--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কো-উইন ক'ভিড ভেকচিনত প্ৰকাশ পাইছে এক বিশেষ তালিকা৷ এই তালিকাখনত সন্নিৱিষ্ট কৰা হৈছে গৰ্ভৱতী মহিলাৰ ভেকচিন প্ৰদানৰ তথ্য৷ ৰাজ্যসভাত মঙলবাৰে জনোৱা কো-উইনৰ তথ্য অনুসৰি গৰ্ভৱতী মহিলাক ২ ফেব্ৰুৱাৰীলৈকে ২৮,২২,৪৫৯ ক'ভিড-১৯ৰ ভেকচিন প্ৰদান কৰা হৈছে৷ স্বাস্থ্য ৰাজ্যিক মন্ত্ৰী ভাৰতী প্ৰবীণ পাৱাৰে এক লিখিত উত্তৰত কয় যে ২৮,২২,৪৫৯টা ভেকচিনৰ ভিতৰত ১৬,৫৩,৭৬৮জন হিতাধিকাৰীয়ে প্ৰথমপালি গ্ৰহণ কৰিছে আৰু ইয়াৰে ১১,৬৮,৬৯১গৰাকী মহিলাই ক'ভিড-১৯ ভেকচিনৰ দুয়োটা পালি লাভ কৰিছে। বিগত বৰ্ষৰ জুন মাহত চৰকাৰে গৰ্ভৱতী আৰু স্তনপান কৰাই থকা মহিলাসকলৰ ক'ভিডৰ ভেকচিনৰ ওপৰত বিশ্ব স্বাস্থ্য সংস্থাৰ অন্তৱৰ্তীকালীন পৰামৰ্শৰ সহায় লৈছিল। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ বাবে ভেকচিনৰ পৰিকল্পনা প্ৰস্তুত কৰা আৰু ইয়াৰ সম্পৰ্কীয় পৰামৰ্শ বিষয়ে বিতং নিৰ্দেশনা প্ৰদান কৰা হৈছে বুলি মন্ত্ৰী ভাৰতী প্ৰবীণে উল্লেখ্য কৰে। ২ ফেব্ৰুৱাৰীলৈকে মুঠ ভেকচিন পালিৰ ৭০ শতাংশ গ্ৰাম্য অঞ্চলত অৱস্থিত ক'ভিড-১৯ৰ ভেকচিন কেন্দ্ৰত প্ৰদান কৰা হৈছে৷ এই তথ্যই ইয়াকেই সূচায় যে কৰ'না ভাইৰাছ টিকাকৰণত কোনো গ্ৰাম্য-নগৰীয় সাপেক্ষে বিভাজন হোৱা নাই বুলিও দাবী কৰে মন্ত্ৰীগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক