ডিজিটেল ডেস্কঃ ফেচবুকত নিষিদ্ধ প্ৰসিদ্ধ লেখিকা তছলিমা নাছৰিন। বাংলাদেশৰ শেহতীয়া হিন্দু নিৰ্যাতনৰ ঘটনাৰ বিষয়ে পোষ্ট কৰাৰ পাছতে সাতদিনৰ বাবে নাছৰিনক নিষিদ্ধ ঘোষণা কৰিছে ফেচবুক কৰ্তৃপক্ষই।
এই সন্দৰ্ভত নাছৰিনে মন্তব্য আগবঢ়াইছে যে, একাংশ জেহাদীয়ে বাৰম্বাৰ ৰিপ’ৰ্ট কৰাৰ বাবেই তেওঁৰ একাউণ্ট ব্লক কৰা হ’ল। লেখিকাগৰাকীয়ে টুইটাৰত ক্ষোভ প্ৰকাশ কৰি কয় যে, ‘বাংলাদেশৰ সত্য কথা লিখাৰ অপৰাধত মোক ফেচবুকে সাতদিনৰ বাবে নিষিদ্ধ কৰিলে। ফেচবুকে জেহাদীৰ কথা শুনি মোৰ দৰে মানৱধিকাৰ কৰ্মী এগৰাকীক বাৰম্বাৰ নিষিদ্ধ কৰিছে।’