--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰাকৃতিক সম্পদত চহকী উত্তৰ-পূৰ্বাঞ্চল চাবলৈ সাত সাগৰ, তেৰ নদী পাৰ হৈ আহে বিদেশী পৰ্যটক। সূৰ্য উঠা দেশৰ শোভা চাবলৈ পৰ্যটকৰ বাবে ভাৰতীয় ৰে'লৱেই আনিছে সুখবৰ। বিশেষ ৰে'লেৰে উপভোগ কৰিব পাৰিব পূৰ্বোত্তৰৰ প্ৰাকৃতিক সৌন্দৰ্য।


'দেখো অপনা দেশ'ৰ লগত সংগতি ৰাখি ইণ্ডিয়ান ৰে'লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্প'ৰেশ্যন চমুকৈ আইআৰচিটিচি-এ উত্তৰ-পূবৰ পাঁচ ৰাজ্য ভ্ৰমণৰ বাবে মুকলি কৰিব এক বিশেষ পৰ্যটক ৰে'ল। ১৪ নিশা আৰু ১৫ দিনৰ ভ্ৰমণসূচীৰ ৰে'লখনে যাত্ৰীসকলক লৈ যাব উত্তৰ-পূবৰ বহু নেদেখা, নুশুনা আৰু অকল্পনীয় ঠাইলৈ। সাজু হওক দেখো অপনা দেশ এচি ডিলাক্স টুৰিষ্ট ৰে'লেৰে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণলৈ।

আৰু পঢ়িব পাৰিব : উজলিল দীপলীনা ডেকা; কোনে দিলে এই বিশেষ স্বীকৃতি?


আইআৰচিটিচিৰ বিষয়ববীয়াই জনোৱামতে, দিল্লীৰ ছফদৰজং ৰে'লৱে ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে'লখনে উত্তৰ-পূবৰ পাঁচখন ৰাজ্য সামৰি ল'ব। যাত্ৰাকালত ৰে'লখনে অসমৰ গুৱাহাটী, কাজিৰঙা আৰু যোৰহাট; অৰুণাচল প্ৰদেশৰ ইটানগৰ; নাগালেণ্ডৰ কহিমা; ত্ৰিপুৰাৰ উনাকটি, আগৰতলা আৰু উদয়পুৰ; মেঘালয়ৰ শ্বিলং আৰু চেৰাপুঞ্জী ভ্ৰমণ কৰিব। পৰ্যটকসকলে দিল্লীৰ ছফদৰজং, গাজিয়াবাদ, টুণ্ডলা, কানপুৰ, লক্ষ্ণৌ, বাৰানসী আৰু পাটনা ৰে'লৱে ষ্টেচনত ৰে'লখনত উঠিব পাৰিব। ২৬ নবেম্বৰত দিল্লীৰ ছফদৰজং ৰে'লৱে ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিব। কাজিৰঙাৰ জংঘল ছাফাৰী, মেঘালয়ৰ ৰুট ব্ৰীজত ট্ৰেকিং আদিৰ দৰে আমোদজনক দুঃসাহসিক অভিযানবোৰো 'পেকেজ'টোত অন্তৰ্ভুক্ত থাকিব বুলি জানিব পৰা গৈছে।

আৰু পঢ়িব পাৰিব : সাৰি নাযায় ৰাজকন্যা বৰুৱা, জামিনত সহায় কৰা আৰক্ষীৰ বিৰুদ্ধেও তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ


আইআৰচিটিচি-এ জনোৱা অনুসৰি ভ্ৰমণটোত প্ৰতিজন যাত্ৰীৰ ২এচিৰ টিকটৰ মূল্য ৮৫,৪৯৫ টকা আৰু ১এচিৰ টিকটৰ মূল্য ১,০২,৪৩০ টকাৰ পৰা আৰম্ভ হ'ব। তদুপৰি বিত্ত মন্ত্ৰালয়ৰ নিয়ম অনুসৰি চৰকাৰী চাকৰিয়ালৰ বাবে এই যাত্ৰাত 'এলটিচি'ৰ সুবিধাও প্ৰযোজ্য হ'ব। যাত্ৰীসকলে সুস্বাদু খাদ্য, পৰ্যটনস্থলীসমূহলৈ শীততাপ নিয়ন্ত্ৰিত বাছেৰে আহ-যাহ, বিলাসী হোটেল আদিৰ দৰে সুবিধা লাভ কৰিব। ক'ভিডকালৰ এই ভ্ৰমণকালত আইআৰচিটিচিৰ দলে সামাজিক ব্যৱধান মানি সম্পূৰ্ণ প্ৰট'কল মানি চলিব বুলিও জনাইছে। উল্লেখযোগ্য যে, টিকট বুকিঙৰ বাবে যাত্ৰীসকলে ক'ভিড ভেকচিনৰ দুটা ড'জ লোৱাটো বাধ্যতামূলক হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চন্দ্ৰযানে ধৰা পেলালে চন্দ্ৰপৃষ্ঠত সূৰ্যৰ প্ৰভাৱ, ইছ'ৰৰ সফলতা অর্জন
'মোৰ ঈশ্বৰ পুৰুষ, তুমি মোক সদায়ে আৱৰি থাকিবা মই জানো' - গৰিমা শইকীয়া গাৰ্গ
কাৰ বেংক একাউণ্টত সোমাই জুবিনৰ কামৰ টকা? CID কাৰ্যালয়ৰ পৰা ওলাই গ'ল NK প্ৰডাকচনৰ স্বত্বাধিকাৰী দেৱ বৰকটকী
সুৰৰ ভগৱানক সংগীতেৰে পূজা, সোণাপুৰৰ সমাধিস্থলীত নাম-প্ৰসংগ, বাঁহীৰ সুৰ, মায়াবিনীৰ মূর্ছনা
শিৱসাগৰত কালীপূজাৰ থলীত জুবিনদাৰ ছবি সম্বলিত স্কুল বেগ বিতৰণ চাফাই কৰ্মীৰ
সুদক্ষ অভিনেতা গনেশ হাজৰিকা আৰু নাই; শ্বিলঙত এটি পথ দুৰ্ঘটনাত মৃত্যু
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন