--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰাকৃতিক সম্পদত চহকী উত্তৰ-পূৰ্বাঞ্চল চাবলৈ সাত সাগৰ, তেৰ নদী পাৰ হৈ আহে বিদেশী পৰ্যটক। সূৰ্য উঠা দেশৰ শোভা চাবলৈ পৰ্যটকৰ বাবে ভাৰতীয় ৰে'লৱেই আনিছে সুখবৰ। বিশেষ ৰে'লেৰে উপভোগ কৰিব পাৰিব পূৰ্বোত্তৰৰ প্ৰাকৃতিক সৌন্দৰ্য।


'দেখো অপনা দেশ'ৰ লগত সংগতি ৰাখি ইণ্ডিয়ান ৰে'লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্প'ৰেশ্যন চমুকৈ আইআৰচিটিচি-এ উত্তৰ-পূবৰ পাঁচ ৰাজ্য ভ্ৰমণৰ বাবে মুকলি কৰিব এক বিশেষ পৰ্যটক ৰে'ল। ১৪ নিশা আৰু ১৫ দিনৰ ভ্ৰমণসূচীৰ ৰে'লখনে যাত্ৰীসকলক লৈ যাব উত্তৰ-পূবৰ বহু নেদেখা, নুশুনা আৰু অকল্পনীয় ঠাইলৈ। সাজু হওক দেখো অপনা দেশ এচি ডিলাক্স টুৰিষ্ট ৰে'লেৰে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণলৈ।

আৰু পঢ়িব পাৰিব : উজলিল দীপলীনা ডেকা; কোনে দিলে এই বিশেষ স্বীকৃতি?


আইআৰচিটিচিৰ বিষয়ববীয়াই জনোৱামতে, দিল্লীৰ ছফদৰজং ৰে'লৱে ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে'লখনে উত্তৰ-পূবৰ পাঁচখন ৰাজ্য সামৰি ল'ব। যাত্ৰাকালত ৰে'লখনে অসমৰ গুৱাহাটী, কাজিৰঙা আৰু যোৰহাট; অৰুণাচল প্ৰদেশৰ ইটানগৰ; নাগালেণ্ডৰ কহিমা; ত্ৰিপুৰাৰ উনাকটি, আগৰতলা আৰু উদয়পুৰ; মেঘালয়ৰ শ্বিলং আৰু চেৰাপুঞ্জী ভ্ৰমণ কৰিব। পৰ্যটকসকলে দিল্লীৰ ছফদৰজং, গাজিয়াবাদ, টুণ্ডলা, কানপুৰ, লক্ষ্ণৌ, বাৰানসী আৰু পাটনা ৰে'লৱে ষ্টেচনত ৰে'লখনত উঠিব পাৰিব। ২৬ নবেম্বৰত দিল্লীৰ ছফদৰজং ৰে'লৱে ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিব। কাজিৰঙাৰ জংঘল ছাফাৰী, মেঘালয়ৰ ৰুট ব্ৰীজত ট্ৰেকিং আদিৰ দৰে আমোদজনক দুঃসাহসিক অভিযানবোৰো 'পেকেজ'টোত অন্তৰ্ভুক্ত থাকিব বুলি জানিব পৰা গৈছে।

আৰু পঢ়িব পাৰিব : সাৰি নাযায় ৰাজকন্যা বৰুৱা, জামিনত সহায় কৰা আৰক্ষীৰ বিৰুদ্ধেও তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ


আইআৰচিটিচি-এ জনোৱা অনুসৰি ভ্ৰমণটোত প্ৰতিজন যাত্ৰীৰ ২এচিৰ টিকটৰ মূল্য ৮৫,৪৯৫ টকা আৰু ১এচিৰ টিকটৰ মূল্য ১,০২,৪৩০ টকাৰ পৰা আৰম্ভ হ'ব। তদুপৰি বিত্ত মন্ত্ৰালয়ৰ নিয়ম অনুসৰি চৰকাৰী চাকৰিয়ালৰ বাবে এই যাত্ৰাত 'এলটিচি'ৰ সুবিধাও প্ৰযোজ্য হ'ব। যাত্ৰীসকলে সুস্বাদু খাদ্য, পৰ্যটনস্থলীসমূহলৈ শীততাপ নিয়ন্ত্ৰিত বাছেৰে আহ-যাহ, বিলাসী হোটেল আদিৰ দৰে সুবিধা লাভ কৰিব। ক'ভিডকালৰ এই ভ্ৰমণকালত আইআৰচিটিচিৰ দলে সামাজিক ব্যৱধান মানি সম্পূৰ্ণ প্ৰট'কল মানি চলিব বুলিও জনাইছে। উল্লেখযোগ্য যে, টিকট বুকিঙৰ বাবে যাত্ৰীসকলে ক'ভিড ভেকচিনৰ দুটা ড'জ লোৱাটো বাধ্যতামূলক হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক