--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি টি-২০ বিশ্বকাপৰ ফাইনেল। ভাৰতে আজি দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব। কিন্তু  খেল খনত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা থকা বুলি বতৰ বিজ্ঞান বিভাগে কৈ আহিছে।  স্থানীয় বতৰ বিজ্ঞান বিভাগৰ  বাতৰি অনুসৰি ফাইনেল আৰম্ভ হোৱাৰ পূৰ্বেই ষ্টেডিয়ামৰ কাষৰীয়া অঞ্চলত বৰষুণ হ’ব পাৰে। যদি বৰষুণ হয় তেন্তে  টি-২০ বিশ্বকাপত কোনে চেম্পিয়নৰ ট্ৰফী লাভ কৰিব সেয়া কেনেকৈ নিৰ্ণয় কৰা হ’ব?

আইচিচিৰ নিয়ম অনুসৰি ৪০ অভাৰৰ শেষত যদি দুটা দলৰ সমান ৰান হয়, তেন্তে ছুপাৰ অভাৰ খেলিব লাগিব। যদিহে ছুপাৰ অভাৰত টাই হয় তেন্তে দুয়োটা দলৰ মাজত পুনৰ ছুপাৰ অভাৰ খেলিব। সেই ছুপাৰ অভাৰৰ বিজয়ীক চেম্পিয়ন হিচাপে গণ্য কৰা হ’ব। কিন্তু খেল আৰম্ভ হোৱাৰ আগতে বা বল  কৰাৰ পিছত বৰষুণ দিলে কি হ’ব? মেচখন খেলাটো সম্ভৱ হ’বনে?
ফাইনেল (আইচিচি টি-২০ বিশ্বকাপ ২০২৪)ৰ নিয়ম অনুসৰি শনিবাৰে নিৰ্দিষ্ট সময়ত খেল আৰম্ভ নহ’লে অতিৰিক্ত ৩ ঘণ্টা ১০ মিনিট অপেক্ষা কৰিব পৰা যাব। মেচ আৰম্ভ হ’লে দুয়োটা দলে গোটেই ৪০ অভাৰ খেলিব পাৰিব। খেল আৰম্ভ হোৱাৰ পিছত মাজত বৰষুণ দিলেও এই ৩ ঘন্টা ১০ মিনিট অপেক্ষা কৰিব লাগিব। কিন্তু ফলাফলৰ বাবে নূন্যতম ১০ অভাৰ মেচ খেলিব লাগিব। তেনে পৰিস্থিতিৰ সৃষ্টি হ’লে  শনিবাৰে য’ত খেল শেষ হয়, দেওবাৰে পৰৱৰ্তী বলৰ পৰা অৰ্থাৎ ৰিজাৰ্ভ ডে’ত খেল আৰম্ভ হ’ব  পাৰে।

যদি শনিবাৰে ফাইনেল খেলা সম্ভৱ নহয়, তেন্তে দেওবাৰে এখন নতুন মেচ অনুষ্ঠিত হ’ব। কিন্তু দেওবাৰে যদি খেলখন খেলা নহয় তেন্তে দুয়োটা দলক যৌথ চেম্পিয়ন হিচাপে ঘোষণা কৰা হ’ব। মন কৰিবলগীয়া যে বৰষুণৰ ফলত চলিত বিশ্বকাপ একাধিকবাৰ বন্ধ হৈ পৰিছে। ভাৰতৰ ছেমি ফাইনেল খেলখনো বৰষুণৰ বাবে ডেৰ ঘণ্টা পলমকৈ আৰম্ভ হৈছিল। ফাইনেলতো একেই হ’ব নেকি?  ক্ৰিকেটপ্ৰেমীৰ মাজত এতিয়া সেয়াই চিন্তা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ