--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আহি পালে অৱশেষত বহু প্ৰত্যাশিত দিনটো। আজিৰ দিনটোক লৈ ক্ৰীড়াপ্ৰেমীৰ উৎকণ্ঠাৰ অন্ত নাই। বাৰ্বাডোজত আজি ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপৰ ফাইনেল মেচ। সন্ধিয়া ৮-০০ বজাৰ লগে লগে আৰম্ভ হ’ব মহাৰণ।


খিতাপ জয়ৰ বাবে দুয়োখন দেশেই যুঁজ কৰিব। দুয়োখন দেশেই নিজৰ নিজৰ দল বিজয়ী হোৱাৰ কামনা কৰিছে। ২০০৭ চনতে উদ্বোধনী বৰ্ষৰ বিশ্ব জয়ৰ খিতাপ দখল কৰিছিল টীম ইণ্ডিয়াই। সেই বৰ্ষত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত দঃ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ ট্ৰফী ভাৰতে পাবলৈ সক্ষম হৈছিল। 


ইফালে ক্ৰিকেটৰ আনলাকী দল হিচাপে পৰিগণিত দক্ষিণ আফ্ৰিকাই এতিয়ালৈ জয় কৰিব পৰা বিশ্বকাপৰ খিতাপ। প্ৰথমবাৰৰ বাবে ফাইনেলত অৱতীৰ্ণ হৈছে দলটো। সেয়ে এইবাৰ সুযোগ এৰি দিব বিচৰা নাই দক্ষিণ আফ্ৰিকাই।

এবাৰেই টি-২০ বিশ্বকাপ জিকাৰ পাছত বাৰে বাৰেই ছেমি ফাইনেলত থমকি ৰয় ভাৰত। এইবাৰ কিন্তু তেনে হ’বলৈ দিব নোৱাৰে। শীতল মস্তিষ্কৰে, যুঁজাৰু মনোভাৱেৰে যুঁজত অৱতীৰ্ণ হ’ব ৰোহিত বাহিনী।

ক্ৰিকেটক লৈ ভাৰতীয় ক্ৰীড়াপ্ৰেমী অতি আৱেগিক। ভাৰত বিজয়ী হোৱাটো সকলোৱে মনে-প্ৰাণে কামনা কৰিছে। কিন্তু খেলত হৰা-জিকা থাকেই। আজি কাৰ ভাগ্য নিৰ্ণয় হ’ব, সেয়া সময়তহে গম পোৱা যাব। গতিকে ভাৰতে যদি ভাগ্য নিৰ্ণয় কৰিব নোৱাৰে তেন্তে কোনো অনুৰাগী যাতে দুখত ভাগি নপৰে আৰু কোনেও যাতে একো অঘটন নঘটায় তাৰপ্ৰতি সচেতন হোৱাটো উচিত।

পাছে আজি খেলৰ সময়ত বৰষুণ হোৱাৰো সম্ভাৱনা আছে বুলি ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে। ইয়াকে লৈ চিন্তাত পৰিছে ক্ৰীড়াপ্ৰেমী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু