--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি টি-২০ বিশ্বকাপৰ ফাইনেল। ভাৰতে আজি দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব। কিন্তু  খেল খনত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা থকা বুলি বতৰ বিজ্ঞান বিভাগে কৈ আহিছে।  স্থানীয় বতৰ বিজ্ঞান বিভাগৰ  বাতৰি অনুসৰি ফাইনেল আৰম্ভ হোৱাৰ পূৰ্বেই ষ্টেডিয়ামৰ কাষৰীয়া অঞ্চলত বৰষুণ হ’ব পাৰে। যদি বৰষুণ হয় তেন্তে  টি-২০ বিশ্বকাপত কোনে চেম্পিয়নৰ ট্ৰফী লাভ কৰিব সেয়া কেনেকৈ নিৰ্ণয় কৰা হ’ব?

আইচিচিৰ নিয়ম অনুসৰি ৪০ অভাৰৰ শেষত যদি দুটা দলৰ সমান ৰান হয়, তেন্তে ছুপাৰ অভাৰ খেলিব লাগিব। যদিহে ছুপাৰ অভাৰত টাই হয় তেন্তে দুয়োটা দলৰ মাজত পুনৰ ছুপাৰ অভাৰ খেলিব। সেই ছুপাৰ অভাৰৰ বিজয়ীক চেম্পিয়ন হিচাপে গণ্য কৰা হ’ব। কিন্তু খেল আৰম্ভ হোৱাৰ আগতে বা বল  কৰাৰ পিছত বৰষুণ দিলে কি হ’ব? মেচখন খেলাটো সম্ভৱ হ’বনে?
ফাইনেল (আইচিচি টি-২০ বিশ্বকাপ ২০২৪)ৰ নিয়ম অনুসৰি শনিবাৰে নিৰ্দিষ্ট সময়ত খেল আৰম্ভ নহ’লে অতিৰিক্ত ৩ ঘণ্টা ১০ মিনিট অপেক্ষা কৰিব পৰা যাব। মেচ আৰম্ভ হ’লে দুয়োটা দলে গোটেই ৪০ অভাৰ খেলিব পাৰিব। খেল আৰম্ভ হোৱাৰ পিছত মাজত বৰষুণ দিলেও এই ৩ ঘন্টা ১০ মিনিট অপেক্ষা কৰিব লাগিব। কিন্তু ফলাফলৰ বাবে নূন্যতম ১০ অভাৰ মেচ খেলিব লাগিব। তেনে পৰিস্থিতিৰ সৃষ্টি হ’লে  শনিবাৰে য’ত খেল শেষ হয়, দেওবাৰে পৰৱৰ্তী বলৰ পৰা অৰ্থাৎ ৰিজাৰ্ভ ডে’ত খেল আৰম্ভ হ’ব  পাৰে।

যদি শনিবাৰে ফাইনেল খেলা সম্ভৱ নহয়, তেন্তে দেওবাৰে এখন নতুন মেচ অনুষ্ঠিত হ’ব। কিন্তু দেওবাৰে যদি খেলখন খেলা নহয় তেন্তে দুয়োটা দলক যৌথ চেম্পিয়ন হিচাপে ঘোষণা কৰা হ’ব। মন কৰিবলগীয়া যে বৰষুণৰ ফলত চলিত বিশ্বকাপ একাধিকবাৰ বন্ধ হৈ পৰিছে। ভাৰতৰ ছেমি ফাইনেল খেলখনো বৰষুণৰ বাবে ডেৰ ঘণ্টা পলমকৈ আৰম্ভ হৈছিল। ফাইনেলতো একেই হ’ব নেকি?  ক্ৰিকেটপ্ৰেমীৰ মাজত এতিয়া সেয়াই চিন্তা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু