--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পিতৃ-মাতৃয়েই জীৱনৰ আদিগুৰু। আনুষ্ঠানিক শিক্ষাৰ পূৰ্বে প্ৰতিগৰাকী শিশুৱে জীৱনৰ আদিপাঠ লাভ কৰে নিজৰ ঘৰখনতে। সেই পিতৃয়েই যদি বিপথে পৰিচালিত কৰে তেন্তে কি হ'ব সন্তানৰ ভৱিষ্যৎ!
বলীউডৰ কিং খান শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান ড্ৰাগছ সেৱনৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ঘটনাই তোলপাৰ লগাইছে মায়ানগৰীত। মায়ানগৰীৰ এক ক্ৰুজ পাৰ্টীত এনচিবি-এ অভিযান চলাই জব্দ কৰিছিল বৃহৎ পৰিমাণৰ ড্ৰাগছ। সেই পাৰ্টিত জড়িত থকা আৰিয়ান খানক দেওবাৰে গ্ৰেপ্তাৰ কৰে এনচিবি-এ। লগে লগে ঘটনাই ব্যাপক চৰ্চা লাভ কৰে দেশজুৰি। লক্ষ্যণীয়ভাবে ছ'চিয়েল মিডিয়াত প্ৰচাৰ হয় শ্বাহৰুখ খানৰ এটা পুৰণি সাক্ষাৎকাৰ। সাক্ষাৎকাৰটোত শ্বাহৰুখে তেওঁৰ পুত্ৰক শৈশৱতেই জীৱন উপভোগ কৰিব দিয়া কথা কয়। ২/৩ বছৰ বয়সতেই পুত্ৰ আৰিয়ানক ছোৱালীৰ পাছত দৌৰিব, ড্ৰাগছ ল'ব, যৌন সম্ভোগ আদি কৰিবলৈ 'উদগনি' যোগোৱা বুলি কিং খানে কয়। পিতৃয়ে শৈশৱতে দিয়া শিক্ষাৰেই পুত্ৰই বাট বুলিছে নেকি বুলি এতিয়া বু-বু, বা-বা চলিছে।
প্ৰসংগক্ৰমে উল্লেখযোগ্য যে, ভাৰতৰ মেগা ক্ৰিকেট লীগ আইপিএলত সন্তানৰ বাবে কাজিয়াৰ সূত্ৰপাত ঘটাই বিতৰ্কিত হৈ পৰিছিল শ্বাহৰুখ খান। ২০১২চনত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত নিৰাপত্তাৰক্ষীক গালি-গালাজ কৰি পাঁচ বছৰৰ বাবে নিষিদ্ধ হৈছিল অভিনেতাজন। সেইবাৰো এই কাজিয়াৰ সূত্ৰপাত হৈছিল সন্তানক কেন্দ্ৰ কৰিয়েই। কন্যাক নিৰাপত্তাৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগেৰে ক্ষিপ্ত হৈ উঠিছিল শ্বাহৰুখ। প্ৰশ্ন হয়, সন্তানমোহে একপ্ৰকাৰ অন্ধ কৰি তুলিছিল নেকি বাদশ্বাহক?


শেহতীয়াকৈ ড্ৰাগছৰ লেখীয়া মাৰাত্মক নিচাৰ আসক্তিয়ে সম্ভ্ৰান্ত ঘৰৰ সন্তানৰ মাজত গা কৰি উঠা বিষয়টোৱে চিন্তিত কৰি তুলিছে সচেতন মহলক। তেনেক্ষেত্ৰত শ্বাহৰুখ খানৰ দৰে এজন আদৰ্শবান নাগৰিকে নিজ সন্তানক শৈশৱতে এনকুৱা 'ধ্বংসাত্মক' শিক্ষা দিয়াটো কিমান সমীচীন তাক লৈ এতিয়া চৰ্চা চলিছে। সন্তানমোহত অন্ধ ধৃতৰাষ্ট্ৰ-গান্ধাৰীৰ দৰেই যেন অৱস্থা হৈছে শ্বাহৰুখ খানৰো।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক