--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পিতৃ-মাতৃয়েই জীৱনৰ আদিগুৰু। আনুষ্ঠানিক শিক্ষাৰ পূৰ্বে প্ৰতিগৰাকী শিশুৱে জীৱনৰ আদিপাঠ লাভ কৰে নিজৰ ঘৰখনতে। সেই পিতৃয়েই যদি বিপথে পৰিচালিত কৰে তেন্তে কি হ'ব সন্তানৰ ভৱিষ্যৎ!
বলীউডৰ কিং খান শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান ড্ৰাগছ সেৱনৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ঘটনাই তোলপাৰ লগাইছে মায়ানগৰীত। মায়ানগৰীৰ এক ক্ৰুজ পাৰ্টীত এনচিবি-এ অভিযান চলাই জব্দ কৰিছিল বৃহৎ পৰিমাণৰ ড্ৰাগছ। সেই পাৰ্টিত জড়িত থকা আৰিয়ান খানক দেওবাৰে গ্ৰেপ্তাৰ কৰে এনচিবি-এ। লগে লগে ঘটনাই ব্যাপক চৰ্চা লাভ কৰে দেশজুৰি। লক্ষ্যণীয়ভাবে ছ'চিয়েল মিডিয়াত প্ৰচাৰ হয় শ্বাহৰুখ খানৰ এটা পুৰণি সাক্ষাৎকাৰ। সাক্ষাৎকাৰটোত শ্বাহৰুখে তেওঁৰ পুত্ৰক শৈশৱতেই জীৱন উপভোগ কৰিব দিয়া কথা কয়। ২/৩ বছৰ বয়সতেই পুত্ৰ আৰিয়ানক ছোৱালীৰ পাছত দৌৰিব, ড্ৰাগছ ল'ব, যৌন সম্ভোগ আদি কৰিবলৈ 'উদগনি' যোগোৱা বুলি কিং খানে কয়। পিতৃয়ে শৈশৱতে দিয়া শিক্ষাৰেই পুত্ৰই বাট বুলিছে নেকি বুলি এতিয়া বু-বু, বা-বা চলিছে।
প্ৰসংগক্ৰমে উল্লেখযোগ্য যে, ভাৰতৰ মেগা ক্ৰিকেট লীগ আইপিএলত সন্তানৰ বাবে কাজিয়াৰ সূত্ৰপাত ঘটাই বিতৰ্কিত হৈ পৰিছিল শ্বাহৰুখ খান। ২০১২চনত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত নিৰাপত্তাৰক্ষীক গালি-গালাজ কৰি পাঁচ বছৰৰ বাবে নিষিদ্ধ হৈছিল অভিনেতাজন। সেইবাৰো এই কাজিয়াৰ সূত্ৰপাত হৈছিল সন্তানক কেন্দ্ৰ কৰিয়েই। কন্যাক নিৰাপত্তাৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগেৰে ক্ষিপ্ত হৈ উঠিছিল শ্বাহৰুখ। প্ৰশ্ন হয়, সন্তানমোহে একপ্ৰকাৰ অন্ধ কৰি তুলিছিল নেকি বাদশ্বাহক?


শেহতীয়াকৈ ড্ৰাগছৰ লেখীয়া মাৰাত্মক নিচাৰ আসক্তিয়ে সম্ভ্ৰান্ত ঘৰৰ সন্তানৰ মাজত গা কৰি উঠা বিষয়টোৱে চিন্তিত কৰি তুলিছে সচেতন মহলক। তেনেক্ষেত্ৰত শ্বাহৰুখ খানৰ দৰে এজন আদৰ্শবান নাগৰিকে নিজ সন্তানক শৈশৱতে এনকুৱা 'ধ্বংসাত্মক' শিক্ষা দিয়াটো কিমান সমীচীন তাক লৈ এতিয়া চৰ্চা চলিছে। সন্তানমোহত অন্ধ ধৃতৰাষ্ট্ৰ-গান্ধাৰীৰ দৰেই যেন অৱস্থা হৈছে শ্বাহৰুখ খানৰো।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে