ সাপৰ ভিতৰত এনে প্ৰায় ৬০০ প্ৰজাতিৰহে বিষাক্ত। বিভিন্ন প্ৰজাতিৰ সাপৰো আকাৰ আৰু ৰং বেলেগ বেলেগ। এনে এটা প্ৰজাতিৰ সাপ হ’ল এনাকণ্ডা। এই লেখাটোৰ জৰিয়তে আমি আপোনালোকক প্ৰকাণ্ড সাপ এনাকণ্ডাৰ বিষয়ে আকৰ্ষণীয় তথ্য দিম।

এনাকণ্ডাৰ প্ৰজাতি- এনাকণ্ডা সাপ প্ৰজাতিত প্ৰধানকৈ চাৰি প্ৰকাৰৰ সাপ আছে। য’ত গ্ৰীণ এনাকণ্ডা, বলিৱিয়ান এনাকণ্ডা, ডাৰ্ক-স্পটেড এনাকণ্ডা আৰু হালধীয়া এনাকণ্ডা প্ৰধান। ইয়াৰে গ্ৰীণ এনাকণ্ডা আকাৰত আটাইতকৈ ডাঙৰ আৰু গধুৰ। গ্ৰীণ এনাকণ্ডা মূলতঃ দক্ষিণ আমেৰিকা মহাদেশ ব্ৰাজিল, ইকুৱেডৰ, পেৰু, কলম্বিয়া, ভেনিজুৱেলা, চুৰিনাম, গিয়ানা আদি দেশসমূহত পোৱা যায়।

গ্ৰীণ এনাকণ্ডাৰ ওজন আটাইতকৈ বেছি: সেউজীয়া এনাকণ্ডা সাপৰ ওজন বেছি। যদিও দৈৰ্ঘ্যৰ ভিত্তিত ই আটাইতকৈ দীঘল সাপ নহয়। মতা আৰু মাইকী এনাকণ্ডাৰ দৈৰ্ঘ্যৰ ক্ষেত্ৰত মাইকী এনাকণ্ডা মতাতকৈ দীঘল।

বিষ নাই: বহুতৰে ভুল ধাৰণা আছে যে এনাকণ্ডা সাপত বিষ আছে। কিন্তু তেনেকুৱা নহয়। এনাকণ্ডাত বিষ নাথাকে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে এই সাপবোৰ বিপদজনক নহয়। সিহঁতে নিজৰ চিকাৰ গিলি পেলায়। গতিকে ইয়াৰ ওচৰলৈ গৈ ভুল নকৰিব।

ঘৰিয়াল এটাও গিলিব পাৰে : আপুনি এনাকণ্ডাৰ শক্তিৰ বিষয়ে এটা ধাৰণা ল’ব পাৰে যে ইহঁতে ডাঙৰ সৰীসৃপ গিলিব পাৰে। আনকি ঘৰিয়াল এটাকো চিকাৰ বনাব পাৰে । চিকাৰৰ ক্ষেত্ৰত ইহঁতে বৰ বেছি পাকৈত নহয় আৰু সকলো জীৱকে খাদ্য বনাব পাৰে।

সন্তান জন্ম দিব পাৰে: য’ত বেছিভাগ সাপে কণী পাৰে তাত এনাকণ্ডাই পোনপটীয়াকৈ পোৱালি জন্ম দিয়ে। অৰ্থাৎ এনাকণ্ডাৰ এই বিশেষত্ববোৰৰ প্ৰায়বোৰ স্তন্যপায়ী প্ৰাণীৰ সৈতে একে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু