--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে এইবাৰ লক্ষ্য কৰি ল'লে জাতিৰ পিতা মহাত্মা গান্ধীক৷ মহাত্মা গান্ধীৰ অহিংস নীতিক চৰম তাচ্চিল্য কৰি পুনৰ বিতৰ্কত সোমাই পৰিল কংগনা। মহাত্মা গান্ধীৰ এটি জনপ্ৰিয় নীতি হ'ল-''তোমাক যদি এখন গালত কোনোবাই চৰ মাৰে তেন্তে আনখন গালো পাতি দিবা।'' এই নীতিৰে বাপুজীয়ে মানুহক অহিংসাৰ শিক্ষা দিছিল। মঙলবাৰে ‘অহিংসা পৰম ধৰ্ম’ক তাচ্চিল্য কৰি কংগনাই কয় যে, ''আনখন গাল পাতি দিলে ভিক্ষাহে পাই স্বাধীনতা নাপায়৷ ১৯৪৭ চনত দেশে লাভ কৰা স্বাধীনতা ব্ৰিটিছে দিয়া ভিক্ষা আছিল৷ মহাত্মা গান্ধীয়ে আমাক শিকাইছিল যে, কোনোবাই এখন গালত চৰ মাৰিলে আনখন গাল পাতি দিব লাগে৷ এইদৰেই স্বাধীনতা পোৱাতো অসম্ভৱ৷ এনেকৈ কোনেও স্বাধীনতা পাব নোৱাৰে, ভিক্ষাহে পাব৷''

যিগৰাকী মহাত্মা গান্ধীৰ নেতৃত্বত দেশে স্বাধীনতা লাভ কৰিছিল সেইগৰাকী মহাত্মা গান্ধীকে তুচ্চ-তাচ্ছিল্ল্য কৰিবলৈ স্পৰ্ধা কৰা কংগনাক নাকী লগাব কোনে? দেশক লৈ ইটোৰ পিছত সিটো বিতৰ্কিত মন্তব্য কৰা কংগনা কেন্দ্ৰৰ বিজেপি চৰকাৰৰ মদদপুষ্ট নেকি বুলিও উঠিছে সন্দেহৰ আঙুলি। বিতৰ্কিত মন্তব্যৰ বাবেই টুইটাৰ কৰ্তৃপক্ষই ইতিমধ্যেই কংগনাৰ একাউণ্ট ব্লক কৰি দিছে।অনবৰতে ৰাজনৈতিকভাবে সক্ৰিয় মন্তব্য কৰি সৰৱ হৈ থকা কংগনাক লৈ শেহতীয়াকৈ আলোচনা চলিছে যে ৰাজনৈতিক পথাৰত খোজ দিব নেকি কংগনা ৰাণাৱটে। ইটোৰ পিছত সিটো ৰাজনৈতিক মন্তব্য কৰি থকা কংগনাই হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে নেকি বুলিও চলিছে চৰ্চা। কেন্দ্ৰত নৰেন্দ্ৰ মোদী শাসনত থাকিলে কংগনা ৰাণাৱটৰ সেই সপোন পূৰণ হ'ব পাৰে বুলিও অনেক লোকৰ মনলৈ ধাৰণা আহিছে।

আৰু পঢ়কঃ ৰিয়েল লাইফৰ ‘গজিনী’! প্ৰতি ৬ ঘণ্টাৰ মূৰে মূৰে সকলো কথা পাহৰি পেলায় এইজন যুৱকে

অভিনেত্ৰী আৰু ৰাজনৈতিক ক্ষেত্ৰখনৰ সম্পৰ্ক বহু গভীৰ। অভিনেত্ৰী জয়াললিতা, জয়া বচ্চন, জয়া প্ৰদা, হেমা মালিনী, স্মৃতি ইৰাণী আদিয়ে ৰাজনৈতিক পথাৰত সফলতাৰ খোজ দি নজিৰ সৃষ্টি কৰিছে, তেনেক্ষেত্ৰত এইসকল অভিনেত্ৰীৰ পাছে পাছে কংগনা ৰাণাৱটেও বাট বোলাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলি চৰ্চা আৰম্ভ হৈছে। কংগনা ৰাণাৱটৰ লক্ষ্য কি সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষ্যণীয়।

উল্লেখযোগ্য যে পদ্মশ্ৰী পোৱাৰ পাছতেই কংগনাই কৈছিল যে ''ভাৰতবৰ্ষই ১৯৪৭ চনত স্বাধীনতা পোৱা নাছিল, পাইছিল ২০১৪ চনতহে।'' অনেক বীৰৰ ত্যাগ, শৌৰ্য, পৰাক্ৰমেৰে ১৯৪৭ চনত বৃটিছৰ কবলৰ পৰা মুক্ত হৈ ভাৰতে লাভ কৰা স্বাধীনতাক এনেদৰে কৈ একপ্ৰকাৰ ভেঙুচালি কৰিছিল বলীউড অভিনেত্ৰী কংগনা ৰাণাৱটে। ২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে দেশৰ শাসনভাৰ লোৱাৰ পাছতহে প্ৰকৃতাৰ্থত ভাৰতে স্বাধীনতা লাভ কৰিলে। দেশৰ স্বাধীনতাক লৈ এনেদৰে তীৰ্যক মন্তব্য কৰাৰ পাছতো কিন্তু অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে 'টু' শব্দ এটাও নকৰিলে বিজেপি শাসিত কেন্দ্ৰ চৰকাৰে। কংগনাৰ মুখত কোনেও লেকাম নলগোৱাৰ বাবে একপ্ৰকাৰ লাই পাই তেওঁ ইটোৰ পিছোত সিটো উদ্ভট মন্তব্য কৰি গৈ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে