--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পশ্চিমবংগত পুনৰ বিয়পি পৰিছে উত্তেজনা। আকৌ এবাৰ হিন্দু দেৱ-দেৱীৰ মূৰ্তি লণ্ডভণ্ড কৰি হিন্দু ধৰ্মাৱলম্বী লোকক আঘাত দিলে কোনো দুষ্কৃতিকাৰীয়ে। দুষ্কৃতিকাৰীক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান। পশ্চিমবংগৰ উত্তৰ ২৪ পৰগণা জিলাত সংঘটিত এই ঘটনাৰ পিছৰে পৰা সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে। আগন্তুক ৰাস উৎসৱৰ বাবে প্ৰস্তুত কৰা হিন্দু দেৱ-দেৱীৰ মূৰ্তিসমূহ দুষ্কৃতিকাৰীয়ে ভাঙি চূৰমাৰ কৰে।

ঘটনা সংক্ৰান্তত আৰক্ষী অধীক্ষক জোবি থমাছে কয় যে মূৰ্তিবোৰ ধ্বংস কৰাৰ খবৰ স্থানীয় লোকে দিছিল। ইয়াৰ পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ভঙা মূৰ্তিবোৰ আঁতৰাই লৈ গৈছিল আৰু ঘটনাটোৰ তদন্ত আৰম্ভ কৰে। ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো গ্ৰেপ্তাৰ কৰা হোৱা নাই। সমগ্ৰ বিষয়টোৰ ওপৰত অনুসন্ধান কৰি আছে পশ্চিমবংগ আৰক্ষীয়ে।

আৰু পঢ়কঃ হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হ’ব কংগনা ৰাণাৱট!

আৰক্ষীয়ে কয় যে, ''যদি কাৰোবাক দোষী সাব্যস্ত কৰা হয়, তেন্তে আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিম।'' পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। বৰ্তমানলৈকে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ খবৰ অহা নাই। উল্লেখ্য যে যোৱা অক্টোবৰ মাহৰ দুৰ্গা পূজাৰ সময়তো পশ্চিমবংগৰ লগতে বাংলাদেশত দুষ্কৃতিকাৰীয়ে মূৰ্তি ভঙাৰ খবৰ পোহৰলৈ আহিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক