--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ৰূপালী পৰ্দাত তেওঁক নেদেখা আজি এটা দশক পাৰ হ’ল। এসময়ত বলীউডত দপদপাই থকা অভিনেত্ৰীগৰাকী হঠাত্‍ এনেদৰে নোহোৱা হোৱাক লৈ ওলাইছিল নানা হনুবাৰ্তা। শেষবাৰৰ বাবে ২০০১ চনত 'লাভ কে লিয়ে কুচ ভী কাৰেগা' ছবিত দেখা গৈছিল টুইঙ্কল খান্নাক। এই ছবিখনৰ পাছতে অক্ষয় কুমাৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল টুইঙ্কলে। মনযোগ দিলে সংসাৰ চলাই নিয়াত। দুই সন্তানৰ জীৱন গঢ় দিয়াত ব্যস্ত হৈ পৰিছিল অক্ষয়ৰ অৰ্ধাংগিনী। তেনে সময়তে এগৰাকী অভিনেত্ৰীৰ পৰা লেখিকা হৈ পৰিছিল তেওঁ। এটাৰ পাছত আনটো গল্প লিখিবলৈ ধৰিলে তেওঁ। কিন্তু কেৱল গল্পই নহয়, টুইঙ্কলে বাতৰি কাকত এখনৰ বাবে নিয়মীয়া কলমো লিখিবলৈ লয়।

অৱশ্যে, শেহতীয়া খবৰটো হৈছে সুদীৰ্ঘ ১১বছৰৰ পাছত ৰূপালী পৰ্দালৈ উভতিছে টুইঙ্কল খান্না। তেওঁ নিজে লিখা গল্পৰ আধাৰতে নিৰ্মাণ হ’ব ছবি। জানিবলৈ পোৱা মতে,  টুইঙ্কল খান্নাৰ লেখা 'দ্য লিজেণ্ড অৱ লক্ষ্মীপ্ৰসাদ'ৰ  ছালাম নানি আপাৰ গল্পটোকে চিনেমাৰ পৰ্দাত তুলি ধৰিবলৈ চেষ্টা কৰিছে পৰিচালক সোনল ডাব্ৰালে। ইয়াৰ পূৰ্বেও, অক্ষয় কুমাৰ অভিনীত 'পেডমেন' ছবিৰ কাহিনীৰো ৰচনা আছিল টুইঙ্কল খান্নাৰ। এই খবৰ পোহৰলৈ অহাৰ পাছতে একপ্ৰকাৰ উচ্ছসিত হৈ পৰিছে চলচ্চিত্ৰ প্ৰেমী। ছবিখনৰ কাহিনী কেনেকুৱা ধৰণৰ হ’ব? তাকে লৈ হৈছে চৰ্চা। 

অৱশ্যে, আইতা আৰু আইতাৰ ভনীয়েকৰ মাজৰ সম্পৰ্কেই গল্পৰ মূল। যাৰ যোগেদি প্ৰাণ পাই উঠিব জীৱন দৰ্শন আৰু প্ৰেম। গল্পটোৰ মাজতে আছে  ৰহস্য আৰু শিহৰণৰ পয়োভৰ। টুইঙ্কলৰ সৈতে এই ছবিখনত ডিম্পল কাপাডিয়াকো দেখিবলৈ পোৱা যাব বুলি খবৰ ওলাইছে।  অক্ষয় কুমাৰকো টুইঙ্কলৰ সৈতে একেখন ছবিতে দেখিবলৈ পাব বুলি অনুমান কৰিছে অনুৰাগীয়ে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ