--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অজয় আৰু কাজল বলীউডৰ অন্যতম শ্ৰেষ্ঠ দম্পতি। বি-টাউনত, অজয় দেৱগন আৰু তেওঁৰ পত্নী কাজল সদায় চৰ্চাৰ কেন্দ্ৰবিন্দু। দুয়োৰে তাৰকা শৈলীৰ জীৱন-যাপনৰ পৰা বিলাসী জীৱনশৈলীলৈকে নেটিজেনসকলৰ বাবে কৌতূহলৰ বিষয়। সেইকাৰণে বলীউডৰ এই তাৰকা দম্পতীয়ে কেতিয়াবা শিৰোনাম দখল কৰে। অজয় দেৱগনৰ জীৱনত একোৰে অভাৱ নাই। এফালে তেওঁ বলীউডৰ কেৰিয়াৰত সফল আৰু আনহাতে তেওঁ কাজলৰ সৈতে এক অতি সুখী জীৱন যাপন কৰি আছে। 


দৰাচলতে বলীউডৰ গ্লেমাৰ জগতৰ বাতৰিৰ শিৰোনামবোৰত সদায় কিছু গুঞ্জন থাকে।  প্ৰিয় তাৰকাসকলৰ কেৰিয়াৰৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ ব্যক্তিগত জীৱনলৈকে জানিবৰ বাবে অনুৰাগীসকল ব্যগ্ৰ হৈ থাকে। শেহতীয়াকৈ অজয় দেৱগনৰ পত্নী কাজলৰ বিষয়ে কিছুমান খবৰ প্ৰকাশ পাইছে যিটো সমগ্ৰ ইণ্টাৰনেটতে চৰ্চা হৈছে। জানিব পৰা গৈছে যে অজয় দেৱগন কাজলৰ জীৱনৰ প্ৰথম প্ৰেমিক নাছিল। অভিনেত্ৰীগৰাকীৰ হৃদয় আন কাৰোবাৰ সৈতে বান্ধ খাই আছিল। ভাগ্য অনুসৰি কাজল অজয় দেৱগনৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। কিন্তু কাজলৰ প্ৰথম প্ৰেমিক কোন আছিল? 


কাজলৰ প্ৰেমিকজনৰ নাম আছিল কাৰ্তিক মেহতা। কাজল আৰু কাৰ্তিক দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কত আছিল। তেওঁলোকে ইজনে সিজনৰ সৈতে যথেষ্ট সময় অতিবাহিত কৰিছিল। আনকি তেওঁলোকৰ সম্পৰ্ক ইমান শক্তিশালী আছিল যে দুয়োৰে মাজত বিবাহৰ আলোচনা আৰম্ভ হৈছিল। কিন্তু ইয়াৰ মাজতে কাজলৰ জীৱনত অজয় দেৱগনৰ প্ৰৱেশ ঘটিছিল। কাজলে তেওঁৰ প্ৰেমিক কাৰ্তিক মেহতাক বিয়া কৰাব বিচাৰিছিল যদিও অৱশেষত তেওঁ অজয় দেৱগনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। 


কাজলে কাৰ্তিকৰ সৈতে প্ৰেমৰ সম্পৰ্কত থকাৰ সময়তে তেওঁ এখন চলচ্চিত্ৰত কাম কৰিবলৈ আৰম্ভ কৰিছিল য'ত অজয় দেৱগন সহ-অভিনেতা হিচাপে আছিল। চিনেমাখনৰ দৃশ্যগ্ৰহণৰ সময়ত কাজল আৰু কাৰ্তিকৰ সম্পৰ্কত ঘূণে ধৰিবলৈ আৰম্ভ কৰিছিল। অজয় দেৱগণে সেই সুযোগৰ সদ ব্যৱহাৰ কৰিছিল। তাৰপাছত অজয় কাজলৰ প্ৰতি সহানুভূতিশীল হৈ পৰিছিল আৰু এজন ভাল বন্ধু হৈ পৰিছিল। ইফালে কাজলৰ সৈতে কাৰ্তিকৰ দূৰত্ব বৃদ্ধি পাই গৈ থাকে। সেই সময়তে অজয় দেৱগনৰ হৃদয়ৰ ওচৰ চাপি আহে কাজল আৰু অজয়ক বিয়া কৰাই কাজলে এতিয়া অতি সুখী জীৱন যাপন কৰি আছে। দুয়ো এটি কন্যা আৰু এটি পুত্ৰ সন্তানৰ পিতৃ-মাতৃ।


 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ