--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পশ্চিমবংগত পুনৰ বিয়পি পৰিছে উত্তেজনা। আকৌ এবাৰ হিন্দু দেৱ-দেৱীৰ মূৰ্তি লণ্ডভণ্ড কৰি হিন্দু ধৰ্মাৱলম্বী লোকক আঘাত দিলে কোনো দুষ্কৃতিকাৰীয়ে। দুষ্কৃতিকাৰীক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান। পশ্চিমবংগৰ উত্তৰ ২৪ পৰগণা জিলাত সংঘটিত এই ঘটনাৰ পিছৰে পৰা সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে। আগন্তুক ৰাস উৎসৱৰ বাবে প্ৰস্তুত কৰা হিন্দু দেৱ-দেৱীৰ মূৰ্তিসমূহ দুষ্কৃতিকাৰীয়ে ভাঙি চূৰমাৰ কৰে।

ঘটনা সংক্ৰান্তত আৰক্ষী অধীক্ষক জোবি থমাছে কয় যে মূৰ্তিবোৰ ধ্বংস কৰাৰ খবৰ স্থানীয় লোকে দিছিল। ইয়াৰ পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ভঙা মূৰ্তিবোৰ আঁতৰাই লৈ গৈছিল আৰু ঘটনাটোৰ তদন্ত আৰম্ভ কৰে। ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো গ্ৰেপ্তাৰ কৰা হোৱা নাই। সমগ্ৰ বিষয়টোৰ ওপৰত অনুসন্ধান কৰি আছে পশ্চিমবংগ আৰক্ষীয়ে।

আৰু পঢ়কঃ হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হ’ব কংগনা ৰাণাৱট!

আৰক্ষীয়ে কয় যে, ''যদি কাৰোবাক দোষী সাব্যস্ত কৰা হয়, তেন্তে আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিম।'' পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। বৰ্তমানলৈকে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ খবৰ অহা নাই। উল্লেখ্য যে যোৱা অক্টোবৰ মাহৰ দুৰ্গা পূজাৰ সময়তো পশ্চিমবংগৰ লগতে বাংলাদেশত দুষ্কৃতিকাৰীয়ে মূৰ্তি ভঙাৰ খবৰ পোহৰলৈ আহিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে