--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : স্বাধীনতা দিৱসৰ দৰে গণৰাজ্য দিৱসো প্ৰতিজন ভাৰতীয়ৰ বাবে এক অতি গুৰুত্বপূৰ্ণ আৰু গৌৰৱৰ দিন। এক দীঘলীয়া সংগ্ৰামৰ পাছত, ভাৰতে ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰে। যি স্বাধীনতা হৈছে দেশৰ বীৰ পুত্ৰ, স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু ৰক্তপাতৰ ফল। ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ সংবিধান কাৰ্যকৰী হয় আৰু তেতিয়াৰ পৰাই ২৬ জানুৱাৰী দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। দিল্লীৰ ৰাজপথত প্ৰতিবছৰে এক ৰঙীন অনুষ্ঠানৰ সৈতে ভাৰতীয় গণৰাজ্য দিৱস উদযাপন কৰা হয়। এই বছৰ দেশে ৭৩সংখ্যক গণ ৰাজ্য দিৱস পালন কৰিব আৰু ইয়াৰ বাবে দিল্লীৰ ৰাজপথত প্ৰায় সাজু কৰি তোলা হৈছে৷ কিন্তু এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত নাথাকিব মহাত্মা গান্ধীৰ প্ৰিয় সংগীতৰ মূৰ্চনা ‘এবাইড উইথ মি’৷ কেন্দ্ৰীয় চৰকাৰে গণতন্ত্ৰ দিৱসৰ সংগীত সূচীৰ পৰা ‘এবাইড উইথ মি’ৰ বাদ্যসংগীতৰ ঝংকাৰটো বাদ দিছে। ১৮৪৭ চনত স্কটিছ এংলিকান কবি আৰু ভজনবিদ হেনৰী ফ্ৰান্সিছ লাইটে লিখা 'এবিড উইথ মি' ১৯৫০ চনৰ পৰা ‘বিটিং ৰিট্ৰিট’ অনুষ্ঠানৰ অংশ আছিল। উল্লেখ্য যে, অমৰ জোৱান জ্যোতিৰ শিখা ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকলৈ স্থানান্তৰিত হোৱাৰ পাছত, এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত চৰকাৰে এবিড উইথ মি বাদ দিছে৷ ইয়াৰ সলনি এইবাৰ সামৰিক পেৰেডত জনপ্ৰিয় দেশপ্ৰেমমূলক গীত 'এ মেৰে ৱতন কে লোগো' লোৱা হৈছে। কবি প্ৰদীপে ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ সময়ত ভাৰতীয় সৈন্যসকলে কৰা সৰ্বোচ্চ বলিদানৰ স্মৃতিত এই গীত লিখিছিল৷ এতিয়া নতুন দিল্লীয়ে নতুন পোছাক পিন্ধিব। দিল্লীৰ ৰাজপথত এতিয়া গণৰাজ্য দিৱসৰ শেষ মুহূৰ্তৰ প্ৰস্তুতি চলি আছে। কোভিড পৰিস্থিতিৰ বাবে, যোৱা দুবছৰ ধৰি অনুষ্টুপীয়াকৈ গণৰাজ্য দিৱস উদযাপন কৰা হৈছে। এইবাৰো ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ ইণ্ডিয়া গেটত পালন কৰা হ’ব গণৰাজ্য দিৱস৷ এইবাৰ কৰ’নাৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি, এইবাৰ ২৪,০০০ৰ পৰিৱৰ্তে মাত্ৰ ৪,০০০ লোকক ৰাজপথত একত্ৰিত হ’বলৈ অনুমতি দিয়া হৈছে। একে সময়তে, প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছে যে ১৫ বছৰৰ তলৰ কোনো শিশু আৰু ভেকচিন গ্ৰহণ নকৰা লোকসকলে এই বছৰ পেৰেডত অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি