--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ৰূপালী পৰ্দাত তেওঁক নেদেখা আজি এটা দশক পাৰ হ’ল। এসময়ত বলীউডত দপদপাই থকা অভিনেত্ৰীগৰাকী হঠাত্‍ এনেদৰে নোহোৱা হোৱাক লৈ ওলাইছিল নানা হনুবাৰ্তা। শেষবাৰৰ বাবে ২০০১ চনত 'লাভ কে লিয়ে কুচ ভী কাৰেগা' ছবিত দেখা গৈছিল টুইঙ্কল খান্নাক। এই ছবিখনৰ পাছতে অক্ষয় কুমাৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল টুইঙ্কলে। মনযোগ দিলে সংসাৰ চলাই নিয়াত। দুই সন্তানৰ জীৱন গঢ় দিয়াত ব্যস্ত হৈ পৰিছিল অক্ষয়ৰ অৰ্ধাংগিনী। তেনে সময়তে এগৰাকী অভিনেত্ৰীৰ পৰা লেখিকা হৈ পৰিছিল তেওঁ। এটাৰ পাছত আনটো গল্প লিখিবলৈ ধৰিলে তেওঁ। কিন্তু কেৱল গল্পই নহয়, টুইঙ্কলে বাতৰি কাকত এখনৰ বাবে নিয়মীয়া কলমো লিখিবলৈ লয়।

অৱশ্যে, শেহতীয়া খবৰটো হৈছে সুদীৰ্ঘ ১১বছৰৰ পাছত ৰূপালী পৰ্দালৈ উভতিছে টুইঙ্কল খান্না। তেওঁ নিজে লিখা গল্পৰ আধাৰতে নিৰ্মাণ হ’ব ছবি। জানিবলৈ পোৱা মতে,  টুইঙ্কল খান্নাৰ লেখা 'দ্য লিজেণ্ড অৱ লক্ষ্মীপ্ৰসাদ'ৰ  ছালাম নানি আপাৰ গল্পটোকে চিনেমাৰ পৰ্দাত তুলি ধৰিবলৈ চেষ্টা কৰিছে পৰিচালক সোনল ডাব্ৰালে। ইয়াৰ পূৰ্বেও, অক্ষয় কুমাৰ অভিনীত 'পেডমেন' ছবিৰ কাহিনীৰো ৰচনা আছিল টুইঙ্কল খান্নাৰ। এই খবৰ পোহৰলৈ অহাৰ পাছতে একপ্ৰকাৰ উচ্ছসিত হৈ পৰিছে চলচ্চিত্ৰ প্ৰেমী। ছবিখনৰ কাহিনী কেনেকুৱা ধৰণৰ হ’ব? তাকে লৈ হৈছে চৰ্চা। 

অৱশ্যে, আইতা আৰু আইতাৰ ভনীয়েকৰ মাজৰ সম্পৰ্কেই গল্পৰ মূল। যাৰ যোগেদি প্ৰাণ পাই উঠিব জীৱন দৰ্শন আৰু প্ৰেম। গল্পটোৰ মাজতে আছে  ৰহস্য আৰু শিহৰণৰ পয়োভৰ। টুইঙ্কলৰ সৈতে এই ছবিখনত ডিম্পল কাপাডিয়াকো দেখিবলৈ পোৱা যাব বুলি খবৰ ওলাইছে।  অক্ষয় কুমাৰকো টুইঙ্কলৰ সৈতে একেখন ছবিতে দেখিবলৈ পাব বুলি অনুমান কৰিছে অনুৰাগীয়ে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ