--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে এইবাৰ লক্ষ্য কৰি ল'লে জাতিৰ পিতা মহাত্মা গান্ধীক৷ মহাত্মা গান্ধীৰ অহিংস নীতিক চৰম তাচ্চিল্য কৰি পুনৰ বিতৰ্কত সোমাই পৰিল কংগনা। মহাত্মা গান্ধীৰ এটি জনপ্ৰিয় নীতি হ'ল-''তোমাক যদি এখন গালত কোনোবাই চৰ মাৰে তেন্তে আনখন গালো পাতি দিবা।'' এই নীতিৰে বাপুজীয়ে মানুহক অহিংসাৰ শিক্ষা দিছিল। মঙলবাৰে ‘অহিংসা পৰম ধৰ্ম’ক তাচ্চিল্য কৰি কংগনাই কয় যে, ''আনখন গাল পাতি দিলে ভিক্ষাহে পাই স্বাধীনতা নাপায়৷ ১৯৪৭ চনত দেশে লাভ কৰা স্বাধীনতা ব্ৰিটিছে দিয়া ভিক্ষা আছিল৷ মহাত্মা গান্ধীয়ে আমাক শিকাইছিল যে, কোনোবাই এখন গালত চৰ মাৰিলে আনখন গাল পাতি দিব লাগে৷ এইদৰেই স্বাধীনতা পোৱাতো অসম্ভৱ৷ এনেকৈ কোনেও স্বাধীনতা পাব নোৱাৰে, ভিক্ষাহে পাব৷''

যিগৰাকী মহাত্মা গান্ধীৰ নেতৃত্বত দেশে স্বাধীনতা লাভ কৰিছিল সেইগৰাকী মহাত্মা গান্ধীকে তুচ্চ-তাচ্ছিল্ল্য কৰিবলৈ স্পৰ্ধা কৰা কংগনাক নাকী লগাব কোনে? দেশক লৈ ইটোৰ পিছত সিটো বিতৰ্কিত মন্তব্য কৰা কংগনা কেন্দ্ৰৰ বিজেপি চৰকাৰৰ মদদপুষ্ট নেকি বুলিও উঠিছে সন্দেহৰ আঙুলি। বিতৰ্কিত মন্তব্যৰ বাবেই টুইটাৰ কৰ্তৃপক্ষই ইতিমধ্যেই কংগনাৰ একাউণ্ট ব্লক কৰি দিছে।অনবৰতে ৰাজনৈতিকভাবে সক্ৰিয় মন্তব্য কৰি সৰৱ হৈ থকা কংগনাক লৈ শেহতীয়াকৈ আলোচনা চলিছে যে ৰাজনৈতিক পথাৰত খোজ দিব নেকি কংগনা ৰাণাৱটে। ইটোৰ পিছত সিটো ৰাজনৈতিক মন্তব্য কৰি থকা কংগনাই হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে নেকি বুলিও চলিছে চৰ্চা। কেন্দ্ৰত নৰেন্দ্ৰ মোদী শাসনত থাকিলে কংগনা ৰাণাৱটৰ সেই সপোন পূৰণ হ'ব পাৰে বুলিও অনেক লোকৰ মনলৈ ধাৰণা আহিছে।

আৰু পঢ়কঃ ৰিয়েল লাইফৰ ‘গজিনী’! প্ৰতি ৬ ঘণ্টাৰ মূৰে মূৰে সকলো কথা পাহৰি পেলায় এইজন যুৱকে

অভিনেত্ৰী আৰু ৰাজনৈতিক ক্ষেত্ৰখনৰ সম্পৰ্ক বহু গভীৰ। অভিনেত্ৰী জয়াললিতা, জয়া বচ্চন, জয়া প্ৰদা, হেমা মালিনী, স্মৃতি ইৰাণী আদিয়ে ৰাজনৈতিক পথাৰত সফলতাৰ খোজ দি নজিৰ সৃষ্টি কৰিছে, তেনেক্ষেত্ৰত এইসকল অভিনেত্ৰীৰ পাছে পাছে কংগনা ৰাণাৱটেও বাট বোলাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলি চৰ্চা আৰম্ভ হৈছে। কংগনা ৰাণাৱটৰ লক্ষ্য কি সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষ্যণীয়।

উল্লেখযোগ্য যে পদ্মশ্ৰী পোৱাৰ পাছতেই কংগনাই কৈছিল যে ''ভাৰতবৰ্ষই ১৯৪৭ চনত স্বাধীনতা পোৱা নাছিল, পাইছিল ২০১৪ চনতহে।'' অনেক বীৰৰ ত্যাগ, শৌৰ্য, পৰাক্ৰমেৰে ১৯৪৭ চনত বৃটিছৰ কবলৰ পৰা মুক্ত হৈ ভাৰতে লাভ কৰা স্বাধীনতাক এনেদৰে কৈ একপ্ৰকাৰ ভেঙুচালি কৰিছিল বলীউড অভিনেত্ৰী কংগনা ৰাণাৱটে। ২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে দেশৰ শাসনভাৰ লোৱাৰ পাছতহে প্ৰকৃতাৰ্থত ভাৰতে স্বাধীনতা লাভ কৰিলে। দেশৰ স্বাধীনতাক লৈ এনেদৰে তীৰ্যক মন্তব্য কৰাৰ পাছতো কিন্তু অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে 'টু' শব্দ এটাও নকৰিলে বিজেপি শাসিত কেন্দ্ৰ চৰকাৰে। কংগনাৰ মুখত কোনেও লেকাম নলগোৱাৰ বাবে একপ্ৰকাৰ লাই পাই তেওঁ ইটোৰ পিছোত সিটো উদ্ভট মন্তব্য কৰি গৈ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক