ডিজিটেল ডেস্ক : স্বাধীনতা দিৱসৰ দৰে গণৰাজ্য দিৱসো প্ৰতিজন ভাৰতীয়ৰ বাবে এক অতি গুৰুত্বপূৰ্ণ আৰু গৌৰৱৰ দিন। এক দীঘলীয়া সংগ্ৰামৰ পাছত, ভাৰতে ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰে। যি স্বাধীনতা হৈছে দেশৰ বীৰ পুত্ৰ, স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু ৰক্তপাতৰ ফল। ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ সংবিধান কাৰ্যকৰী হয় আৰু তেতিয়াৰ পৰাই ২৬ জানুৱাৰী দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। দিল্লীৰ ৰাজপথত প্ৰতিবছৰে এক ৰঙীন অনুষ্ঠানৰ সৈতে ভাৰতীয় গণৰাজ্য দিৱস উদযাপন কৰা হয়। এই বছৰ দেশে ৭৩সংখ্যক গণ ৰাজ্য দিৱস পালন কৰিব আৰু ইয়াৰ বাবে দিল্লীৰ ৰাজপথত প্ৰায় সাজু কৰি তোলা হৈছে৷
কিন্তু এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত নাথাকিব মহাত্মা গান্ধীৰ প্ৰিয় সংগীতৰ মূৰ্চনা ‘এবাইড উইথ মি’৷ কেন্দ্ৰীয় চৰকাৰে গণতন্ত্ৰ দিৱসৰ সংগীত সূচীৰ পৰা ‘এবাইড উইথ মি’ৰ বাদ্যসংগীতৰ ঝংকাৰটো বাদ দিছে। ১৮৪৭ চনত স্কটিছ এংলিকান কবি আৰু ভজনবিদ হেনৰী ফ্ৰান্সিছ লাইটে লিখা 'এবিড উইথ মি' ১৯৫০ চনৰ পৰা ‘বিটিং ৰিট্ৰিট’ অনুষ্ঠানৰ অংশ আছিল।
উল্লেখ্য যে, অমৰ জোৱান জ্যোতিৰ শিখা ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকলৈ স্থানান্তৰিত হোৱাৰ পাছত, এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত চৰকাৰে এবিড উইথ মি বাদ দিছে৷ ইয়াৰ সলনি এইবাৰ সামৰিক পেৰেডত জনপ্ৰিয় দেশপ্ৰেমমূলক গীত 'এ মেৰে ৱতন কে লোগো' লোৱা হৈছে। কবি প্ৰদীপে ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ সময়ত ভাৰতীয় সৈন্যসকলে কৰা সৰ্বোচ্চ বলিদানৰ স্মৃতিত এই গীত লিখিছিল৷
এতিয়া নতুন দিল্লীয়ে নতুন পোছাক পিন্ধিব। দিল্লীৰ ৰাজপথত এতিয়া গণৰাজ্য দিৱসৰ শেষ মুহূৰ্তৰ প্ৰস্তুতি চলি আছে। কোভিড পৰিস্থিতিৰ বাবে, যোৱা দুবছৰ ধৰি অনুষ্টুপীয়াকৈ গণৰাজ্য দিৱস উদযাপন কৰা হৈছে। এইবাৰো ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ ইণ্ডিয়া গেটত পালন কৰা হ’ব গণৰাজ্য দিৱস৷ এইবাৰ কৰ’নাৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি, এইবাৰ ২৪,০০০ৰ পৰিৱৰ্তে মাত্ৰ ৪,০০০ লোকক ৰাজপথত একত্ৰিত হ’বলৈ অনুমতি দিয়া হৈছে। একে সময়তে, প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছে যে ১৫ বছৰৰ তলৰ কোনো শিশু আৰু ভেকচিন গ্ৰহণ নকৰা লোকসকলে এই বছৰ পেৰেডত অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিব।