--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অজয় আৰু কাজল বলীউডৰ অন্যতম শ্ৰেষ্ঠ দম্পতি। বি-টাউনত, অজয় দেৱগন আৰু তেওঁৰ পত্নী কাজল সদায় চৰ্চাৰ কেন্দ্ৰবিন্দু। দুয়োৰে তাৰকা শৈলীৰ জীৱন-যাপনৰ পৰা বিলাসী জীৱনশৈলীলৈকে নেটিজেনসকলৰ বাবে কৌতূহলৰ বিষয়। সেইকাৰণে বলীউডৰ এই তাৰকা দম্পতীয়ে কেতিয়াবা শিৰোনাম দখল কৰে। অজয় দেৱগনৰ জীৱনত একোৰে অভাৱ নাই। এফালে তেওঁ বলীউডৰ কেৰিয়াৰত সফল আৰু আনহাতে তেওঁ কাজলৰ সৈতে এক অতি সুখী জীৱন যাপন কৰি আছে। 


দৰাচলতে বলীউডৰ গ্লেমাৰ জগতৰ বাতৰিৰ শিৰোনামবোৰত সদায় কিছু গুঞ্জন থাকে।  প্ৰিয় তাৰকাসকলৰ কেৰিয়াৰৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ ব্যক্তিগত জীৱনলৈকে জানিবৰ বাবে অনুৰাগীসকল ব্যগ্ৰ হৈ থাকে। শেহতীয়াকৈ অজয় দেৱগনৰ পত্নী কাজলৰ বিষয়ে কিছুমান খবৰ প্ৰকাশ পাইছে যিটো সমগ্ৰ ইণ্টাৰনেটতে চৰ্চা হৈছে। জানিব পৰা গৈছে যে অজয় দেৱগন কাজলৰ জীৱনৰ প্ৰথম প্ৰেমিক নাছিল। অভিনেত্ৰীগৰাকীৰ হৃদয় আন কাৰোবাৰ সৈতে বান্ধ খাই আছিল। ভাগ্য অনুসৰি কাজল অজয় দেৱগনৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। কিন্তু কাজলৰ প্ৰথম প্ৰেমিক কোন আছিল? 


কাজলৰ প্ৰেমিকজনৰ নাম আছিল কাৰ্তিক মেহতা। কাজল আৰু কাৰ্তিক দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কত আছিল। তেওঁলোকে ইজনে সিজনৰ সৈতে যথেষ্ট সময় অতিবাহিত কৰিছিল। আনকি তেওঁলোকৰ সম্পৰ্ক ইমান শক্তিশালী আছিল যে দুয়োৰে মাজত বিবাহৰ আলোচনা আৰম্ভ হৈছিল। কিন্তু ইয়াৰ মাজতে কাজলৰ জীৱনত অজয় দেৱগনৰ প্ৰৱেশ ঘটিছিল। কাজলে তেওঁৰ প্ৰেমিক কাৰ্তিক মেহতাক বিয়া কৰাব বিচাৰিছিল যদিও অৱশেষত তেওঁ অজয় দেৱগনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। 


কাজলে কাৰ্তিকৰ সৈতে প্ৰেমৰ সম্পৰ্কত থকাৰ সময়তে তেওঁ এখন চলচ্চিত্ৰত কাম কৰিবলৈ আৰম্ভ কৰিছিল য'ত অজয় দেৱগন সহ-অভিনেতা হিচাপে আছিল। চিনেমাখনৰ দৃশ্যগ্ৰহণৰ সময়ত কাজল আৰু কাৰ্তিকৰ সম্পৰ্কত ঘূণে ধৰিবলৈ আৰম্ভ কৰিছিল। অজয় দেৱগণে সেই সুযোগৰ সদ ব্যৱহাৰ কৰিছিল। তাৰপাছত অজয় কাজলৰ প্ৰতি সহানুভূতিশীল হৈ পৰিছিল আৰু এজন ভাল বন্ধু হৈ পৰিছিল। ইফালে কাজলৰ সৈতে কাৰ্তিকৰ দূৰত্ব বৃদ্ধি পাই গৈ থাকে। সেই সময়তে অজয় দেৱগনৰ হৃদয়ৰ ওচৰ চাপি আহে কাজল আৰু অজয়ক বিয়া কৰাই কাজলে এতিয়া অতি সুখী জীৱন যাপন কৰি আছে। দুয়ো এটি কন্যা আৰু এটি পুত্ৰ সন্তানৰ পিতৃ-মাতৃ।


 

FOLLOW US F
POPULAR
FEATURE
TRENDY
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ