--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৌতম গম্ভীৰক ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক হোৱাৰ সম্ভাৱনা আছে। চলি থকা টি-২০ বিশ্বকাপৰ পিছত বৰ্তমানৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ চুক্তিৰ ম্যাদ উকলিব। ভাৰতৰ প্ৰাক্তন অ’পেনাৰগৰাকীয়ে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ ক্ৰিকেট উপদেষ্টা সমিতিৰ সাক্ষাৎকাৰত গম্ভীৰে ব’ৰ্ডৰ সন্মুখত তেওঁৰ কিছু দাবী দাখিল কৰে।

কিছু সংবাদসংস্থাই বাতৰি প্ৰকাশ কৰিছে যে চি এ চিৰ সৈতে হোৱা সাক্ষাৎকাৰত গম্ভীয়ে বি চি চি আইৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ এটা নহয়, পাঁচটা চৰ্ত দাখিল কৰিছিল। গম্ভিৰে দাবী কৰে যে দলৰ ক্ৰিকেট অভিযানত তেওঁৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব, ব’ৰ্ডৰ কোনো হস্তক্ষেপ নোহোৱাকৈ।

দ্বিতীয়তে, দুবাৰৰ বিশ্বকাপ বিজয়ীগৰাকীয়ে বেটিং, ফিল্ডিং আৰু বলিং প্ৰশিক্ষককে ধৰি নিজৰ সহায়ক কৰ্মচাৰী বাছি ল’ব।

তৃতীয়তে, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, ২০২৫ চনত পাকিস্তানত অনুষ্ঠিত হোৱা চেম্পিয়নছ ট্ৰফী চাৰিজন জ্যেষ্ঠ খেলুৱৈৰ বাবে শেষ সুযোগ হ’ব পাৰে -- বিৰাট কোহলী, ৰোহিত শৰ্মা, ৰবীন্দ্ৰ জাডেজা আৰু মহম্মদ শ্বামী। যদি এই খেলুৱৈসকলে ভাৰতক প্ৰতিযোগিতাত জয়ী হোৱাত সহায় কৰিব নোৱাৰে তেন্তে তেওঁলোকক দলৰ পৰা বাদ দিয়া হ’ব। অৱশ্যে তিনিওটা ফৰ্মেটৰ পৰা খেলুৱৈক বাতিল কৰাৰ কোনো উল্লেখ নাছিল।

চতুৰ্থ চৰ্তৰ কথা ক’বলৈ গ’লে টেষ্ট ক্ৰিকেটত এটা সুকীয়া দল থাকিব। শেষত গম্ভীৰে আৰম্ভণীৰে পৰাই ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ ৰোডমেপ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ