--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আহি পালে অৱশেষত বহু প্ৰত্যাশিত দিনটো। আজিৰ দিনটোক লৈ ক্ৰীড়াপ্ৰেমীৰ উৎকণ্ঠাৰ অন্ত নাই। বাৰ্বাডোজত আজি ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপৰ ফাইনেল মেচ। সন্ধিয়া ৮-০০ বজাৰ লগে লগে আৰম্ভ হ’ব মহাৰণ।


খিতাপ জয়ৰ বাবে দুয়োখন দেশেই যুঁজ কৰিব। দুয়োখন দেশেই নিজৰ নিজৰ দল বিজয়ী হোৱাৰ কামনা কৰিছে। ২০০৭ চনতে উদ্বোধনী বৰ্ষৰ বিশ্ব জয়ৰ খিতাপ দখল কৰিছিল টীম ইণ্ডিয়াই। সেই বৰ্ষত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত দঃ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ ট্ৰফী ভাৰতে পাবলৈ সক্ষম হৈছিল। 


ইফালে ক্ৰিকেটৰ আনলাকী দল হিচাপে পৰিগণিত দক্ষিণ আফ্ৰিকাই এতিয়ালৈ জয় কৰিব পৰা বিশ্বকাপৰ খিতাপ। প্ৰথমবাৰৰ বাবে ফাইনেলত অৱতীৰ্ণ হৈছে দলটো। সেয়ে এইবাৰ সুযোগ এৰি দিব বিচৰা নাই দক্ষিণ আফ্ৰিকাই।

এবাৰেই টি-২০ বিশ্বকাপ জিকাৰ পাছত বাৰে বাৰেই ছেমি ফাইনেলত থমকি ৰয় ভাৰত। এইবাৰ কিন্তু তেনে হ’বলৈ দিব নোৱাৰে। শীতল মস্তিষ্কৰে, যুঁজাৰু মনোভাৱেৰে যুঁজত অৱতীৰ্ণ হ’ব ৰোহিত বাহিনী।

ক্ৰিকেটক লৈ ভাৰতীয় ক্ৰীড়াপ্ৰেমী অতি আৱেগিক। ভাৰত বিজয়ী হোৱাটো সকলোৱে মনে-প্ৰাণে কামনা কৰিছে। কিন্তু খেলত হৰা-জিকা থাকেই। আজি কাৰ ভাগ্য নিৰ্ণয় হ’ব, সেয়া সময়তহে গম পোৱা যাব। গতিকে ভাৰতে যদি ভাগ্য নিৰ্ণয় কৰিব নোৱাৰে তেন্তে কোনো অনুৰাগী যাতে দুখত ভাগি নপৰে আৰু কোনেও যাতে একো অঘটন নঘটায় তাৰপ্ৰতি সচেতন হোৱাটো উচিত।

পাছে আজি খেলৰ সময়ত বৰষুণ হোৱাৰো সম্ভাৱনা আছে বুলি ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে। ইয়াকে লৈ চিন্তাত পৰিছে ক্ৰীড়াপ্ৰেমী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ