--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কো-উইন ক'ভিড ভেকচিনত প্ৰকাশ পাইছে এক বিশেষ তালিকা৷ এই তালিকাখনত সন্নিৱিষ্ট কৰা হৈছে গৰ্ভৱতী মহিলাৰ ভেকচিন প্ৰদানৰ তথ্য৷ ৰাজ্যসভাত মঙলবাৰে জনোৱা কো-উইনৰ তথ্য অনুসৰি গৰ্ভৱতী মহিলাক ২ ফেব্ৰুৱাৰীলৈকে ২৮,২২,৪৫৯ ক'ভিড-১৯ৰ ভেকচিন প্ৰদান কৰা হৈছে৷ স্বাস্থ্য ৰাজ্যিক মন্ত্ৰী ভাৰতী প্ৰবীণ পাৱাৰে এক লিখিত উত্তৰত কয় যে ২৮,২২,৪৫৯টা ভেকচিনৰ ভিতৰত ১৬,৫৩,৭৬৮জন হিতাধিকাৰীয়ে প্ৰথমপালি গ্ৰহণ কৰিছে আৰু ইয়াৰে ১১,৬৮,৬৯১গৰাকী মহিলাই ক'ভিড-১৯ ভেকচিনৰ দুয়োটা পালি লাভ কৰিছে। বিগত বৰ্ষৰ জুন মাহত চৰকাৰে গৰ্ভৱতী আৰু স্তনপান কৰাই থকা মহিলাসকলৰ ক'ভিডৰ ভেকচিনৰ ওপৰত বিশ্ব স্বাস্থ্য সংস্থাৰ অন্তৱৰ্তীকালীন পৰামৰ্শৰ সহায় লৈছিল। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ বাবে ভেকচিনৰ পৰিকল্পনা প্ৰস্তুত কৰা আৰু ইয়াৰ সম্পৰ্কীয় পৰামৰ্শ বিষয়ে বিতং নিৰ্দেশনা প্ৰদান কৰা হৈছে বুলি মন্ত্ৰী ভাৰতী প্ৰবীণে উল্লেখ্য কৰে। ২ ফেব্ৰুৱাৰীলৈকে মুঠ ভেকচিন পালিৰ ৭০ শতাংশ গ্ৰাম্য অঞ্চলত অৱস্থিত ক'ভিড-১৯ৰ ভেকচিন কেন্দ্ৰত প্ৰদান কৰা হৈছে৷ এই তথ্যই ইয়াকেই সূচায় যে কৰ'না ভাইৰাছ টিকাকৰণত কোনো গ্ৰাম্য-নগৰীয় সাপেক্ষে বিভাজন হোৱা নাই বুলিও দাবী কৰে মন্ত্ৰীগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি