--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নৱ-প্ৰজন্মৰ এগৰাকী উদ্যমী তথা অতি অমায়িক বলীউড অভিনেতা বুলিলে টাইগাৰ শ্ৰূফৰ কথাই বুজিব পাৰি৷ বলীউড অভিনেতা টাইগাৰ শ্ৰূফে বৰ্তমান তেওঁৰ আহিবলগীয়া ছবি ‘হীৰোপান্তি-২’ৰ মুক্তিৰ বাবে সাজু হৈ উঠিছে। ছবি প্ৰচাৰৰ সময়তে হোৱা অভিনেতাজনে এক নতুন সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল যে তেওঁ হলীউডত এজন ছুপাৰহীৰোৰ চৰিত্ৰত অভিনয় কৰিব বিচাৰে। 

টাইগাৰ প্ৰবীণ অভিনেতা জেকী শ্ৰূফ আৰু আয়েশা শ্ৰূফৰ পুত্ৰ। তেওঁৰ কৃষ্ণা শ্ৰূফ নামৰ এগৰাকী ভগ্নী আছে। কৃষ্ণাই ‘হীৰোপান্তি-২’ৰ ট্ৰেইলাৰৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছিল, 'ভাই, আপুনি হলীউডলৈ যোৱাৰ এয়া সময়৷' বলীউড হাংগামাৰ সৈতে হোৱা এক নতুন সাক্ষাৎকাৰত টাইগাৰে কয় যে তেওঁৰ লক্ষ্য হলীউডত প্ৰৱেশ কৰা। তেওঁ কয়, ‘পশ্চিমৰ এজন যুৱ একচন হীৰোৰ ক্ষেত্ৰত এক শূন্যতা আছে। মোৰ বয়সৰ কোনো একচন হিৰো নাই, আৰু হয়তো মই যি ধৰণৰ কাম কৰোঁ।'  তেওঁ লগতে কয়, 'মোক কেইবাৰমান প্ৰস্তাৱ দিয়া হৈছে। মই কেইবাবাৰো অডিশ্যন দিছো আৰু বিফল হৈছো,  কিন্তু মই এতিয়াও চেষ্টা কৰি আছোঁ।' 

সহঃ অভিনেত্ৰী তাৰা সুতাৰিয়াই মুখ্য চৰিত্ৰত ‘হীৰোপান্তি-২’ত অভিনয় কৰিছে৷ টাইগাৰক ছবিখনত বাবলু হিচাপে উপস্থাপন কৰা হৈছে৷ ৰজত অৰোৰাৰ দ্বাৰা লিখা আৰু আহমেদ খানৰ দ্বাৰা পৰিচালিত, চলচ্চিত্ৰখন ২৯ এপ্ৰিলত মুক্তি পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ