--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ পুনৰ অশান্ত হৈ পৰিছে জন্মু-কাশ্মীৰ। অশান্ত কাশ্মীৰত এতিয়া মৃত্যুৰ কিৰিলি। সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা এক নিৰ্মম কাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। মৃত্যু এতিয়া সহজে নহয় হৈ পৰিছে সুলভো। শেহতীয়া এক শিহৰণকাৰী ঘটনাই সচেতন সমাজৰো চকু কপালত তুলিছে। জম্মু-কাশ্মীৰত সোমবাৰে এক নিৰাপত্তা অভিযানৰ সময়ত ক্ৰন্দনৰত এগৰাকী কাশ্মীৰী যুৱতীয়ে পিতৃৰ হত্যাৰ বৰ্ণনা কৰা এটা ভিডিঅ'ই সম্প্ৰতি সামাজিক মাধ্যত ব্যাপক চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। শ্ৰীনগৰৰ এটা বাণিজ্যিক কমপ্লেক্সত সন্ত্ৰাসবাদ বিৰোধী অভিযানত নিহত ৪জনৰ ভিতৰত মহম্মদ আলতাফ ভাট নামৰ এজন ব্যৱসায়ী আছিল বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। নিহত ব্যক্তিজনক সন্ত্ৰাসবাদীয়ে হত্যা কৰা বুলি আৰক্ষীয়ে প্ৰথমে সদৰী কৰিছিল যদিও পৰৱৰ্তী সময়ত সলনি হয় আৰক্ষীৰ বক্তব্য। আৰক্ষী-সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষত ব্যক্তিজন নিহত হোৱা বুলি আশংকা প্ৰকাশ কৰে আৰক্ষীয়ে। বহুলভাৱে শ্বেয়াৰ হোৱা ভিডিঅ'টোত ভাটৰ ১৩ বছৰীয়া কন্যাই পিতৃৰ মৃত্যুৰ বিষয়ে বৰ্ণনা কৰি আৱেগিক হৈ পৰিছে।

ভাগি পৰা ভাট কন্যাই কয়, ‘পুৱা প্ৰায় ১০ বজাত মোৰ খুড়ালৈ টেলিফোন আহিছিল আৰু তেওঁ কান্দিবলৈ আৰম্ভ কৰিছিল। মই তেতিয়া ঘৰতে আছিলো। চিঞৰ-বাখৰ শুনাৰ পাছত ততাতৈয়াকৈ দৌৰি গৈছিলো। মই আল্লাৰ ওচৰত প্ৰাৰ্থনাও কৰিছিলো।’ কেৱল সেয়াই নহয় পিতৃৰ মৃত্যুত শোকাহত ভাট কন্যাই লগতে কয়, ‘মোৰ সম্পৰ্কীয় ভাই, তেওঁ সমগ্ৰ ঘটনাটোৰ সাক্ষী। তেওঁ মোক কৈছিল যে, মোৰ পিতৃক তিনিবাৰ আটক কৰা হৈছিল আৰু দুবাৰ তেওঁক মুকলিও কৰি দিয়া হৈছিল কিন্তু তৃতীবাৰ তেওঁ আৰু সোঁ শৰীৰে উভতি নাহিল। তেওঁ সন্মুখীন হ’ল নিৰ্মম বাস্তৱৰ। কৰা হ’ল হত্যা।’ পিতৃক এনদৰে কিয় হত্যাকৰা হৈছে বুলি সোধাত সন্ত্ৰাসবাদী গোটটোৱে ১৩বছৰীয়া কিশোৰী জনীক অট্টহাস্য কৰা বুলিও জানিবলৈ পোৱা গৈছে। স্বাভাৱিকতে মৃত্যুৰ এনে নিৰ্মম বৰ্ণনাই আৱেগবিহ্বল কৰি তুলিছে সকলোকে। পিতৃক হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে ১৩বছৰীয়া কন্যা।তাই এতিয়া ক’লৈ যাব, কি কৰিব?কোনে ল’ব কিশোৰীগৰাকীৰ দ্বায়‌িত্ব? প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিকে ধৰি ৰাজনৈতিক নেতাসকলেও শ্ৰীনগৰৰ শেহতীয়া সংঘৰ্ষক লৈ প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে। অৱশ্যে, পৰৱৰ্তী সময়ত ঘটনাই কি ৰূপ লয় সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক