--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০ বছৰ বয়স অতিক্ৰম কৰাৰ পাছত সকলোৱে নিজকে ডাঙৰ বুলি গণ্য কৰিবলৈ আৰম্ভ কৰে। প্ৰতিটো সিদ্ধান্ত নিজে ল’ব বিচাৰে। কিন্তু ইয়াৰ মাজতে তেওঁলোকেও এনে কিছুমান ভুল কৰে, যিবোৰ সময়ত এৰাই চলিব পাৰিলে ভাল। এই ভুলবোৰে কেৱল তেওঁলোকৰ জীৱনত প্ৰভাৱ পেলোৱাই নহয়,তেওঁলোকক বহু পৰিমাণে ক্ষতিগ্ৰস্ত কৰে।

২০ বছৰ বয়স এক অনন্য সময়। কিয়নো স্কুলৰ পৰা কলেজলৈ স্থানান্তৰিত হোৱা সকলে এই সময়খিনিত কেৱল জীৱনৰ উত্তম পৰ্যায়ত থকাই নহয়, এই সময়ছোৱাত তেওঁলোকে বহুতো বন্ধু-বান্ধৱীও লাভ কৰে। মুঠতে ২০ৰ দশকটো হৈছে এক পূৰ্ণাংগ মজাৰ আৰু কিছুমান ভুলৰ পৰা শিক্ষা লোৱাৰ সময়। এই বয়সত হোৱা ভুলবোৰে আমাৰ জীৱনত সৰ্বাধিক প্ৰভাৱিত কৰাৰো এটা ডাঙৰ কাৰণ।

এই বয়সত লোৱা কিছুমান সিদ্ধান্তই কেৱল ইতিবাচক আৰু নেতিবাচক প্ৰভাৱ পেলোৱাই নহয়, কেতিয়াবা ই আপোনাক ভৱিষ্যত জীৱনো নষ্ট কৰাৰ আশংকাত পেলায়। এনে পৰিস্থিতিত যদি আপুনিও বিচাৰে যে আপুনি পিছত অনুশোচনা কৰিব নালাগে, তেন্তে ইয়াত আমি কিছুমান ভুলৰ বিষয়ে কৈছো, যিবোৰ আপুনি ২০ বছৰ বয়সত কৰাটো এৰাই চলা উচিত।

সঞ্চয় নকৰা: নিজৰ বাবে সঞ্চয় নকৰাটোৱেই ২০ বছৰ বয়সত কৰিব পৰা আটাইতকৈ ডাঙৰ ভুল। ইয়াক সদায় পৰিহাৰ কৰিব লাগে। যদিও আপোনাৰ হাতত বহুত টকা আছে, কিন্তু অতিৰিক্ত খৰচ নকৰিব। টকা সঞ্চয় কৰিবলৈ শিকক যাতে আপুনি চিৰদিনৰ বাবে এটা ভাল জীৱন কটাব পাৰে। যদি আপুনি বাজেট বনাই নোপোৱাকৈ টকা খৰচ কৰে, তেন্তে ভৱিষ্যতে ইয়াৰ বাবে আপুনি বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

ছ’চিয়েল মিডিয়াত সকলো শ্বেয়াৰ কৰা: এইটো দ্বিতীয়টো ডাঙৰ ভুল, যিটো আজিৰ প্ৰায়বোৰ যুৱকে কৰে। পাৰ্টিলৈ যোৱাই হওক বা বন্ধু-বান্ধৱীৰ সৈতে কটোৱা সময়ে হওক,সকলো ফটো তৎক্ষণাত ছ’চিয়েল মিডিয়াত আপলোড কৰা হয়। কিন্তু ছ’চিয়েল মিডিয়াত নিজৰ জীৱনৰ লগত জড়িত মুহূৰ্তবোৰ শ্বেয়াৰ কৰাৰ পৰা বিৰত থকাটোৱেই ভাল। এই বেয়া অভ্যাসে আপোনাৰ মানসিক আৰু আৱেগিক অৱস্থাত আৰু অধিক প্ৰভাৱ পেলাব পাৰে।

ব্যায়াম নকৰা: ২০ বছৰ বয়সত ব্যায়াম পৰিহাৰ কৰাটো অতি বিপদজনক। এইটো এটা ভুল যিটো বেছিভাগ যুৱকে কৰে। শৰীৰটোলৈ চাই তেওঁ অনুভৱ কৰে যে তেওঁ ফিট হৈ আছে। কিন্তু বয়সৰ লগে লগে তেওঁলোকৰ সন্মুখত স্বাস্থ্যজনিত সমস্যাবোৰ দেখা দিবলৈ আৰম্ভ কৰে। ইয়াৰ পৰা হাত সাৰিবলৈ নিয়মীয়াকৈ ব্যায়াম কৰি নিজকে ফিট কৰি ৰখাটোৱেই উত্তম উপায়।

কম্ফৰ্ট জ’নত থকা: ২০ বছৰ বয়সত পৰীক্ষা-নিৰীক্ষা কৰাৰ সময়। এই বয়সত সকলোৱে কোন দিশত এখোজ ল’ব লাগিব সেয়াও জানিব পাৰে। গতিকে নিজৰ কম্ফাৰ্ট জ’নৰ পৰা ওলাই যাওক। আৰামদায়ক জীৱন যাপন কৰি সকলো সাধন কৰিব বিচাৰে। কিন্তু ই আপোনাৰ ক্ষমতা বৃদ্ধি হোৱাত বাধা দিয়ে। আপোনাৰ কম্ফাৰ্ট জ’নৰ ভিতৰত থকাৰ অৰ্থ হ’ল আপুনি নিজকে সুযোগ পোৱাত বাধা দিছে।

সদায় কাৰোবাৰ সংগ বিচৰা : ২০ বছৰ বয়সত ল’ৰাই হওক বা ছোৱালীয়েই হওক, সকলোৱে সংগ বিচাৰে। তেওঁ ভাবে যে তেওঁ অকলে থাকিব নোৱাৰে, কিন্তু এইটো আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল হ’ব পাৰে। কাৰণ কিছু সময়ৰ পাছত ই আপোনাৰ সুখ আৰু মানসিক শান্তি কাঢ়ি নিব পাৰে। কেৱল অকলশৰীয়া হোৱাৰ পৰা হাত সাৰিবলৈ যদি কাৰোবাৰ লগত থাকে তেন্তে নিশ্চয়কৈ এটা সময়ত আঘাত পাব। তাৰোপৰি এই বয়সত অকলশৰীয়া হৈ থকা সুখ আপুনি কেতিয়াও অনুভৱ কৰিব নোৱাৰিব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ